ETV Bharat / state

Assam State Zoo : কেনে অৱস্থাত আছে অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশৰ দেৱাল ?

author img

By

Published : Apr 29, 2023, 8:02 PM IST

ব্যস্ত মহানগৰী, ব্যস্ত ৰাজপথ ৷ সকলো ব্যস্ত নিজ নিজ কৰ্মত ৷ পিছে এনে ব্যস্ততাৰ মাজতো আপুনি বা মই কেতিয়াবা খবৰ ৰাখিছো নে, কেনে অৱস্থাত আছে অসম ৰাজ্যিক চিৰিয়াখানাখন (Assam State Zoo) ? সবিশেষ এই প্ৰতিবেদত...

Assam State Zoo
কিমান সুৰক্ষিত অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশৰ দেৱালবোৰ

কেনে অৱস্থাত আছে অসম ৰাজ্যিক চিৰিয়াখানাখন

গুৱাহাটী, 29 এপ্ৰিল : ATTENTION, ৰাজ্যৰ বনমন্ত্ৰী ৷ আপুনি বাৰু খবৰ ৰাখিছেনে বৰ্তমান কেনে অৱস্থাত আছে অসম ৰাজ্যিক চিৰিয়াখানাখন ? যদিহে আপুনি জ্ঞাত নহয়, তেন্তে আজিৰ এই প্ৰতিবেদনলৈ মন কৰক ৷ কেনে অৱস্থাত আছে অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰ চ’ৰা (Assam State Zoo) ?

আপুনি জ্ঞাত যে ডাঙৰ ডাঙৰ বন্ধ পিঞ্জৰাত আৱদ্ধ হৈ আছে বহু হিংস্ৰ জীৱ-জন্তু ৷ অসম ৰাজ্যিক চিৰিয়াখানাখনৰ চাৰিওকাষে আছে প্ৰকাণ্ড আকাৰৰ চৌপাশৰ দেৱাল ৷ কিন্তু চিৰিয়াখানাখনৰ কিমান ভিতৰলৈকে আছে এই দেৱালসমূহ ? কিমান সুৰক্ষিত অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশৰ এই দেৱালবোৰ ?

তথ্য অনুসৰি, বিগত প্ৰায় 8 টা বছৰে জৰাজীৰ্ণ অৱস্থাত আছে অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশৰ দেৱালসমূহ (Poor condition of Assam State Zoo) । যাৰ বাবে প্ৰতিদিনে শংকাত ভুগিব লগাত পৰিছে স্থানীয় বাসিন্দাসকল । বছৰ বছৰ ধৰি একেদৰে পৰিত্যক্ত অৱস্থাত পৰি আছে চিৰিয়াখানাৰ পকী দেৱালখন । যাৰ বাবে অম্বিকাগিৰী নগৰ আৰু কৃষ্ণ নগৰৰ ৰাইজে শংকাত জীৱন অতিবাহিত কৰিব লগাত পৰিছে ।

জানিব পৰা মতে, কৃষ্ণ নগৰ অঞ্চলত এতিয়া ভাগি গৈছে ইখনৰ পিচত সিখনকৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশৰ পকী দেৱাল । আনকি বহু স্থানত নাই পকী দেৱালো । চিৰিয়াখানাৰ পৰিত্যক্ত দেৱাল পাৰ হৈ প্ৰায় মুকলি স্থানলৈ ওলাই আহে হৰিণা, বান্দৰৰ লগতে আন আন জীৱ-জন্তু । কিন্তু কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ।

2015 চনৰে পৰা কেইবাবাৰো চিৰিয়াখানা কৰ্তৃপক্ষক অৱগত কৰিও কোনো ফলাফল পোৱা নাই স্থানীয় ৰাইজে ৷ ফলত নিশাটো বাদেই দিনৰ পোহৰতো ভয়-শংকাত সময় অতিবাহিত কৰিব লগাত পৰিছে প্ৰায় ডেৰশৰকৈ অধিক পৰিয়ালে । সেয়েহে স্থানীয় ৰাইজে চিৰিয়াখানাৰ জৰাজীৰ্ণ দেৱালবোৰ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে ।

এতিয়া প্ৰশ্ন হয়, অসম ৰাজ্যিক চিৰিয়াখানাক উন্নীতকৰণৰ কথা কোৱা চৰকাৰখনে সঁচাকৈ গুৰুত্ব দিব নে ? নে এনেদৰেই ভয় আৰু আশংকাৰ মাজত নিতৌ জীৱন অতিবাহিত কৰা লাগিব স্থানীয় ৰাইজে ?

লগতে পঢ়ক : Scam in PMAY scheme: টকা দিলে ঘৰ পায়, টকা নিদিলে উপাই নাই ! ক’ত চলিছে এই বজাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.