গুৱাহাটী, 30 জুলাই : ডিমৰীয়াত পুনৰ বিবাদত নাম সাঙোৰ খাই পৰিছে লাচিত সেনাৰ ৷ প্ৰায় দহ-এঘাৰ মাহ ধৰি কমাৰকুছি গাঁৱৰ নিবাসী জনৈক বড়ো নামৰ এগৰাকী মহিলাক অভিযুক্ত সঞ্জীৱ ডেকাই ফোন যোগে নাইবা পথত আগভেটি অশ্লীল ভাষা, অশ্লীল ইংগিত প্ৰদান কৰাক লৈ বুধবাৰে সোণাপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ৷
সেই এজাহাৰৰ ভিত্তিতেই বুধবাৰে সোণাপুৰ আৰক্ষীয়ে ডিমৰীয়া লাচিত সেনাৰ উপ সভাপতি সঞ্জীৱ ডেকাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে লাচিত সেনা নামৰ এই সংগঠনটো এক ভুৱা সংগঠন বুলি বীৰ লাচিত সেনাই সোণাপুৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানকো লিখিত অভিযোগ দাখিল কৰিছিল ৷
লগতে চাওক-NSCN-K ত ফাট, বহিষ্কাৰ তিনি জেষ্ঠ নেতা