গুৱাহাটী, 12 মাৰ্চঃ বিশ্বজুৰি এতিয়া আতংকৰ কাৰক হৈ পৰিছে কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID 19ৰ । যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নজনে অৱলম্বন কৰিছে ভিন্ন পন্থা । বুধবাৰে মহানগৰীৰ কামাখ্যা মন্দিৰটো বিশেষ পূজা-অৰ্চনা কৰা হয় । নয়ন মালাকৰ নামৰ এগৰাকী লোকৰ লগতে কামাখ্যাবাসী ৰাইজে কামাখ্যৰ চিন্ন্যা মস্থা মন্দিৰত আগবঢ়াই পূজাভাগ । তাৰোপৰি বলি আৰু হোম যজ্ঞও কৰি কৰ'ণাৰ পৰা মুক্ত কৰি ৰাখিবলৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰে সকলোৱে । বিশ্বৰ বিভিন্ন প্ৰান্তত সংক্ৰমণ হোৱা এই ভাইৰাছৰ যাতে অসমত প্ৰভাৱ নপৰে তাৰেই কামনা কৰিছে কামাখ্যাবাসীয়ে । ইফালে গুৱাহাটীৰ ভিন্ন স্থানৰ ভক্তই এই পূজাত ভাগ লোৱাৰ লগতে দেৱীৰ আশীষ লয় ।
আৰু পঢ়কঃ বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিজেপি বিপিএফৰ বাকযুদ্ধ