ETV Bharat / state

অতিথিক কিদৰে আদৰিব লাগে সেয়া অসমীয়াৰ পৰা শিকা উচিত: ৰামনাথ কোবিন্দ - ৰামনাথ কোবিন্দ গুৱাহাটী

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণৰ আজি প্ৰথমটো দিন (Ram Nath Kovinds Assam visit) ৷ প্ৰথমদিনটোত ৰাষ্ট্ৰপতিগৰাকীয়ে অমসবাসীৰ পৰা লাভ কৰা আদৰণিত আপ্লুত হৈ ক’লে, ‘‘অতিথিক কিদৰে আদৰিব লাগে সেয়া সমগ্ৰ দেশে অসমীয়া মানুহৰ পৰা শিকা উচিত।‘‘ অসমীয়াতে ক’লে, ‘‘অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ ৷‘‘ অসমীয়াৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ’ল দেশৰ প্ৰথমগৰাকী নাগৰিক (Ram Nath Kovid appreciates Assamese peoples) ৷

Ram Nath Kovid appreciates Assamese peoples
অতিথিক কিদৰে আদৰিব লাগে সেয়া অসমীয়াৰ পৰা শিকা উচিত: ৰামনাথ কোবিন্দ
author img

By

Published : Feb 25, 2022, 8:32 PM IST

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী: "একমাত্ৰ বীৰ লাচিত বৰফুকনৰ পৰাক্ৰম আৰু দুৰ্জেয় সাহসৰ বাবেই অনেকবাৰ চেষ্টা চলায়ো ভাৰতবৰ্ষৰ এই অঞ্চল মোগলে দখল কৰিবলৈ সক্ষম নহ'ল ।" শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এইদৰে মন্তব্য কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । একেটা অনুষ্ঠানতে ৰাষ্ট্ৰপতিগৰাকীয়ে কামৰূপ জিলাৰ দদৰাত স্থাপন হ’বলগীয়া আলাবৈ ৰণৰ স্মাৰক আৰু যোৰহাটৰ হোলোঙাপাৰত স্থাপন হ’বলগীয়া লাচিত বৰফুকনৰ সমাধিৰ স্মাৰক ক্ষেত্ৰৰো ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে (Ram Nath Kovinds Assam visit)।

নিজৰ চমু ভাষণত দেশৰ সাংবিধানিক মুৰব্বী গৰাকীয়ে অসমীয়া জাতিৰ স্বাভিমান আৰু অতিথিপৰায়ণতাৰ শলাগ লৈ কয় যে, অতিথিক কিদৰে আদৰিব লাগে সেয়া সমগ্ৰ দেশে অসমীয়া মানুহৰ পৰা শিকা উচিত (Ram Nath Kovid appreciates Assamese peoples)। তেওঁ আৰু কয় যে, ভাৰতৰ ইতিহাসত আমি যিসকল মহান যোদ্ধাক শ্ৰদ্ধা সহকাৰে স্মৰণ কৰি আহিছো সেইসকলৰ ভিতৰত এজন হ'ল লাচিত বৰফুকন । ইতিমধ্যে ১৯৯১ চনৰ পৰা পুনেৰ নেশ্যনেল ডিফেঞ্চ একাডেমীত প্ৰতি বছৰে শ্ৰেষ্ঠ ছাত্ৰগৰাকীক লাচিত বৰফুকন স্বৰ্ণ পদক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ।

শুকুৰবাৰৰ এই অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীক অসমীয়া পৰম্পৰাৰে আদৰণি জনায় ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । ৰাষ্ট্ৰপতি কোবিন্দক গুৰুজনাৰ বৃন্দাৱনী বস্ত্ৰৰ এখন ছবি আৰু বীৰ লাচিত বৰফুকনৰ এখন বিশাল ছবি মুখ্যমন্ত্ৰীয়ে উপহাৰ হিচাপে প্ৰদান কৰে ।

ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি গৰাকীয়ে মন্তব্য কৰে যে, লাচিত বৰফুকনৰ এই বিশাল ছবিখন তেওঁ ৰাষ্ট্ৰপতি ভৱনৰ সংগ্ৰহালয়ত স্থাপনৰ ব্যৱস্থা কৰিব । অসমীয়াতে ভাষণ আৰম্ভ কৰি ৰাষ্ট্ৰপতি কোবিন্দে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু ভূপেন হাজৰিকাকো স্মৰণ কৰে । তেওঁৰ ভাষণত স্থান পায় অসমীয়া জাতিৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰয়ো ।

লগতে পঢ়ক: Police on high alert: ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণক লৈ তৎপৰ আৰক্ষী-প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.