ETV Bharat / state

Prabin Boro Joins Congress: কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হ’ল প্ৰবীণ বড়ো

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 3:38 PM IST

কংগ্ৰেছত যোগদানৰ এদিনৰ পাছতেই গুৰু দায়িত্ব অৰ্পন প্ৰবীণ বড়োক ৷ প্ৰাক্তন আছু নেতাগৰাকীক অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাবে নিযুক্তি দিয়া হয় ৷

Prabin Boro Joins Congress
প্ৰবীণ বড়োক জ্যষ্ঠ মুখপাত্ৰ হিচাবে নিযুক্তি কংগ্ৰেছৰ

নিউজ ডেস্ক, 12 অক্টোবৰ: বুধবাৰে কংগ্ৰেছ দলত যোগ দিয়া প্ৰবীণ বড়োক প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাবে নিযুক্তি দিয়া হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক(সংগঠন) বিপুল গগৈয়ে সভাপতিৰ নিৰ্দেশক্ৰমে বৃহস্পতিবাৰে নৱাগত প্ৰবীণ বড়োক এই দায়িত্ব ন্যস্ত কৰে ৷

উল্লেখ্য যে, বুধবাৰে প্ৰবীণ বড়ো আৰু প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাসহ এটা বৃহৎ দলে কংগ্ৰেছত যোগদান কৰিছিল ৷ এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত থকা প্ৰবীণ বড়োৱে অগপত যোগদান কৰি সেই দলৰো জ্যেষ্ঠ মুখপাত্ৰ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আনকি বৰমা বিধানসভা সমষ্টিৰ পৰাও প্ৰতিদ্বন্দিতা কৰিছিল বড়োৱে ৷ অৱশ্যে বেছিদিনৰ বাবে তেওঁ অগপত নাথাকিল ৷ অগপ ত্যাগ কৰি তেওঁ যোগদান কৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলত ৷ পৰৱৰ্তী সময়ত মহিলাৰীৰে হোৱা সংঘাতৰ পৰিণতিত বি পি এফ দল ত্যাগ কৰি প্ৰায় ডেৰ বছৰ ধৰি কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ নথকা প্ৰবীণ বড়োৱে বুধবাৰে আনুষ্ঠানিকভাৱে যোগ দিয়ে কংগ্ৰেছত ৷ যোগদানৰ ঠিক এদিনৰ পাছতেই আজি তেওঁক দলৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাবে নিযুক্তি দিয়াৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য হিচাবেও অন্তৰ্ভুক্ত কৰা হয় ৷

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে বুধবাৰে দুপৰীয়া বড়োৱে কংগ্ৰেছত যোগ দিয়াৰ পাছতেই নিশাৰ ভাগলৈ ৰাজহুৱা হয় কংগ্ৰেছৰ এখন ৰহস্যজনক প্ৰাৰ্থীৰ তালিকা ৷ 14 টা লোকসভা সমষ্টিৰ বাবে এই তালিকাত সৰ্বমুখ 84 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম দেখা যায় ৷ উক্ত পেনেলত কোকৰাঝাৰ সমষ্টিৰ বাবে অন্তৰ্ভুক্ত হয় প্ৰবীণ বড়োৰ নাম ৷ নিঃসন্দেহে আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে এইগৰাকী প্ৰাক্তন আছু নেতাই কংগ্ৰেছ দলত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ সমান্তৰালভাৱে জাতীয়তাবাদী শিৱিৰৰ নেতাৰূপে পৰিচিত প্ৰবীণ বড়োক লৈও যথেষ্ট আশাবাদী প্ৰদেশ কংগ্ৰেছ ৷

লগতে পঢ়ক: Memorandum to Governor : কাৰ্বি আংলঙৰ 1000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ হস্তান্তৰৰ দুৰ্নীতিৰ তদন্তৰ দাবী দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.