গুৱাহাটী, 17 অক্টোবৰ : বিজেপি(BJP)লৈ ৰাওনা হ’ল কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ(Paban Singh Ghatowar)ৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ(Pranjal Ghatowar) ৷ দেওবাৰে বিয়লি ভাগত হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(Bhabesh Kalita)ৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিব প্ৰাঞ্জল ঘাটোৱাৰে ৷
প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি দলত যোগদানে কংগ্ৰেছ দল(Congress)টোত পুনৰ খহনীয়াৰ ছবি প্ৰতিফলিত কৰিছে ৷ প্ৰাঞ্জল ঘাটোৱাৰ হৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপ-সভাপতি । পিতৃ পৱন সিং ঘাটোৱাৰ আৰু মাতৃ জীৱনতাৰা ঘাটোৱাৰৰ কংগ্ৰেছ দলত আছে এক সুকীয়া স্থান ৷
প্ৰাঞ্জলৰ পিতৃ পৱন সিং ঘাটোৱাৰ বৰ্তমান অসম চাহ মজদুৰ সংঘৰ সভাপতি পদত অধিষ্ঠিত । চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত ঘাটোৱাৰ পৰিয়ালৰ বিশেষ জনপ্ৰিয়তা আছে আৰু পৰিয়ালটোৱে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি আহিছে । উল্লেখ্য যে, পাঁচটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনে বিশেষ তাৎপৰ্য বহন কৰিছে ।
কিয়নো উপ-নিৰ্বাচন হ’বলগীয়া থাওৰা আৰু মৰিয়নী সমষ্টিত চাহ জনগোষ্ঠীয় ভোটৰ প্ৰভাৱ আছে । তেনেস্থলত প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদান কংগ্ৰেছ দলৰ বাবে বৃহৎ ক্ষতি ৰূপে চিহ্নিত হোৱাৰ সম্ভাৱনা আছে ৷ ইফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰেও বিজেপিত যোগদান কৰিব বুলি ব্যাপক চৰ্চা চলি আছিল ।
কিন্তু এই চৰ্চাৰ মাজতে পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰেহে বিজেপি দলত যোগদান কৰাতো নিশ্চিত হৈছে । আনহাতে, পৰৱৰ্তী সময়ত পিতৃ পৱন সিং ঘাটোৱাৰে বিজেপিলৈ গমন কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ প্ৰাঞ্জল ঘাটোৱাৰৰ উপৰিও প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী পৃথ্বী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝি আৰু ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰেও বিজেপি দলত যোগদান কৰিব ৷
লগতে পঢ়ক : কণ্ঠশিল্পী বিপিন চাউদাঙৰ ফিচাৰী পাৰ্ক পৰিদৰ্শন দুই মন্ত্ৰীৰ