গুৱাহাটী, ৫ আগষ্ট : ৰাম মন্দিৰৰ শিলান্যাসৰ দিনটোত বুধবাৰে কেইবাগৰাকীও কৰ সেৱকক মিঠাই খুৱাই সম্বৰ্ধনা জনায় পৰিমল শুক্লবৈদ্যই । এই মুহূৰ্তটোত উপনীত হ’বলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৰ্মস্থলী, জন্মস্থলী কাছাৰ জিলাৰ ধলাই সমষ্টিৰ পৰা বহুকেইজন কৰসেৱক 1992 চনৰ সেইখিনি সময়ত প্ৰভু শ্ৰীৰামৰ বাবে আত্মবলিদান দিবলৈ কৰসেৱাৰ উদ্দেশ্য অযোধ্যালৈ গৈছিল ।
![porimal suklabadyo celebrate ayodhya bhumipujon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-parimal-falicited-kar-sewak-7206058_05082020212431_0508f_1596642871_699.jpg)
পৱিত্ৰ মুহূৰ্তত সেইসকল কৰসেৱকক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজেই একোখনকৈ অংগবস্ত্ৰ, একোখনকৈ ৰামনামী কাপোৰ আৰু একোখনকৈ ৰামায়ণ, মহাভাৰত আৰু গীতাৰ দৰে পৱিত্ৰ ধৰ্মগ্ৰন্থৰে সন্মান জনায় । ইয়াৰ লগতে ধলাই সমষ্টিৰ যিসকল কৰসেৱকে এই আনন্দৰ মুহূৰ্ত উপভোগ কৰিবলৈ সংসাৰত নাই সেইসকলকো মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাষলৈ গৈ মিঠাই খুৱাই পৰম প্ৰতীক্ষিত সুমধুৰ ক্ষণৰ আনন্দৰ ভাগবটোৱাৰা কৰে ।
![porimal suklabadyo celebrate ayodhya bhumipujon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-parimal-falicited-kar-sewak-7206058_05082020212431_0508f_1596642871_190.jpg)
শেষত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি ভাৰতী মাৰ যি সপোন পূৰণ হ’ল সেই সপোন পূৰণ হোৱাৰ শুভক্ষণত সকলোকে একত্ৰিত হৈ এই গৌৰৱৰ মুহূৰ্ত অনুভৱ কৰি নিজকে ভগৱান শ্ৰীৰামচন্দ্ৰৰ সুপুত্ৰ হিচাপে ধৰি লৈ জয় শ্ৰীৰাম বুলি ক’বলৈ আহ্বান জনায় ।
লগতে পঢ়ক : শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষঃ জ্বলিল কেবাখনো বাহন