আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ চূড়ান্ত ইংগিত - অসম জাতীয় পৰিষদ
কা' আন্দোলনৰ পটভূমিত জন্ম হোৱা আঞ্চলিক শক্তি সমূহ ঐক্যবদ্ধ হোৱাৰ দেওবাৰে এক চূড়ান্ত ইংগিত পোৱা গ'ল ৷ এক সংবাদমেল সম্বোধন কৰি ৰাইজ দলৰ তৰফৰ পৰা অসম জাতীয় পৰিষদ দললৈ মিত্ৰতা প্ৰস্তাৱ প্ৰেৰণ কৰা কথা জানিবলৈ দিয়ে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভস্কো ডি শইকীয়াই ৷ পোনচাতে ক'বলৈ গ'লে AJP আৰু ৰাইজ দলৰ মিত্ৰতা ক্ষেত্ৰত প্ৰথম খোজ দিলে ৰাইজৰ দলে ৷
গুৱাহাটী, 17 জানুৱাৰী : নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা সন্দৰ্ভত দেওবাৰে এক চূড়ান্ত ইংগিত পোৱা গ'ল ৷ সৰ্বত্ৰে চৰ্চাত থকা এই মিত্ৰতা সন্দৰ্ভত প্ৰথম খোজ আগবঢ়ালে অসমত নিকা আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ লক্ষৰে নতুনকৈ জন্ম হোৱা ৰাজনৈতিক শক্তি ৰাইজৰ দলে ৷ কিয়নো অসম জাতীয় পৰিষদ দলক মিত্ৰতা প্ৰস্তাৱ আগবঢ়ালে ৰাইজৰ দলে ৷
দেওবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰা হয় ৷ উক্ত সংবাদমেলতে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই ৰাইজৰ দলৰ তৰফৰ পৰা অসম জাতীয় পৰিষদ দলৈ মিত্ৰতা প্ৰস্তাৱ আগবঢ়োৱা কথা সাংবাদিকক জানিবলৈ দিয়ে ৷
সাংবাদিকক সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে কয়, 21 ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ দলৰ ফালৰ পৰা AJP লৈ মিত্ৰতা প্ৰস্তাৱ সম্বলিত এখন পত্ৰ প্ৰেৰণ কৰা হৈছে ৷ দোষী সাব্যস্ত নোহোৱাকৈয়ে এবছৰো অধিক কাল কাৰাৰুদ্ধ অখিল গগৈৰ আহ্বান মৰ্মে AJPৰ সভাপতি লগতে দলৰ আন আন নেতৃত্বলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি শইকীয়াই জানিবলৈ দিয়ে ৷
'BJP ত উৎখাত কৰাৰ স্বাৰ্থতেই আমি মিত্ৰতাৰ পাশত আৱদ্ধ হ’ব খুজিছো ৷ ঐক্যবদ্ধ আঞ্চলিক শক্তি উত্থান হোৱালৈ অসমবাসীয়ে আশাৰে বাট চাই আছে ৷ অখিল গগৈয়েও বাৰে বাৰে কৈ আছিল এখন পতাকা, এটা প্ৰতীক আৰু এটা দলৰ কথা ৷ কিন্তু কাৰ্যক্ষেত্ৰত সেয়া সম্ভৱ হৈ নুঠিলেও আমি মিত্ৰতাৰে সেয়া সম্ভৱ কৰি তুলিম ৷' সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয় ৷
ইয়াৰ বিপৰীতে অন্যান্য ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা প্ৰসংগতো ভাস্কো ডি শইকীয়াই স্পষ্ট মন্তব্য প্ৰকাশ কৰে ৷ কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাষ্ট্ৰীয়তাবাদী দলৰ লগত ৰাইজ দলৰ মিত্ৰতা নহয় বুলি স্পষ্ট মত প্ৰকাশ কৰি শইকীয়াই BJP আৰু AIUDF দলক লক্ষ্য কৰি হয় ৷ তেওঁ কয়, AIUDF আৰু BJP দুয়োটা দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷
উল্লেখ্য যে, 21 ৰ নিৰ্বাচমৰ সময়লৈকে যদি অখিল গগৈ কাৰাৰুদ্ধ হৈ থাকে তেনেহ'লে কাৰাগাৰৰ পৰাই কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৷ আজিৰ সংবাদমেলত সন্দৰ্ভতো এক চূড়ান্ত ইংগিত প্ৰদান কৰিলে ভাস্কো ডি শইকীয়াই ৷ অসমৰ ৰাইজৰ আহ্বান মৰ্মে শিৱসাগৰ আৰু টীয়ক সমষ্টিৰ পৰা 21ৰ নিৰ্বাচন প্ৰতিদ্বন্দিতা কৰিব পাৰে অখিলে ৷ ইয়াৰ সামন্তৰালভাৱে বিজেপি চৰকাৰে অখিল গগৈক ভয় কৰি কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি ৰাইজৰ দলৰ হৈ ভস্কো ডি শইকীয়াই পুনৰবাৰ ক্ষোভ প্ৰকাশ কৰে ৷
ইফালে, এই বিষয়ত সাংবাদিকক সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷ AJP ৰ নেতা জনৰ মুখৰ ভাষাতো দুয়োটা দলৰ মিত্ৰতা সন্দৰ্ভত এটা স্পষ্ট ইংগিত পোৱা যায় ৷ AJPৰ সভাপতি গৰাকীয়ে কয়, মিত্ৰতাৰ ক্ষেত্ৰত প্ৰস্তাৱ প্ৰেৰণৰ কোনো কথাই নাহে, মিত্ৰতা হ'ব স্বাভাবিক ৷ লগতে আন আন দলৰ সৈতে মিত্ৰতা ক্ষেত্ৰতো ৰাইজৰ মতৰ দৰে একে মত প্ৰকাশ কৰা দেখা লুৰিণজ্যোতি গগৈয়ে ৷
সাংবাদিকৰ প্ৰশ্ন উত্তৰত AJP ৰ সভাপতি গৰাকীয়ে কয়, সাম্প্ৰদিয়কতাবাদৰ লগত জড়িত কোনো দলৰ লগতে অসম জাতীয় পৰিষদ দলৰ মিত্ৰতা নহয় ৷ ৰাইজৰ দলৰ লগত আমাৰ মিত্ৰতা হ'ব ৷ ইতিমধ্যে ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনত মিত্ৰতা সন্দৰ্ভত AJP ৰ নেতাই স্পষ্ট মত প্ৰকাশ কৰিছিল ৷ আলোচনা আৰু পৰ্যায় ক্ৰমে অসম জাতীয় পৰিষদ দলে মিত্ৰতা ক্ষেত্ৰত আগবাঢ়িব বুলিও লুৰিণজ্যোতি গগৈয়ে মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক : অৰ্ধনগ্ন নৃত্য পৰিবেশনৰ লগত জড়িত আছে বিজেপিৰ নেতা !