ETV Bharat / state

১৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলে - কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া

নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল সম্বোধন । বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত দলটোৰ । মুঠ ১৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলে ।

১৮ টা সমষ্টিত ৰাইজৰ দল
১৮ টা সমষ্টিত ৰাইজৰ দল
author img

By

Published : Mar 6, 2021, 1:44 PM IST

গুৱাহাটী,৬ মাৰ্চ: অসম জাতীয় পৰিষদ দলৰ লগত মিত্রতা কৰা ৰাইজৰ দলে শনিবাৰে ঘোষণা কৰিলে দুটা পৰ্যায়ৰ আসনৰ সংখ্যা । দলটোৱে ১৮ টা সমষ্টিত প্ৰদান কৰিব নিজৰ প্ৰাৰ্থী । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাইজৰ দলে ১৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব । মিত্রদল অসম জাতীয় পৰিষদে শুকুৰবাৰে নিশা ১৮ টা সমষ্টিত নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে শনিবাৰে ৰাইজৰ দলেও সমষ্টিৰ সংখ্যা ঘোষণা কৰে । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰতিটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজৰ দলে ।

শনিবাৰে ৰাইজৰ দলৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত সমষ্টিৰ সংখ্যাৰ কথা ঘোষণা কৰে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই । মুঠ ১৮ টা সমষ্টিৰ ভিতৰত প্ৰথম পৰ্যায়ত ১২ টা আৰু দ্বিতীয় পৰ্যায়ত ৬ টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা ৰাইজৰ দলে । স্মৰ্তব্য যে,দলটোৱে সংবাদমেলত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই যদিও শনিবাৰে বিয়লি ভাগলৈ ঘোষণাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.