ETV Bharat / state

Diwali 2023: দিব্যাংগৰ চাকিৰে পোহৰ কৰক আপোনাৰ ঘৰ - দিব্যাংগৰ চাকিৰে পোহৰ কৰক আপোনাৰ ঘৰ

পোহৰৰ উৎসৱ দীপাৱলীক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক উৎসাহ-উদ্দীপনা । ব্যতিক্ৰম নহয় মহানগৰী গুৱাহাটীও। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এটা বেচৰকাৰী সংস্থাই প্ৰতিবছৰৰ দৰে এইবাৰো হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ । দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৰং-তুলিকাৰে সজাই-পৰাই তুলিছে মাটিৰ চাকি ।

Preparation of earthen lamps by Specially abled student
দিব্যাংগৰ চাকিৰে পোহৰ কৰক আপোনাৰ ঘৰ
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 5:08 PM IST

দিব্যাংগৰ চাকিৰে পোহৰ কৰক আপোনাৰ ঘৰ

গুৱাহাটী,১১ নৱেম্বৰ: কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী । ৰাজ্যৰ চৌদিশে দীপাৱলীৰ ব্যাপক ব্যস্ততা । সমানে বৃদ্ধি পাইছে দীপাৱলীৰ উৎসাহ-উদ্দীপনা । বিপণি ভৰি পৰিছে মাটিৰ চাকিৰ সমান্তৰালকৈ ৰঙীণ লাইটেৰে । ফটকা-আতচবাজী ক্ৰয় কৰাত ব্যস্ত প্ৰতিগৰাকী । দীপাৱলীৰ সন্ধ্যা পোহৰ কৰি তুলিবলৈ সাজু সকলো ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীতো বৃদ্ধি পাইছে উৎসাহ-উদ্দীপনা । মহানগৰীৰো প্ৰতিখন বিপণিত এতিয়া মাটিৰ চাকি, ৰঙীণ লাইট তথা আতচবাজীৰ পয়োভৰ । ইয়াৰ মাজতে প্ৰতিবছৰে দীপাৱলী উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে এক বিশেষ প্ৰতিষ্ঠানে । দীপাৱলী উপলক্ষে মহানগৰীত এজাক বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে মাটিৰ চাকি ৰং তুলিকাৰে সজাই পৰাই বিক্ৰীৰ ব্যৱস্থা কৰিছে ।

বিগত বছৰবোৰৰ দৰে বেচৰকাৰী সংস্থা শিশু সাৰথিত এইবাৰো দীপাৱলী উপলক্ষে ছাত্ৰ-ছাত্ৰীয়ে ৰং তুলিকাৰে সজাই-পৰাই তৈয়াৰ কৰি উলিয়াইছে ৫ হাজাৰ মাটিৰ চাকি । ইতিমধ্যে প্ৰায়বোৰ চাকি বিক্ৰী হৈছে বুলি জানিবলৈ দিয়ে বেচৰকাৰী সংস্থাটোৰ কৰ্তৃপক্ষই । বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলেও মাটিৰ চাকি ৰং-তুলিকাৰে সজাই তুলি আনন্দ লাভ কৰিছে বুলি মনৰ ভাৱ প্ৰকাশ কৰে ।

শিশু সাৰথিত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকল যাতে আগলৈ গৈ আত্ম নিৰ্ভৰশীল হব পাৰে তাৰ বাবে বৃত্তিমুখী প্ৰশিক্ষণ দিয়া হয় বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই । বৃত্তিমুখী প্ৰশিক্ষণৰ অংশ হিচাপে, প্ৰতি বছৰৰ দৰে এইবাৰো দীপাৱলীৰ বাবে চাকিৰ ৰং-তুলিকা বোলাই প্ৰস্তুত কৰি উলিয়াইছে । এইবাৰ প্ৰায় ৩০ জন ছাত্ৰ-ছাত্ৰীয়ে ৫ হাজাৰ চাকি প্ৰস্তুত কৰি উলিয়াইছে । চাকিৰ বাবে বিভিন্ন স্থানৰ পৰা অৰ্ডাৰো আহিছে বুলি জানিব পৰা গৈছে । ছাত্ৰ-ছাত্ৰীসকলো ইয়ালৈ আহি খুব ভাল পায় বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Fake doctor arrested: মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.