গুৱাহাটী, 25 জুন : সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ সন্তুষ্ট নহয় ৰাইজৰ দলৰ নেতৃবৃন্দ ৷ দেওবাৰে ৰাইজৰ দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে কয় যে, এইবাৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকা নিৰপেক্ষ হৈ থকা নাই ৷ ক’ৰবাত তেখেতসকল চৰকাৰৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ কিয়নো নিৰ্বাচন আয়োগৰ ওপৰত কেন্দ্ৰীয় বিজেপি, ৰাজ্যিক বিজেপি তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ পৰিছে বুলি কয় ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে ৷
সাম্প্ৰদায়িক মনোভাৱেৰে খচৰা প্ৰস্তুত কৰা নিৰ্বাচন আয়োগে নিজৰে গাইডলাইনক অৱমাননা কৰিছে বুলি কয় সাধাৰণ সম্পাদক গৰাকীয়ে ৷ তেওঁ লগতে কয় যে, কোকৰাঝাৰবাসীয়ে চাৰিটা সমষ্টি পাব লাগে ৷ কিন্তু তেওঁলোকক দিয়া হৈছে পাঁচটা সমষ্টি ৷ লক্ষীমপুৰৰ ক্ষেত্ৰত সংখ্যালঘুসকলক ভাগ ভাগ কৰিবৰ বাবেই সমষ্টি এটা বঢ়াই দিয়া হৈছে বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নেতাজনে ৷ তেওঁ পুনৰ কয় যে, ধুবুৰী জিলাত সমষ্টিৰ সংখ্যা হ'ব লাগিছিল 7 টা কিন্তু খচৰাত সমষ্টি নিৰ্ধাৰণ কৰিছে 6 টা ৷ সংখ্যালঘুৰ অধিকাৰ খৰ্ব কৰিবৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনে সিদ্ধান্ত লোৱা বুলি ব্যক্ত কৰে ৰাইজৰ দলৰ নেতা গৰাকীয়ে ৷
নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ অসন্তুষ্ট ৰাইজৰ দলৰ নেতা গৰাকীয়ে কয়, ভাৰতীয় নিৰ্বাচন আয়োগে কিহৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে ৷ খচৰা তালিকাখন ভালকৈ চালে এনে লাগে যেন এইখন ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা নাই; বিজেপিয়েহে প্ৰস্তুত কৰিছে ৷ একপক্ষীয়ভাৱে সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰস্তুত কৰা এই তালিকাখনক ৰাইজৰ দলে কেতিয়াও মানি ল'ব নোৱাৰে বুলি সংবাদমেলত তেওঁ ব্যক্ত কৰে ৷