ETV Bharat / state

কংগ্ৰেছ এটা ক্লাব আৰু ভূপেন বৰা ক্লাবৰ সভাপতি : এআইইউডিএফ

author img

By

Published : Apr 9, 2022, 10:10 AM IST

গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত এআইইউডিএফ-ৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলাম আৰু কৰিমউদ্দিন বৰভূঞা (AIUDF organize a press meet in Guwahati) ই অংশগ্ৰহণ কৰি কংগ্ৰেছক তুলা-ধূনা দিয়ে ৷ ৰমজানৰ পাচত ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ । মুখ্যমন্ত্ৰীৰ বাহিৰে মন্ত্ৰীসভাত এজনো দক্ষ মন্ত্ৰী নাই । জনসংখ্যা নিয়ন্ত্ৰণৰ এটাই ঔষধ ‍আৰু সেয়া হৈছে শিক্ষা ।

AIUDF organize a press meet in Guwahati
গুৱাহাটীত এআইইউডিএফৰ সংবাদমেল

গুৱাহাটী, 9 এপ্ৰিল : কংগ্ৰেছৰ খোৱা-কামোৰাৰ ৰাজনীতিয়ে এআইইউডিএফ-ক লাভৱান কৰিব । কংগ্ৰেছ এইদৰে চলি থাকিলে 2024 ৰ লোকসভা নিৰ্বাচন(Lok Sabha election 2024) ত অসমত শূন্য হ'ব‍ আৰু 2026 ৰ বিধানসভা নিৰ্বাচনত ছিংগল নম্বৰত থাকিব । এই ভৱিষ্যতবাণী এআইইউডিএফ-ৰ সাধাৰণ সম্পাদক তথা বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ ।

শুকুৰবাৰে দিছপুৰৰ চৰকাৰী আৱাসত এআইইউডিএফ-ৰ দুই সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলাম আৰু কৰিমউদ্দিন বৰভূঞাই এখন সংবাদমেল সম্বোধন কৰে (AIUDF organize a press meet in Guwahati) । সংবাদমেলত বিধায়ক বৰভূঞাই কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, কংগ্ৰেছৰ লিগেল নটিছৰ আমাৰ পৰা উত্তৰ দিয়া হৈছে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়‍াই অনা অভিযোগৰ উত্তৰ দিয়‍া হৈছে ।

গুৱাহাটীত এআইইউডিএফৰ সংবাদমেল

বিজেপি আৰু কংগ্ৰেছে যি কৈছিল, তাকে তেওঁ কোৱা বুলি উল্লেখ কৰি তেওঁ কয়, আমাৰ এটাও ভোট নষ্ট হোৱা নাই । আমি ভোট দিবলৈ যোৱাৰ আগতেই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ভোট নষ্ট হোৱা আৰু বিজেপিক দিয়াৰ কথা মুকলিকৈ কৈছিল । তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থীক হৰুৱাইছে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক : শীঘ্ৰেই জিলা হিচাপে ঘোষিত হ'ব বোকাজান আৰু হাওৰাঘাট : তুলিৰাম ৰংহাং

নেতৃত্বৰ বাবে কংগ্ৰেছৰ মাজত কাজিয়া চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, সমগ্ৰ দেশতে কংগ্ৰেছৰ অৱস্থা থৰক-বৰক । তেওঁ কংগ্ৰেছ দলক এটা 'ক্লাব'ৰ লগত তুলনা কৰি ভূপেন বৰাক ক্লাবৰ সভাপতি অভিহিত কৰে । আনহাতে, বিজেপি চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ বাহিৰে মন্ত্ৰীসভাত এজনো দক্ষ মন্ত্ৰী নাই ।

মন্ত্ৰীসকলক অদক্ষ আখ্যা দি তেওঁ কয় যে, লোক নিৰ্মাণ বিভাগক বাদ দি কোনো এটা বিভাগতে এজনো মন্ত্ৰী সফল হ'ব পৰা নাই তথা কোনো কাম নিয়াৰিকৈ হোৱা নাই । সকলোতে ব্যাপক খেলিমেলি হৈছে । এআইইউডিএফ দলে ৰাইজৰ হৈ কাম কৰিব বুলি সদৰী কৰি তেওঁ কয় যে, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আমি ওলাই আহিম ।

লগতে পঢ়ক : Om Birla in Guwahati: পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ

জনসংখ্যা নিয়ন্ত্ৰণৰ এটাই ঔষধ ‍আৰু সেয়া হৈছে শিক্ষা । মুখ্যমন্ত্ৰীয়ে যদি সঁচাই অসমৰ কথা চিন্তা কৰে, তেন্তে মুছলমান বসতি প্ৰধান অঞ্চলত শিক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক । সংবাদমেলত বিধায়ক আমিনুল ইছলামে কয় যে, ৰমজানৰ পাচতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব । দুৰ্নীতিত লিপ্ত হৈ থকা চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ।

আনহাতে, মূল্যবৃদ্ধিৰ প্ৰসংগতো তল পেলোৱাৰ বাবে বৰ্তমান আজান, হিজাব আদিৰ প্ৰসংগ অনা হৈছে বুলি তেওঁ কয় । ইফ‍ালে বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ ভাই টোগাড়িয়াই ধুবুৰীত 12 লাখ বাংলাদেশী আছে বুলি কৰা মন্তব্যক লৈ তেওঁ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে, অসমৰ ইতিহাস বিকৃত কৰিব বিচৰা হৈছে ।

অসমীয়া জাতিৰ মাজত বিভেদ আনিব বিচৰা হৈছে আৰু ইয়াৰ আঁৰত চৰকাৰী পৃষ্ঠপোষকতা আছে । চৰকাৰে সাম্প্ৰদায়িকতাৰ নামত দেশ চলাব বিচাৰিছে বুলি অভিযোগ কৰি তেওঁ কয় যে, ধৰ্মীয় উন্মাদনাৰে পৰিৱেশ উত্তপ্ত কৰিব বিচৰা হৈছে ।

লগতে পঢ়ক : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ গৰুখুটি কৃষি প্ৰকল্প পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.