গুৱাহাটী, 27 অক্টোবৰ : প্ৰায় তিনিহাজাৰ বছৰীয়া এক সভ্যতাক আগবঢ়াই অনা এক শিল্পৰ নাম মৃৎ শিল্প। শতিকাৰ পিছত শতিকা জুৰি এই শিল্পৰ সাধনাই কাৰ্যতঃ প্ৰতিনিধিত্ব কৰি আহিছে মানুহৰ চিন্তা-চেতনা কিম্বা নৈপুন্যক। আধুনিকতাও স্বীকাৰ কৰি লৈছে এই শিল্পৰ মহত্বক। কিন্তু তাৰ পিছতো অসমৰ দৰে ঠাইত অবহেলাৰ বলি এই শিল্পৰ সাধক সকল।
![pottery-status-of-the-artisans](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9329135_mrit5.jpg)
ৰাজ্যৰ প্ৰায় প্ৰতি প্ৰান্তৰতে থকা মৃৎ শিল্পী সকলৰ আজি পানীত হাঁহ নচৰা অৱস্থা । প্লাষ্টিকৰ ব্যবহাৰৰ অপ্ৰতিৰোধ্য গতি, চৰকাৰী নীতিৰ অভাৱত ক্ৰমাৎ জীৱিকাহীন হৈ পৰিছে ৰাজ্যৰ প্ৰায় পোন্ধৰ হাজাৰৰো অধিক কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ মৃৎ শিল্পী । ৰাজ্যৰ ৰাজধানী মহানগৰী গুৱাহাটীৰ পৰা মাত্ৰ 35 কিলোমিটাৰ নিলগৰ ডিমু অঞ্চলৰ এখন গাঁৱৰ নাম চনমাগুৰি। ইয়াৰ হীৰাপাৰা চুবুৰীৰ প্ৰায় আটাইকেইটা পৰিয়ালৰে জীৱন জীবিকা আছিল মাটিৰ পাত্ৰ তৈয়াৰ কৰা। এই মানুহখিনি কেতিয়াৰে পৰা কেনেদৰে এই শিল্পৰ লগত জড়িত হৈ পৰিছিল সেয়া আজি ঢুকি নোপোৱা অতীত। পৰম্পৰাগত ভাবে এই অঞ্চলৰ লোক সকলে জীৱন-জীবিকাৰ আধাৰ হিচাবে লৈ আহিছে মৃৎ শিল্প চৰ্চাক। সমাগত দীপাৱলিৰ বাবে এইবাৰো এই অঞ্চলৰ শিল্পী সকল ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত। 'দেৱালী আগে আগে আমি মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰো। বাকী সময়তো আমি কলহ, মাটিৰ চৰিয়া, ধূনা চাকি আদি প্ৰস্তুত কৰো যদিও আৰ্থিক ভাবে বিশেষ একো লাভ নহয় ।' - এই মন্তব্য বাসন্তী হীৰাৰ। এই কথা কেবল এগৰাকী মৃৎ শিল্পীৰেই নহয় । ই টি ভিৰ আগত কেইবাগৰাকীও মৃৎ শিল্পীয়ে প্ৰকাশ কৰা মতে প্লাষ্টিকৰ আগ্ৰাসন আৰু সময়ৰ লগত খোজ মিলাই আগবাঢ়িব নোৱাৰাৰ বাবেই তেওঁলোকৰ পৰম্পৰাগত জীবিকা আজি অন্ধকাৰৰ গ্ৰাসত। চৰকাৰ-প্ৰশাসন এই বিলুপ্তপ্ৰায় শিল্প সংস্কৃতিৰ প্ৰতি আজি নিৰুবিগ্ন । স্থানীয় যুবক তথা মৃৎ শিল্পী প্ৰমোদ চন্দ্ৰ দাসৰ মতে এই অঞ্চলৰ শিল্পী সকল সময়ৰ লগত আগবাঢ়ি যাবলৈ ডিজাইন আৰু বিপননৰ ক্ষেত্ৰত কৰিব লগা বহু কাম আছে। আৰু এনে কামৰ বাবে বিভিন্নজনৰ সমৰ্থনৰ প্ৰয়োজন আছে।
![pottery-status-of-the-artisans](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9329135_mrit4.jpg)
উল্লেখ্য, এই গাওঁ খনৰ প্ৰায় পছিশ গৰাকী মহিলা শিল্পীয়ে এতিয়াও নিৰবিচ্চিন্নভাৱে মাটিৰ পাত্ৰ প্ৰস্তুতৰ কামত ব্যস্ত আছে। বহু প্ৰতিকূলতাৰ মাজতো এয়া আশাৰ কথা। আই আই টি গুৱাহাটীৰ গৱেষকৰ এক শেহতীয়া গৱেষণা অনুসৰি অসমৰ মৃৎ শিল্প তথা ভাস্কৰ্যৰ ইতিহাস তিনিহাজাৰ বছৰ পূৰণি। গুৱাহাটীৰ আমবাৰীৰ ভাস্কৰ্যৰ ইতিহাস দুহেজাৰ সাত শ বছৰ পুৰনি। স্বাভাবিকতেই এই ইতিহাসৰ লগত জড়িত হৈ আছে প্ৰজন্মৰ পিছৰ প্ৰজন্মৰ চিন্তা-চেতনা, কৰ্ম কূশলতাৰ অতীত বৰ্তমান আৰু ভবিষ্যৎ। কিন্তু এই বিশাল ক্ষেত্ৰখনৰ প্ৰসাৰ আৰু উন্নয়নৰ বাবে চৰকাৰ প্ৰশাসন কিম্বা অন্যান্য সংস্থা সমূহৰ নিৰুবিগ্নতাৰ আঁৰত আছে নেকি কোনো স্বাৰ্থন্বেষী চক্ৰৰ ৰনচালি ! ই এক ডাঙৰ প্ৰশ্ন ।
লগতে পঢ়ক: প্ৰসংগ মিঞা সংগ্ৰহালয়ঃ সাহিত্যিক-অধিবক্তাৰ প্ৰতিক্ৰিয়া