ETV Bharat / state

Sangeeta Dutta Case: চিচিটিভি ফুটেজত ওলাইছে চিকিৎসক দম্পতীয়ে চলোৱা আতিশয্যৰ শিহৰণকাৰী দৃশ্য

author img

By

Published : May 9, 2023, 7:38 PM IST

আৰক্ষীৰ তদন্তত নিতৌ পোহৰলৈ আহিছে শিশু নিৰ্যাতনকাৰী ডাঃ সংগীতা দত্তৰ বহু কাহিনী ৷ মঙলবাৰে ডাঃ সংগীতা দত্তৰ ঘৰত থকা ৩২ টাকৈ CCTV ৰ ভিজুৱেল সংগ্ৰহ কৰিছে আৰক্ষীয়ে (Child abuse allegation against Doctor couple) । দত্তৰ ঘৰত লগোৱা উন্নতমানৰ চিচিটিভিত বন্দী হৈছে আতিশয্যৰ কথোপকথন ।

চিচিটিভি ফুটেজত ওলাইছে আতিশয্যৰ শিহৰণকাৰী দৃশ্য

চিচিটিভি ফুটেজত ওলাইছে চিকিৎসক দম্পতীয়ে চলোৱা আতিশয্যৰ শিহৰণকাৰী দৃশ্য

গুৱাহাটী, ৯ মে’: পোহৰলৈ আহিছে গুৱাহাটীৰ চিকিৎসক দম্পতীৰ ইটোৰ পিছত সিটো ক’লা অধ্যায় (Doctor couple case)। ডাঃ সংগীতা দত্তৰ ঘৰৰ চিচিটিভি ফুটেজত ওলাই পৰিছে চিকিৎসক দম্পতীৰ পাশৱিকতাৰ ভয়ংকৰ তথ্য (CCTV footage collected by police)। মঙলবাৰে ডাঃ সংগীতা দত্তৰ ঘৰত থকা ৩২ টাকৈ CCTV ৰ ভিজুৱেল সংগ্ৰহ কৰিছে আৰক্ষীয়ে (Child abuse allegation against Doctor couple) । দত্তৰ ঘৰত লগোৱা উন্নতমানৰ চিচিটিভিত বন্দী হৈছে আতিশয্যৰ কথোপকথন । ইয়াৰ পিচতে প্ৰতিটো চিচিটিভিৰ ভিজুৱেল পৰীক্ষা কৰিব আৰক্ষীয়ে (Sangeeta Dutta case update)।

সম্প্ৰতি পাণবজাৰ মহিলা আৰক্ষী থানাত জেৰা অব্যাহত ৰখা হৈছে মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক (Sangeeta Dutta interrogation) । আৰক্ষী আয়ুক্ত দিগন্ত বৰায়ো জেৰা চলাইছে ডাঃ সংগীতা দত্তক (CP Diganta Bora)।

জানিব পৰা মতে, কন্যা শিশুটোৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত শিশুটোক যৌন আতিশয্য চলোৱাৰ লগতে, শৰীৰত গৰম পানী ঢলা আৰু যৌনাংগত গৰম ইস্ত্ৰীৰ দাগ থকাৰ কথা প্ৰকাশ পোৱাৰ পিচতে আৰক্ষীয়ে ল’ৰা সন্তানটোৰো স্বাস্থ্য পৰীক্ষা কৰাইছিল ৷ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ল'ৰাটোতকৈ কন্যা শিশুটিকহে বেছি অত্যাচাৰ কৰিছিল ডাঃ সংগীতা দত্তই ।

সম্প্ৰতি দুটোকে শিশু গৃহত ৰখা হৈছে ৷ শিশু সুৰক্ষা বিষয়া এগৰাকীয়ে মঙলবাৰে শিশু দুটি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, বৰ্তমান দুয়োটা শিশু সুস্থ অৱস্থাত আছে ৷ মাতৃ-পিতৃ তথা চিকিৎসক দম্পতীৰ কথা সুধিলেই ভয় খাই দুয়োটি শিশুৱে ৷ দুয়োকে সুধিলেই মাতৃ-পিতৃয়ে অত্যাচাৰ কৰাৰ কথা প্ৰকাশ কৰিছিল ।

ইফালে ডাঃ ৱালিউল ইছলামৰ লগতে বনকৰা কৰ্মী লক্ষী ৰয় আৰু আন এগৰাকী বনকৰা কৰ্মীক পৃথকে পৃথকে জেৰা চলাই আছে পল্টন বজাৰ আৰক্ষীয়ে । সাংবাদিকৰ কেমেৰাৰ সন্মুখত লক্ষীৰ ৰয়ে কয়ে এই সন্দৰ্ভত কয় যে, আমি দুখীয়া মানুহ আমি একো নাজানো । সংগীতা বাইদেউৱে কৰিব কোৱাৰ কাৰণে কৰিছিলোঁ ।

আনহাতে, এই বিষয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি ঘটনটোৰ সন্দৰ্ভত 45 দিনৰ ভিতৰত আৰক্ষীক অভিযোগনামা দাখিলৰ নিৰ্দেশ দিয়াৰ লগতে গোচৰটো যাতে ছমাহৰ ভিতৰত সম্পূৰ্ণ হৈ দোষীয়ে শাস্তি পায় তাৰ বাবে সকলো আইনগত ব্যবস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হ'ব বুলি প্ৰকাশ কৰিছিল (CM on doctor couple case) ৷

লগতে পঢ়ক: Guwahati doctor couple case: তোলনীয়া সন্তানক নিৰ্যাতন চলোৱা চিকিৎসক দম্পতীৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.