ETV Bharat / state

গুৱাহাটীৰ মূৰ্গীৰ বজাৰত মূল্যবৃদ্ধিৰ জুই: আঁৰত কোন ? - ল্যবৃদ্ধিৰ জুইয়ে ম্লান পেলাইছে ভোগালী বিহুৰ উচ্ছাহ

অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুটিলৈ মাজত মাত্ৰ 3 টা দিন বাকী ৷ কৰ'ণা আৰু বাৰ্ডফ্লুৰ প্ৰতিকূল পৰিৱেশৰ মাজতে অসমবাসীয়ে পালন কৰিব বাপতি সাহোন বিহুটি ৷

price-hike-at-guwahati-chicken-market-before-magh-bihu
গুৱাহাটীৰ মূৰ্গীৰ বজাৰত মূল্যবৃদ্ধিৰ জুইঃ আঁৰত আৰক্ষী!
author img

By

Published : Jan 9, 2021, 10:48 PM IST

Updated : Jan 10, 2021, 10:39 AM IST

গুৱাহাটী,9 জানুৱাৰী: সমাগত ভোগৰ উৎসৱ ভোগালী বিহু ৷ ভোগালীক আদৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি ৷ কিন্তু মেজিৰ জুই জ্বলাৰ আগেয়ে এতিয়া বজাৰত জ্বলা মূল্যবৃদ্ধিৰ জুইয়ে ম্লান পেলাইছে ভোগালী বিহুৰ উছাহ-উদ্দীপনা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ বজাৰতো অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকৰ চকু কপালত তুলিছে ৷ শুকুৰবাৰে ৰাজ্যৰ পশুপালন বিভাগৰ সচিবে বাৰ্ড ফ্লুৰ বাবে অসমলৈ বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰৰ আমদানি তাৎক্ষণিকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতে মহানগৰীৰ হাঁহ-কুকুৰা বজাৰত হোৰাহোৰে বাঢ়িছে দাম ৷ ইতিমধ্যেই দেশৰ বিভিন্ন ৰাজ্যত একপ্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই বাৰ্ড ফ্লুৱে ৷

গুৱাহাটীৰ মূৰ্গীৰ বজাৰত মূল্যবৃদ্ধিৰ জুই

আনহাতে, হাঁহ-কুকুৰাৰ মূল্যবৃদ্ধিৰ প্ৰসংগত ইটিভি ভাৰতৰ আগত একাংশ মাংসৰ ব্যৱসায়ীয়ে জনোৱা অনুসৰি চুবুৰীয়া জিলাৰ পৰা গুৱাহাটীলৈ অহা হাঁহ-কুকুৰাৰ গাড়ীসমূহৰ পৰা আৰক্ষীৰ লোকে বিভিন্ন অজুহাত দেখুৱাই 100 ৰ পৰা 300 টকা পৰ্যন্ত সংগ্ৰহ কৰে ৷ ফলত তাৰ মূল্য ভৰিবলগীয়া হয় সাধাৰণ নাগৰিকে ৷ মাংসৰ মূল্যবৃদ্ধিৰ আঁৰতো যে আৰক্ষীৰ লোক জড়িত হৈ আছে সেই কথা কেমেৰাৰ সন্মুখত অকপটে স্বীকাৰ কৰে ব্যৱসায়ীসকলে ৷

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি কৰাৰ চেষ্টা কৰিছে চীনেঃ উপেন্দ্ৰ প্ৰসাদ সিং

Last Updated : Jan 10, 2021, 10:39 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.