ETV Bharat / state

Assam Book Fair in Guwahati : কবি সন্মিলনেৰে জীপাল হৈ পৰিল গ্ৰন্থমেলাৰ এটি সন্ধ্যা

author img

By

Published : Jan 8, 2022, 7:34 AM IST

'মোৰ দেশৰ কবিতা’ ৰে মুখৰিত অসম গ্ৰন্থমেলা (Poet Conference at Assam Book Fair Guwahati) ৷ আজাদী কি অমৃত মহোৎসৱৰে সংগতি ৰাখি শুকুৰবাৰে গ্ৰন্থমেলাত অনুষ্ঠিত হয় কবি সন্মিলন ৷ বিপৰীতে আন প্ৰকাশনৰ গ্ৰন্থ নিজৰ নামত ছপাই বিক্ৰী কৰা কলকতাৰ বিপণীত লাগিল তলা ৷

book fair
গ্ৰন্থমেলাত কবি সন্মিলন

গুৱাহাটী, 8 জানুৱাৰী : ‘মোৰ দেশৰ কবিতা’ ৰ গুঞ্জনেৰে শুকুৰবাৰে বাৰে মুখৰিত হয় অসম গ্ৰন্থমেলাৰ বাকৰি ৷ সমগ্ৰ দেশজুৰি স্বাধীনতাৰ 75 বছৰ উপলক্ষে আয়োজিত হৈ থকা আজাদী কি অমৃত মহোৎসৱৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই চানমাৰিস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত কৰা এই গ্ৰন্থমেলাৰ কবি সন্মিলনত শুকুৰবাৰে দেশাত্মবোধৰ কবিতা পাঠ কৰে 23 গৰাকী কবিয়ে (Poet Conference at Assam Book Fair Guwahati) ৷

কবি সন্মিলনখনি সঞ্চালনা কৰি বিশিষ্ট লেখক-সমালোচক ড৹ বিভাস চৌধুৰীয়ে কয়, ‘কবিতা সাহিত্যৰ সৰ্বোত্তম অংগ ৷ অনুভৱৰ নান্দনিক নির্মাণে কবিতাক জীৱনৰ ধাৰাভাষ্যলৈ উত্তৰিত কৰে ৷ কবিতাই সকলো কথা কয় আৰু সকলোৰে মন-মগজু-হৃদয় স্পর্শ কৰে ৷ আজি ইয়াত পঠিত কবিতাসমূহেও এই নিদর্শন দাঙি ধৰিছে’ ৷ তেওঁ লগতে কয় যে দেশক ভাল পাব নোৱাৰিলে দেশাত্মবোধৰ কবিতা লিখিব নোৱাৰি ৷

শুকুৰবাৰৰ এই অনুষ্ঠানত ‘মোৰ দেশৰ কবিতা' পাঠ কৰা কবিসকল তর্কাতীতভাৱে দেশপ্ৰেমী ৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ দিয়া আৰু প্ৰকাশৰ সম্পাদক মিহিৰ দেউৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সন্মিলনখনিত কবিতা পাঠ কৰে বিশিষ্ট কবি অনুভৱ তুলসী, লুট্‌ফা হানুম ছেলিমা বেগম, ৰাজেন্দ্ৰনাথ বৰদলৈ, নীলিম কুমাৰ, নিবেদন দাস পাটোৱাৰী, নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, অজিৎ গগৈ, এম কামালুদ্দিন আহমেদ, ৰাজীৱ বৰা, অজিত ভৰালী, পংকজ গোবিন্দ মেধি, বিৰিঞ্চি কুমাৰ ৰাভা, দিগন্ত শইকীয়া, প্ৰাঞ্জলজ্যোতি দত্ত, চন্দন গোস্বামী, বিমান কুমাৰ দলে, দ্বিজেন কুমাৰ দাস, ৰশ্মি চৌধুৰী, সিদ্ধার্থ শংকৰ কলিতা, সৌৰভ শ‍ইকীয়া, দেৱপ্ৰসাদ তালুকদাৰ আৰু জ্যোতিষ শৰ্মাই ৷

উল্লেখ্য যে, এই অনুষ্ঠানত পাঠ কৰা কবিতাসমূহ পূৰ্বেই কবিসকলৰ পৰা গ্ৰহণ কৰা হৈছিল ৷ মিহিৰ দেউৰীৰ সম্পাদনাত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই কবিতাসমূহৰ এটি সংকলন ড৹ লক্ষ্মীনন্দন সভাঘৰত অনুষ্ঠিত কবি সন্মিলনতে উন্মোচন কৰা হয় ৷ একেটা সভাঘৰতে শুকুৰবাৰে অনুষ্ঠিত হয় সাহিত্য অকাডেমিয়ে আয়োজন কৰা এখন বহুভাষিক কবি সন্মিলন ৷

বিশিষ্ট কবি অনিল কুমাৰ বড়োৱে সঞ্চালনা কৰা এই কবি সন্মিলনতে কবিতা পাঠ কৰে দিলীপ ফুকন (অসমীয়া), দেৱলীনা সেনগুপ্ত দাস (বাংলা), ৰমেশ থাওছেন (ডিমাছা), সুবন্তি দেউৰী (দেউৰী), হৰকিৰাত হীৰ (হিন্দী), ছন্দ্ৰি কিমি ফাংছ' (কাৰ্বি), থাউনাউজ়াম শ্যাম (মণিপুৰী), জুৱেল পেণ্ড (মিছিং), নিৰু শৰ্মা পৰাজুলী (নেপালী), মুবিন ৰাভা (ৰাভা) আৰু জনাদন পাটৰে (তিৱা) ৷

ইপিনে অসম গ্ৰন্থমেলাৰ মূল মঞ্চত প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক দৰ্পণৰ সহযোগত অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভা ৷ অৱসৰপ্ৰাপ্ত শিক্ষা আয়ুক্ত পৰমেশ দত্তই সভাপতিত্ব কৰা এই সভাত উন্মোচিত হয় ৰতন বৰুৱাৰ 'ৰূপান্তৰত প্ৰাগজ্যোতিষপুৰ', প্ৰদীপ ঠাকুৰীয়াৰ 'অসমৰ বিখ্যাত মঠ-মন্দিৰসমূহৰ ইতিহাস’, ড৹ নিৰঞ্জন কলিতাৰ ‘পুৰণি পৃথিৱী নকৈ চাই লওঁ’, ‘হে বীণ এষাৰি মাত’, ঘনশ্যাম শ‍ইকীয়াৰ 'অসমৰ সাহিত্য আলোচনীৰ তথ্য সম্ভাৰ’ আৰু ‘বৰেণ্য মুক্তিযুঁজাৰুৰ জীৱন গাঁথা' ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, অসম শিশু সাহিত্য ন্যাস সমিতিৰ সচিব হৃষীকেশ গোস্বামী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সংঘচালক ডাঃ ভূপেশ শৰ্মা, বিশিষ্ট লেখক ড৹ নিৰঞ্জন কলিতা, ভাৰতীয় ইতিহাস সমিতিৰ সংগঠক হেমন্ত ধিং মজুমদাৰ আদিকে ধৰি কেবাগৰাকী গণ্য-মান্য ব্যক্তি ৷

উল্লেখ্য যে, শুকুৰবাৰে উন্মোচিত হয় অসম গ্ৰন্থমেলাৰ ‘স্মৃতিগ্ৰন্থ’ ৷ দেৱজিৎ বৰা আৰু গৌতম বৰ্মনে সম্পাদনা কৰা স্মৃতিগ্ৰন্থখন উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক, কবি, অর্থনীতিবিদ গৌতম প্ৰসাদ বৰুৱাই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলাই অসমৰ সমাজ জীৱনলৈ শুভ বাৰ্তা কঢ়িয়াই অনা বুলি মন্তব্য কৰে ৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু প্ৰবোধ দাসে আঁত ধৰা এই অনুষ্ঠানত অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমদকে ধৰি অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকল উপস্থিত থাকে ৷

ইপিনে অসম গ্ৰন্থমেলাৰ মূল কাৰ্যালয়ত শুকুৰবাৰে উন্মোচিত হয় অজন্তা বুঢ়াগোঁহাইৰ ‘সেউজ অৰণ্যত মেমচাহাবৰ পৃথিৱী' শীর্ষক গ্ৰন্থখন ৷ বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী আৰু বিশিষ্ট লেখক-অর্থনীতিবিদ গৌতম প্ৰসাদ বৰুৱাই গ্ৰন্থখন উন্মোচন কৰে ৷ ইয়াৰ উপৰি হোমেন বৰগোহাঞি সভাঘৰত উন্মোচিত হয় ড৹ মৰমী বৰঠাকুৰ তালুকদাৰৰ কাব্যগ্ৰন্থ 'ভাৱ-উৎসৱ আৰু অন্য গদ্য' ।

একেটা সভাঘৰতে সদৌ অসম কবি-মঞ্চৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু ‘শীতৰে সেমেকা এটি কাব্যগন্ধী সন্ধিয়া’ শীর্ষক কবিতা পাঠৰ অনুষ্ঠান আয়োজিত হয় ৷ উন্মোচিত হয় বি আৰ পাব্লিকেশ্যনে প্ৰকাশ কৰা আই আই টি, গুৱাহাটীৰ গৱেষিকা ছাত্ৰী লিপিকা বৰুৱাৰ গ্ৰন্থ ‘মেদবহুলতা : প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ' ৷ গ্ৰন্থখন উন্মোচন কৰে এলভিছ আলী হাজৰিকা, মহাদেৱ ডেকা, ডাঃ বিকাশ ভট্টাচার্য, জ্যেষ্ঠ সাংবাদিক গৌতম শর্মা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, ডাঃ পি কে বিশ্বাস আৰু ধীৰাজ গোস্বামীয়ে ৷

গ্ৰন্থমেলাৰ বাকৰিত ৰাজ্য চৰকাৰৰ জনসংযোগৰ বিপণীত অনুষ্ঠিত হয় লেখক-প্ৰকাশকৰ এটি অন্তৰংগ অনুষ্ঠান ৷ ‘অসমত গ্ৰন্থ উদ্যোগৰ ভৱিষ্যত' শীর্ষক এই অনুষ্ঠানত অংশগ্ৰহণ কৰে গল্পকাৰ জিন্তু গীতার্থ, ঔপন্যাসিক ইন্দ্ৰাণী শৰ্মা আৰু প্ৰকাশকত্ৰয় ক্ৰমে সৌমিত্ৰ যোগী, মনীষ হাজৰিকা, অনিল বৰুৱাই ৷ গ্ৰন্থমেলাত শুকুৰবাৰে চাৰে তিনি কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হয় ৷ সেইদিনা অনুষ্ঠিত গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে ৷

আনহাতে, দ্য চেভেন চিষ্টাৰ্ছ পাব্লিকেশ্যনৰ বিপণীত লাগিল তলা ৷ কলকতাৰ পৰা অহা দ্য চেভেন চিষ্টাৰ্ছ পাব্লিকেশ্যনৰ বিপণীত শুকুৰবাৰে তলা লগাই দিয়ে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাই ৷ প্ৰকাশন প্ৰতিষ্ঠানটোৱে অন্য প্ৰকাশন গোষ্ঠীৰ গ্ৰন্থ নিজৰ নামত ছপাই বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয় ৷ এই অভিযোগ সত্য বুলি প্ৰমাণিত হোৱাৰ পিছত প্ৰকাশন গোষ্ঠীটোৰ বিপণীত তলা লগাই দিয়ে অসম গ্ৰন্থমেলাৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : আইজনী-জীৱন যুঁজৰ অন্য এক নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.