ETV Bharat / state

কাইলৈ বাক্সা জিলাৰ তামুলপুৰলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী - PM Narendra Modi to visit Tamulpur in Baksa district

কাইলৈ বাক্সা জিলাৰ তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী। বৃহস্পতিবাৰে কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ চলাই যোৱা প্ৰধানমন্ত্রী পুনৰ শনিবাৰে বিটিআৰ লৈ আহিব।

কাইলৈ বাক্সা জিলাৰ তামুলপুৰলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী

author img

By

Published : Apr 2, 2021, 9:36 PM IST

গুৱাহাটী,২ এপ্ৰিলঃ কাইলৈ বাক্সা জিলাৰ তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী। বৃহস্পতিবাৰে কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ চলাই যোৱা প্ৰধানমন্ত্রী পুনৰ শনিবাৰে বিটিআৰ লৈ আহিব।

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ মিত্রদল ইউপিপিএলৰ প্ৰাৰ্থী লেহোৰাম বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ বাবে অঞ্চলটোত ব্যাপক নিৰাপত্তা বেষ্টনি গঢ়ি তোলা হৈছে। লগতে সাজি উলিওৱা হৈছে এখন বিশাল মঞ্চ।

উল্লেখ্য যে,কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ দল বিপিএফৰ তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে নিৰ্বাচনলৈ মাজত মাত্র চাৰিদিন থাকোতেই বৃহস্পতিবাৰে হঠাৎ যোগদান কৰে বিজেপিত। ইয়াৰ এদিন পাচতেই তামুলপুৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী প্ৰচাৰ অভিযানৰ বাবে অহা বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চা লাভ কৰিছে।

লগতে পঢ়ক: পীযুষ হাজৰিকাৰ উদ্ধতালি: ফোনযোগে সাংবাদিকক ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.