ETV Bharat / state

পোষ্টেল বেলট সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ সংবাদমেল - Election update

মঙলবাৰে দিছপুৰত আয়োজন কৰা এখন সংবাদমেলত পোষ্টেল বেলট সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ সংবাদমেল ৷ প্ৰথমবাৰৰ বাবে অসমত ৮০ বছৰৰ ঊৰ্দ্ধৰ ২,৯০,২৩৮ গৰাকী, বিশেষভাৱে সক্ষম ১,৩৩,৭৮৯ গৰাকী আৰু ক'ভিড আক্ৰান্ত ২৮৯ লোকে ঘৰতে থাকি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।

পোষ্টেল বেলট সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ সংবাদমেল

author img

By

Published : Mar 2, 2021, 8:05 PM IST

গুৱাহাটী,২ মাৰ্চ: এইবাৰৰ নিৰ্বাচনত পোষ্টেল বেলট প্ৰক্ৰিয়াৰ ক্ষেত্রত কিছু সাল-সলনি কৰা হৈছে। মঙলবাৰে দিছপুৰত আয়োজন কৰা এখন সংবাদমেলত এই বিষয়ে সবিশেষ সদৰি কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই। এইবাৰ প্ৰথমবাৰৰ বাবে পূৰ্বৰ ব্যৱহাৰকাৰীৰ উপৰিও বিশেষভাৱে সক্ষম, ৮০ বছৰৰ ঊৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ক'ভিড আক্ৰান্ত ভোটাৰৰ বাবে পোষ্টেল বেলেটৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে।

অসমত ৮০ বছৰৰ ঊৰ্দ্ধৰ ২,৯০,২৩৮ গৰাকী, বিশেষভাৱে সক্ষম ১,৩৩,৭৮৯ গৰাকী আৰু ক'ভিড আক্ৰান্ত ২৮৯ গৰাকী ভোটাৰ আছে। এই তিনিটা ভাগত থকা মুঠ ৪,২৪,৩১৬ গৰাকী ভোটাৰে ঘৰতে থাকি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এইসকল ভোটাৰে পোষ্টেল বেলেটৰ বাবে ৬ মাৰ্চৰ ভিতৰত প্ৰমান পত্রসহ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত আবেদন দাখিল কৰিব পাৰিব।

যিসকল ব্যক্তিয়ে পোষ্টেল বেলত পাব তেওঁলোকে পুনৰাই পুলিং চেণ্টাৰত ভোট দিয়াৰ সুবিধা নাপাব। পোষ্টেল বেলেটৰ সুবিধা ল'ব বিচৰা ভোটাৰসকলৰ ঘৰে ঘৰে গৈ বুথ পৰ্যায়ৰ বিষয়াসকলৰ দ্বাৰা প্ৰ-পত্র ১২(ঘ) বিতৰণ আৰু প্ৰাপ্তি স্বীকাৰ সংগ্ৰহ কৰিব লাগিব।

লগতে পঢ়ক: জনতাৰ কণ্ঠ: তিনিচুকীয়া সমষ্টিৰ উন্নয়নৰ খতিয়ান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.