ETV Bharat / state

জালুকবাৰী আৰক্ষীৰ জালত ৭ জনীয়া পকেটমাৰৰ দল - জালুকবাৰী

এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই 7 জনকৈ পকেটমাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

জালুকবাৰী আৰক্ষীৰ জালত ৭ জনীয়া পকেটমাৰৰ দল

author img

By

Published : Oct 28, 2020, 9:56 PM IST

গুৱাহাটী, 28 অক্টোবৰ: শেহতীয়াকৈ মহানগৰীৰ জালুকবাৰী এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে ঘটনা । লগতে বৃদ্ধি হৈছে যাত্ৰীবাহী বাহনত পকেটমাৰৰ উপদ্ৰৱ । কেইবাদিন ধৰি ৰাইজে এনে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীক দি আহিছিল অভিযোগ। এনে বিভিন্ন অভিযোগৰ ভিত্তিতেই বুধবাৰে মহানগৰীৰ বিভিন্ন স্থানত জালুকবাৰী আৰক্ষীয়ে এক অভিযান চলায় ।

অভিযানত 7 জনকৈ পকেটমাৰ আটক কৰিবলৈ সক্ষম হয় জালুকবাৰী আৰক্ষীয়ে । এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে জালুকবাৰীৰ পৰা খেদি খেদি গৈ কাছাৰী ঘাটৰ চিটি বাছৰ পৰা গ্ৰেপ্তাৰ কৰে কেইবাটাও পকেটমাৰক । ধৃত পকেটমাৰ কেইজন ক্ৰমে নয়ন বড়ো, জীৱন দাস, মণ্টু আলী, আবু আলী, চবিকুল ইছলাম, মনিৰ আলী আৰু কমল দাস বুলি জানিব পৰা গৈছে । দীৰ্ঘদিন ধৰি মহানগৰীৰ চিটি বাছত যাত্ৰীৰ পৰা লুটপাত কৰি আহিছিল আটাইয়ে । পূৰ্বেও একে অপৰাধতে গ্ৰেপ্তাৰ হৈছে 7 জনীয়া পকেটমাৰৰ দলটো ।

লগতে পঢ়ক: কৰিমগঞ্জ আৰক্ষীৰ জালত ভুৱা CBI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.