ETV Bharat / state

Diesel price Hike: পুনৰ প্ৰতিলিটাৰ ডিজেলত দাম বৃদ্ধি পালে 51 পইচাকৈ

author img

By

Published : Apr 19, 2023, 9:35 AM IST

বিহুৰ বতৰত আকৌ ৰাজ্যবাসীৰ মূৰত মাধমাৰ চৰকাৰৰ ৷ পুনৰ দাম বৃদ্ধি পালে ডিজেলৰ ৷ ডিজেলৰ দাম বৃদ্ধিৰ পাচতেই ৰাজ্যবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Diesel price hike in Assam) ৷

Diesel price Hike
Diesel price Hike

নিউজ ডেস্ক, 19 এপ্ৰিল: ইতিমধ্যেই অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ লগতে পেট্ৰ’পণ্যৰ অত্যাধিক দাম বৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক (Price Hike in Assam) ৷ এইবাৰ বিহুৰ বতৰতে পুনৰ দাম বাঢ়িল ডিজেলৰ ৷ আজিৰে পৰা প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে 51 পইচাকৈ (Diesel price hike in Assam) ৷ পূৰ্বে প্ৰতিলিটৰ ডিজেলৰ দাম আছিল 88.56 টকা ৷ কিন্তু এতিয়া প্ৰতিলিটাৰ ডিজেলৰ দাম হ’ল গৈ 89.07 টকা ৷

দাম বৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যবাসীৰ মূৰত এতিয়া পুনৰ পৰিল আন এক মাধমাৰ ৷ যাক লৈ এতিয়া ৰাজ্যাবাসীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ পেট্ৰ’পণ্যৰ আকাশলংঘী দাম বৃদ্ধিয়ে ৰাইজৰ মনত সৃষ্টি কৰিছে ক্ষোভৰ ৷ মন কৰিবলগীয়া যে, মাত্ৰ কেইদিনমান পূৰ্বে বৃদ্ধি পাইছিল টোল কৰ ৷ তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি আকৌ বৃদ্ধি পালে ডিজেলৰ দাম ৷ মুঠৰ ওপৰত এতিয়া নিজৰ বাহনেৰে যাতায়ত কৰাটো হৈ পৰিছে অত্যন্ত ব্যয়বহুল (Toll tax increase) ৷

সামগ্ৰীৰ দাম বৃদ্ধি ৰোধৰ বাবে ৰাজ্যবাসীয়ে বাৰে বাৰে চৰকাৰক আবেদন জনাই অহাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ৷ বৰঞ্চ হিতাধিকাৰী সৃষ্টিৰে চমক সৃষ্টি কৰি সাধাৰণ ৰাইজক যেন মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে চৰকাৰে ৷ ইফালে, ব্যয় সংকোচনৰ ক্ষেত্ৰতো কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে ৷ শ শ কোটি টকাৰ ঋণ লৈ ৰাইজৰ মূৰত কেৱল ধাৰৰ বোজাহে জাপি দিছে চৰকাৰে (Assam govt in debt) ৷

শেহতীয়াকৈ পুনৰ 100 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ সেই ঋণৰ বাবে প্ৰদান কৰিবলগীয়া হোৱা সুদৰ ধন ৰাইজৰ মূৰত দামবৃদ্ধিৰ মাধমাৰ শোধাই আদায় কৰিছে চৰকাৰে ৷ তথ্য অনুসৰি ৰাজ্যৰ বিজেপি চৰকাৰখনে বিগত সাত বছৰত কেৱল সুদ পৰিশোধৰ নামতেই ৩৪,২৭৪.৫৯ কোটি টকা ব্যয় কৰিছে । মন কৰিবলগীয়া কথা যে, ৰাজ্যত 15 বছৰ শাসন চলোৱাৰ পাচত প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে মুঠ ৩৫,৬৯০ কোটি টকাৰ ঋণৰ বোজা এৰি থৈ গৈছিল । কিন্তু ২০১৬ চনত ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাচত এই ঋণৰ বোজা বৃদ্ধি হৈ সম্প্ৰতি 1 লাখ 32 হেজাৰ কোটি টকা হৈছেগৈ (Total loan Amount of Assam Government)।

লগতে পঢ়ক: Ankita Dutta: এইবোৰ কথাক লৈ আৰু ৰৌজাল-বৌজাল হ’ব নালাগে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.