গুৱাহাটী,16 ছেপ্তেম্বৰ: অসমৰ ওপৰত কেন্দ্ৰৰ ৰঙা চকু আজিৰ নহয় । প্ৰতিখন কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চাই আহিছে । অসমৰ ভূ-খণ্ডত বিজেপি চৰকাৰে কা বলৱৎ কৰি অবৈধ বাংলাদেশীৰ বোজা জাপি দিব বিচাৰিছে । এনে আত্মঘাতী সিদ্ধান্তত হাত উজান দিছে ৰাজ্য চৰকাৰে । এই অভিযোগ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ।
ৰাজ্য চৰকাৰে শেহতীয়াকে গ্ৰহণ কৰা কেতবোৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে বুধবাৰে এইদৰে সৰৱ হোৱা দেখা যায় সংগঠনটোৰ নেতৃবৰ্গক । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সংগঠনটোৱে অভিযোগ উত্থাপন কৰে সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ৷ জাতি-মাটি-ভেটিৰ কথা কৈ অসমবাসীক প্ৰতাৰণা কৰিছে সোণোৱালে । অসমৰ ৰাইজক গৃহবন্দী কৰি ইখনৰ পাছত সিখনকৈ টোলগেট স্থাপন কৰি জন সাধাৰণৰ পৰা ধন সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে ৷
কা আন্দোলনৰ সময়ত পাঁচগৰাকী ব্যক্তি শ্বহীদ হোৱাৰ পাছতো চৰকাৰে এবাৰলৈও জাতিৰ স্বাৰ্থৰ কথা নাভাবি মাঁথো গাদী বচোৱাৰ চেষ্টাহে কৰিছে বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃবৰ্গই ৷ আনহাতে,এনআৰচি-ৰ প্ৰসংগতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পৰিষদে । এনআৰচি-ৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ এটা বছৰ পাৰ হোৱাৰ পিছতো কিন্তু অসমীয়া জাতিৰ ৰক্ষা কৱচ প্ৰস্তুত নহ’ল ।