ETV Bharat / state

অপহৰণকাৰীৰ ৰূপত আৰক্ষী : কিয় কয় আৰক্ষী আয়ুক্তই ? - police commissioner guwahati

গুৱাহাটী (Guwahati) মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড (Abduction)ত অপহৃত হোৱা অজিত দাস নামৰ লোকজনক সোমবাৰে পুৱতি নিশা মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু এই অপহৰণ কাণ্ডই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰক্ষী তথা মহানগৰবাসী মাজত ৷

Police men involved in Ajit Das case
অজিত দাস কাণ্ডৰ লগত জড়িত আৰক্ষীৰ লোক
author img

By

Published : Jun 28, 2021, 10:29 PM IST

Updated : Jun 28, 2021, 10:37 PM IST

গুৱাহাটী, ২৮ জুন : ছিক্ৰেট মিছন (Secret Mission)ৰ নামত চিনেমাৰ কায়দাৰে কৰা অপহৰণ কাণ্ড (Kidnap Case)ই জোকাৰণি তুলিছে মহানগৰ আৰক্ষীত । গুৱাহাটী (Guwahati) মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডত অপহৃত হোৱা অজিত দাস নামৰ লোকজনক সোমবাৰে পুৱতি নিশা মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যদিও এই অপহৰণ কাণ্ডই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰক্ষী তথা মহানগৰবাসী মাজত ৷

অপহৰণৰ আঁৰত যিসকল লোক জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পাচতেই মহানগৰ আৰক্ষীও হতভম্ব হৈ পৰিছে । বুধবাৰে পল্টন বজাৰৰ কালিবাৰীৰ বাসগৃহৰ পৰা অপহৰণ কৰা হৈছিল অজিত দাস নামৰ লোকজনক । ৫ টা দুৰ্বৃত্তই শোৱনি কোঠাৰ পৰা অপহৰণ কৰি নিছিল অজিত দাসক । আৰক্ষীৰ পোছাক পিন্ধি অপহৰণ কৰা হৈছিল লোকজনক ।

ইয়াৰ পাচতে লতাশিল থানাত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল । সোমবাৰে পুৱতি নিশা জাগীৰোডৰ এক দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় অজিত দাসক । অজিত দাসক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ জন লোকক ।

অজিত দাস কাণ্ডৰ লগত জড়িত আৰক্ষীৰ লোক

উল্লেখ্য যে, গ্ৰেপ্তাৰ কৰা ৪ জনৰ তিনিজনেই অসম আৰক্ষীৰ লোক আৰু এজন ফাৰ্মাচিষ্ট । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফাঁচীবজাৰ থানাৰ আৰক্ষী জোৱান ৰাজ বাবু সিং, ফৰেষ্ট গাৰ্ড বেটেলিয়ানৰ জিতেন বাইলুং, হোমগাৰ্ড সুৰুজ পাটৰ আৰু মনেশ্বৰ দাস নামৰ ফাৰ্মাচিষ্ট জনক । আটাইকেইজনক পাণবজাৰ থানাত জেৰা কৰি থকা হৈছে ।

অজিত দাসক অপৰহণ কৰি মুক্তিপণ হিচাপে দাবী কৰিছিল ২০ লাখ টকা । জানিব পৰা মতে, অজিত দাস গুৱাহাটীৰ পাৰ্কিং ব্যৱসায়ৰ সৈতে জড়িত । কিন্তু এটা অপহৰণ কাণ্ডত তিনিজনকৈ আৰক্ষীৰ লোক কিয় কেনেকৈ জড়িত হৈ পৰিল সেই ৰহস্য ভেদ কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: এক লাখ নিযুক্তি : মুখ্য সচিবৰ নেতৃত্বত ক'ৰ কমিটি গঠন

Last Updated : Jun 28, 2021, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.