ETV Bharat / state

Pranab Baruwa Artist Award 2021: নগালেণ্ডৰ প্ৰসিদ্ধ চিত্ৰশিল্পী বুদ্ধি থাপালৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা - ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়

২২ খন একক চিত্ৰ প্ৰদর্শনীৰ উপৰিও ৭০ খনতকৈয়ো অধিক দলীয় প্ৰদর্শনী আৰু কৰ্মশালাত অংশ গ্ৰহণ কৰা বুদ্ধি থাপলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা (Pranab Baruwa Artist Award) । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়(Ministry of Culture Government of India)ৰ চিনিয়ৰ ফেল’শ্বিপ লাভ কৰি ২০১৩ চনৰ পৰা ২০১৫ চনৰ কালছোৱাত নগা জনগোষ্ঠীসমূহৰ আকর্ষণীয় সাজসজ্জা আৰু সমৃদ্ধ সাংস্কৃতিক উপাদান সমূহৰ এলানি চিত্ৰ অংকন কৰি থাপাই (Nagaland Artist Buddhi Thapa) বিশেষ সমাদৰ লাভ কৰে ।

Nagaland Artist Buddhi Thapa
নগালেণ্ডৰ প্ৰসিদ্ধ চিত্ৰশিল্পী বুদ্ধি থাপালৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা
author img

By

Published : Dec 31, 2021, 8:59 PM IST

গুৱাহাটী, ৩১ ডিচেম্বৰ : নাগালেণ্ডৰ শিল্পী বুদ্ধি থাপালৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ প্ৰণৱ বৰুৱা বঁটা (Pranab Baruwa Artist Award 2021)। চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষাৰ্থ কৰা প্ৰয়াত চিত্ৰ শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধানাৰ স্বীকৃতি স্বৰূপে প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে ।

২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্ৰহ্মা, বেণু মিশ্ৰ, নীলপৱন বৰুৱা, আদ্য শর্মা, বীৰেণ সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জীতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্ৰহ্ম, ত্ৰৈলোক্য দত্ত, চালেহা আহমেদ, কন্দর্প নাথ শর্মা, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্ৰ এম থেম, ত্ৰিপুৰাৰ শিল্পী চিন্ময় ৰয়, মিজোৰামৰ চিত্ৰশিল্পী ট্ৰাং ৰখুমা আৰু অৰুণাচল প্ৰদেশৰ চিত্ৰ আৰু ভাস্কর্য শিল্পী টাকাৰ ৰিবাক প্ৰদান কৰা হৈছে ।

এই বঁটাত আছে এটি সুদৃশ্য স্মাৰকৰ সৈতে এখনি প্ৰশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা ।

উল্লেখ যে, ১৯৫৩ চনৰ ৬ অক্টোবৰত নাগালেণ্ডৰ কহিমাত জন্ম গ্ৰহণ কৰা শিল্পী বুদ্ধি থাপা (Nagaland Artist Buddhi Thapa) ই কহিমাতে স্কুল আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰে । ১৯৭৬ চনৰ পৰা ১৯৮১ চনলৈ কলকতাৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ত অধ্যয়ন কৰি তেওঁ সুকুমাৰ কলাৰ স্নাতক ডিগ্ৰী আহৰণ কৰে । তেওঁৰ পিতৃয়ে প্ৰথম বিশ্বযুদ্ধৰ পিছত বৃটিছ সেনাবাহিনীৰ পৰা স্বেচ্চামূলক অৱসৰ লৈ কহিমাতে স্থায়ীভাৱে থাকিবলৈ লয় ।

নগা ভূমিতে জন্ম আৰু ডাঙৰ দীঘল হোৱা বুদ্ধি থাপা স্বাভাৱিকভাৱেই নগা সকলৰ সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে আৱেগিকভাৱে জড়িত হৈ পৰে । সুদীর্ঘ কাল নগালেণ্ডত অব্যাহত বিদ্ৰোহী কার্যকলাপ, কঠিন সামাজিক-ৰাজনৈতিক পৰিস্থিতি আৰু সাধাৰণ জনতাৰ সুখ দুখৰ চাক্ষুস অভিজ্ঞতা তেওঁৰ চিত্ৰকৰ্মত প্ৰতিফলিত হৈছে । তেওঁৰ Cosmic আৰু Mother Nature শীর্ষক চিত্ৰকর্ম সমূহৰ লগতে বিভিন্ন নৃগোষ্ঠীয় প্ৰতিকৃতিসমূহে দেশে বিদেশে কলা ৰসিকৰ উচ্চ প্ৰশংসা লাভ কৰিছে ।

২২ খন একক চিত্ৰ প্ৰদর্শনীৰ উপৰিও ৭০ খনতকৈয়ো অধিক দলীয় প্ৰদর্শনী আৰু কৰ্মশালাত তেওঁ অংশ গ্ৰহণ কৰিছে । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিনিয়ৰ ফেল’শ্বিপ লাভ কৰি ২০১৩ চনৰ পৰা ২০১৫ চনৰ কালছোৱাত তেওঁ নগা জনগোষ্ঠীসমূহৰ আকর্ষণীয় সাজসজ্জা আৰু সমৃদ্ধ সাংস্কৃতিক উপাদান সমূহৰ এলানি চিত্ৰ অংকণ কৰি বিশেষ সমাদৰ লাভ কৰে ।

নগালেণ্ডত চিত্ৰ কলা চৰ্চাৰ এক সুস্থ পৰিৱেশ গঢ় দিয়াৰ প্ৰয়াস কৰা শিল্পী বুদ্ধি থাপাক ২০২০ চনত নগালেণ্ড চৰকাৰে ৰাজ্যপালৰ বিশেষ বঁটাৰে সন্মানিত কৰিছে । এইগৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা ।

লগতে পঢ়ক : Sahitya Akademy Award 2021 : বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.