ETV Bharat / state

বাঘজানৰ ক্ষতিগ্ৰস্তক সহায় কৰি আদৰ্শ গাঁও গঢ়াৰ দাবী প্ৰফুল্ল কুমাৰ মহন্তৰ - চৰকাৰ

ভৱিষ্যতে যাতে আৰু বাঘজানৰ দৰে ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰ,অইল ইণ্ডিয়াকে ধৰি সকলো পক্ষকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । বৃহস্পতিবাৰে এখন সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

pressmeet on Baghjan
pressmeet on Baghjan
author img

By

Published : Jun 18, 2020, 7:55 PM IST

গুৱাহাটী, ১৮ জুন : বাঘজানৰ দৰে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰ,অইল ইণ্ডিয়াকে ধৰি সকলো পক্ষকে সজাগ হৈ থাকিবলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ । বৃহস্পতিবাৰে এখন সংবাদমেলত ভাগ লৈ মহন্তই কয়- "১৫ তাৰিখে তিনিচুকীয়ালৈ গৈছিলো বাঘজানৰ পৰিস্থিতিৰ বুজ ল'বলৈ । বিশেষজ্ঞ-বিষয়াসকলে নিষ্ঠাৰে কাম কৰি আছে "। তেওঁ আৰু কয় যে,জিলা প্ৰশাসনৰ মতে অঞ্চলটোৰ ১৬টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ।

pressmeet on Baghjan
প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল

'আটছা'ই ক্ষতিগ্ৰস্ত অঞ্চল আৰু লোকসকলৰ বাবে জনোৱা দাবীসমূহৰ প্ৰতি তেওঁৰ পূৰ্ণ সমৰ্থন আছে বুলিও মহন্তই প্ৰকাশ কৰে । তেওঁ কয় যে,অধিক ক্ষতিগ্ৰস্ত সকলক সহায় কৰি আদৰ্শ গাঁও গঢ়ি তুলিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । ভৱিষ্যতে যাতে এনে বিপদৰ পুনৰাবৃত্তি নহয় তাৰবাবে চৰকাৰ সতৰ্ক হ'ব লাগে । লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু চৰকাৰে আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহৰ সমাধান কৰিব লাগে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : ডুমডুমা নগৰৰ মাজমজিয়াত নিচাসক্ত এম্বুলেঞ্চ চালকৰ অতপালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.