ETV Bharat / state

Mina Munda Death Case: মীনা মুণ্ডাৰ ৰহস্যজনক মৃত্যুৰ ছীন ৰিক্ৰিয়েচন চান্দমাৰী আৰক্ষীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 9:19 PM IST

গুৱাহাটীৰ অষ্টম মহলাৰ পৰা জঁপিয়াই বনকৰা কিশোৰীয়ে আত্মহত্যা কৰাৰ ৰহস্য এতিয়াও পোহৰলৈ অহা নাই ৷ বিগত দুটা মাহে তদন্ত চলায়েই আছে চান্দমাৰী আৰক্ষীয়ে ৷ দেওবাৰে ঘটনাস্থলীত ঘটনাৰ নাট্যৰূপ দি আৰক্ষীয়ে চলালে তদন্ত ৷

Etv BharatMina Munda Death Case Guwahati
মীনা মুণ্ডাৰ ৰহস্যজনক মৃত্যুৰ ছীন ৰিক্ৰিয়েচন চান্দমাৰী আৰক্ষীৰ

গুৱাহাটী, ৫ নৱেম্বৰ : মহানগৰ আৰক্ষীৰ প্ৰায় দুমাহজোৰা তদন্তৰ পাচতো পোহৰলৈ অহা নাই এগৰাকী কিশোৰীৰ ৰহস্যজনক আত্মহত্যা ঘটনাৰ সত্য ৷ দেওবাৰে ঘটনাস্থলীত উপস্থিত হৈ চান্দমাৰী আৰক্ষীয়ে ৰহস্যজনক ঘটনাটোৰ ছীন ৰিক্ৰিয়েচন কৰে ৷ সমান্তৰালকৈ উক্ত ঘটনা সংঘটিত হোৱা শিলপুখুৰীৰ প্ৰকৃতিজ এপাৰ্টমেণ্টস্থিত বিশেষ ফ্লেটটোৰ গৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈ আছে অভিযোগ ৷

উল্লেখ্য যে, যোৱা 1 ছেপ্তেম্বৰত শিলপুখুৰীৰ প্ৰকৃতিজ এপাৰ্টমেণ্টৰ অষ্টম মহলাৰ পৰা পৰি মৃত্যু হৈছিল মীনা মুণ্ডা নামৰ এগৰাকী কিশোৰীৰ । পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মীনা মুণ্ডা কাম কৰা কিশোৰী হিচাবে নিয়োজিত হৈ অহা ফ্লেটটোৰ গৰাকীৰ দ্বাৰা দীৰ্ঘদিন ধৰি অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল আৰু তাৰ বাবে জপিয়াই আত্মহত্যা কৰে ৷

আনহাতে, মীনা মুণ্ডাই মৃত্যুৰ পূৰ্বে নিৰ্যাতনৰ সবিশেষ পৰিয়াক জনাইছিল ফোনযোগে ৷ মীনাই অভিযোগ কৰা অনুসৰি তেওঁ নিজ ঘৰলৈ উভতি যাবলৈ বিচাৰিছিল যদিও কিন্তু আগৰৱালা বাহিনীয়ে যাবলৈ দিয়া নাছিল ৷ অৱশেষত পৰিয়ালৰ সৈতেও যোগাযোগ কৰিবলৈ দিয়া নাছিল মীনা মুণ্ডাক ৷ আনকি মৃত্যুৰ পাচত গোপনে গুৱাহাটীতে মৃতদেহ সৎকাৰৰ পৰিকল্পনা ৰচিছিল দীনেশ আগৰৱালে ৷ কিন্তু সংবাদ মাধ্যমক দেখি সেই কাম কৰিব নোৱাৰিলে আগৰৱাল বাহিনীয়ে ৷

ইফালে উক্ত ৰহস্যজনক ঘটনাৰ উচিত তদন্তৰ দাবীত কালিৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে ATTSAই ৷ ঘটনাৰ লগত জড়িত দীনেশ আগৰৱালক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ আনহাতে মীনা মুণ্ডা মৃত্যুৰ লগত জড়িত দীনেশ আগৰৱালক আৰক্ষীয়ে জেৰা কৰিছিল যদিও দুঘন্টাৰ অন্ততে চান্দমাৰী আৰক্ষী যাবলৈ দিয়া ঘটনাক সহজভাৱে লোৱা নাই ভিন্ন মহলে ৷

উল্লেখ্য যে ঘটনা সন্দৰ্ভত ইতিমধ্যে দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে ৰাজ্যৰ দুখনকৈ থানাত৷ মীনাৰ পৰিয়ালে স্থানীয় জিনজিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA)ই চান্দমাৰী থানাত দাখিল কৰিছে অন্য এখন এজাহাৰ ৷

এগৰাকী বনকৰা কিশোৰীয়ে হঠাৎ অষ্টম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰা ৰহস্যজনক ঘটনাটোৰ সন্দৰ্ভত দেওবাৰে চান্দমাৰী আৰক্ষী পুনৰ ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষী উপস্থিত হৈ মীনা মুণ্ডাৰ হত্যাকাণ্ডৰ ছীন ৰিক্ৰিয়েচন কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটোৰ ৰহস্য উদঘাটনৰ ক্ষেত্ৰত এখোজ আগুৱাবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Imam Murder in Tinsukia: তিনিচুকীয়াৰ ইমাম হত্যাকাণ্ডৰ সন্দৰ্ভত দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.