ETV Bharat / state

জালুকবাৰীৰ পঞ্চায়তত বৃহৎ কেলেংকাৰী - president

চতুৰ্দশ বিত্তীয় আয়োগ শিতান (14th Finance commission Fund), বিত্তীয় অনুজ্ঞাপত্ৰ শিতান (Trade License Fund) ৰ অধীনত চৰকাৰৰ ফালৰ পৰা যোগান ধৰা ট্ৰেড লাইচেন্সৰ পুঁজি আত্মসাৎৰ অভিযোগ লাচিতগড়ৰ গাওঁ পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস আৰু প্ৰাক্তন সভাপতি যাদৱ হালদাৰৰ বিৰুদ্ধে ৷

জালুকবাৰীৰ লাচিতগড়ৰ গাওঁ পঞ্চায়ত লাখ টকাৰ কেলেংকাৰী
author img

By

Published : Jul 23, 2019, 4:19 PM IST

কামৰূপ, 23 জুলাইঃ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাওঁ 80 নং লাচিতগড়ৰ গাওঁ পঞ্চায়তত সংঘটিত হোৱা এক বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷ এই তথ্য ফাদিল কৰি পঞ্চায়ত খনৰে সদস্যা কল্যানী বড়োই অভিযোগ আনিছে সভাপতি প্ৰদীপ দাস আৰু প্ৰাক্তন সভাপতি যাদৱ হালদাৰৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, 14th Finance commission Fund, Trade License Fund ৰ অধীনত চৰকাৰৰ ফালৰ পৰা 2016-17 বৰ্ষত 23,15,565 টকা আৰু 2017-18 বৰ্ষত 26,75,413 টকা ট্ৰেড লাইচেন্সৰ নামত যোগান ধৰা হৈছিল ৷ কিন্তু এই সমুদায় ধন কাৰ্যত পৰিণত নহ'ল ৷ তাৰ পৰিৰ্বতে প্ৰায় 500 ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান থকা পঞ্চায়তখনৰ অন্তৰ্গত প্ৰতিখন ব্যৱসায়িক দোকানৰ পৰা ট্ৰেড লাইচেন্সৰ নামত ৰচিদত পাঁচ হাজাৰ টকা পৰ্যন্ত লিখি কেলেংকাৰী সংঘটিত কৰে ৷ পঞ্চায়তৰ বেংক পাচবুকৰ তথ্য অনুযায়ী বছৰটোত ট্ৰেড লাইচেন্সৰ নামত 1,20,549 টকা সংগ্ৰহ কৰা হৈছিল ৷

জালুকবাৰীৰ লাচিতগড়ৰ গাওঁ পঞ্চায়ত লাখ টকাৰ কেলেংকাৰী

ইয়াৰোপৰি ৰেচন কাৰ্ড কেলেংকাৰীৰ লগতো পঞ্চায়ত সভাপতি দুগৰাকী জড়িত থকাৰ অভিযোগ আছে ৷ অভিযোগ মতে, প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অধিকাংশ ব্যক্তিক ধনৰ বিনিময়ত 2 ৰ পৰা 3 খনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিছিল ৷ ইফালে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে পঞ্চায়ত সভাপতি প্ৰদীপ দাসৰ ৰোষত পৰিছে ৱাৰ্ড সদস্য কল্যানী বড়ো । সৰ্বসন্মত সিদ্ধান্তৰ পিছতো RTI কৰাৰ বাবে কল্যানী বড়োক পঞ্চায়তৰ উপ সভাপতি পদত অধীনস্থ নকৰিলে সভাপতি প্ৰদীপ দাসে ।

সততে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ কথা কোৱা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সমষ্টিৰ অন্তৰ্গত পঞ্চায়তত সংঘটিত হোৱা এই দুৰ্নীতিৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

Intro:*SLUG= AMINGAON PANCHYAT BIG SCAM*

👉জালুকবাৰী সমষ্টিৰ লাচিত গড় পঞ্চায়তত বৃহৎ কেলেংকাৰী ।
👉৩৬ লাখ টকা হৰলুকিক লৈ পঞ্চায়তত হাহাকাৰ ।
👉পঞ্চায়ত সভাপতিয়ে হৰলুকি কৰাৰ অভিযোগ খুদ পঞ্চায়ত সদস্যাৰ ।
👉সমগ্ৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী সমষ্টীবাসীয়ে ।

Body:

*SCRIPT=* জালুকবাৰী সমষ্টিৰ পঞ্চায়তত এইবোৰ কি চলিছে । কেনেদৰে চলিছে আমিনগাওঁ ৮০নং লাচিতগড়ৰ গাওঁ পঞ্চায়ত । দুৰ্নীতিয়ে চানি ধৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এইখন পঞ্চায়ত । এই তথ্য ফাদিল কৰিলে খোদ ৮০ নং লাচিতগড় গাওঁ পঞ্চায়তৰ সদস্যা কল্যানী বড়োই । পঞ্চায়ত দুৰ্নীতিৰ ভয়ংকৰ অভিযোগ ৮০নং লাচিতগড় গাওঁ পঞ্চায়তৰ সভাপতি প্ৰদীপ দাসৰ আৰু পূৰ্বৰ সভাপতি যাদৱ হালদাৰৰ বিৰুদ্ধে । ক'লৈ যায় 14th FINANCE COMMISSION FUND, TRADE LICENSE FUNDৰ বৃহৎ অংকৰ ধন । চৰকাৰী তথ্য অনুযায়ী 14th FINANCE COMMISSION FUNDৰ তৰফৰ পৰা উন্নয়নৰ বাবে আহিছিল ২০১৬-১৭ বৰ্ষত ২৩,১৫,৫৬৫ টকা , আৰু ২০১৭-১৮ বৰ্ষত ২৬,৭৫,৪১৩ টকা । কিন্তু এই সমুদায় টকাৰ কাম কিন্তু দেখা নাপালে আমিনগাওঁৰ ৰাইজে । এই চাঞ্চল্যকৰ তথ্য ফাদিল কৰিলে খোদ পঞ্চায়ত সদস্য কল্যানী বড়োই । ইফালে ব্যাৱসায়িক প্ৰতিষ্ঠানেৰে ভৰপুৰ এইখন পঞ্চায়তৰ অধীনস্থ প্ৰায় ৫০০ শতাধিক প্ৰতিষ্ঠান । কিন্তু ট্ৰেড লাইচেন্সৰ নামত পোৱা ধনৰ বৃহৎ অংক কাৰ পকেটত সোমাই । আমাৰ হাতত ট্ৰেড লাইচেন্স কেলেংকাৰীৰ অডিও ৰেকৰ্ডিং । ট্ৰেড লাইচেন্সৰ নামত ৰচিদত পাঁচ হাজাৰ লিখি ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা লয় ১৮-২০ টকা পৰ্যন্ত । পঞ্চায়তৰ বেংক পাচবুকৰ তথ্য অনুযায়ী বছৰটোত ট্ৰেড লাইচেন্সৰ নামত পাইছে ১,২০,৫৪৯ টকা । আমিনগাওঁ বাসী ৰাইজৰ ৰেচন কাৰ্ড কেলেংকাৰীৰ অভিযোগ ৮০ নং লাচিতগড় গাওঁ পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস আৰু পূৰ্বৰ সভাপতি যাদৱ হালদাৰৰ বিৰুদ্ধে । প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অধিকাংশক ব্যক্তিক ধনৰ বিনিময়ত প্ৰদান কৰিছে ২ৰ পৰা ৩খনকৈ ৰেচন কাৰ্ড । তথ্য জনাৰ অধিকাৰ আইনৰ জড়িয়তে এই ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে পঞ্চায়ত সভাপতি প্ৰদীপ দাসৰ ৰোষত পৰিল ৱাৰ্ড সদস্য কল্যানী বড়ো । সৰ্বসন্মত সিদ্ধান্তৰ পিছতো RTI কৰাৰ বাবে পঞ্চয়তৰ VICE PRESIDENT পদত অধিনস্থ নকৰিলে সভাপতি প্ৰদীপ দাসে । ভাবুকিৰ সন্মুখীন হৈ আতংকিত ৱাৰ্ড সদস্য গৰাকী । Conclusion: প্ৰশ্ন হয় সততে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ অন্তৰ্গত এই পঞ্চায়তখনত সংঘটিত দুৰ্নীতিয়ে কিহৰ ইংগিত বহন কৰিছে । সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত কি ব্যৱস্থা গ্ৰহন কৰিব পঞ্চায়তখনৰ বিষয়ববীয়া সকলৰ বিৰুদ্ধে সেয়াহে লক্ষনীয় হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.