নেশ্যনেল ডেস্ক, 4 জুলাই: অসম পেট্ৰ'কেমিকেল প্ৰকল্পৰ পৰা বাংলাদেশলৈ মিথানল সামগ্ৰী সৰবৰাহ প্ৰক্ৰিয়াক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ অসমক পেট্ৰ'কেমিকেলৰ এক মুখ্য ৰপ্তানিকৰ্তা হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰ অংশ স্বৰূপে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰত চৰকাৰে ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মুখ্য ঔদ্যোগিক বিকাশে অসম আৰু সমগ্ৰ উত্তৰ-পূব ভাৰতৰ পেট্ৰ'কেমিকেল খণ্ডক উৎসাহিত কৰিব ৷’’ অসমক পেট্ৰ'কেমিকেলৰ এক মুখ্য ৰপ্তানিকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক ডাঙৰ প্ৰচেষ্টাত অংশ হিচাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 জুলাইত এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে বিগত 14 এপ্ৰিলত গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী এই প্ৰকল্পৰ উদ্বোধন কৰিছিল ৷
-
This will boost the petrochemicals sector in Assam and the entire Northeast. https://t.co/iHvelOPIic
— Narendra Modi (@narendramodi) July 3, 2023 " class="align-text-top noRightClick twitterSection" data="
">This will boost the petrochemicals sector in Assam and the entire Northeast. https://t.co/iHvelOPIic
— Narendra Modi (@narendramodi) July 3, 2023This will boost the petrochemicals sector in Assam and the entire Northeast. https://t.co/iHvelOPIic
— Narendra Modi (@narendramodi) July 3, 2023
1 জুলাইত মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড (নামৰূপ সাৰকাৰখানা), অসম পেট্ৰ'কেমিকেলছ লিমিটেড আৰু নামৰূপ তাপ প্ৰকল্পৰ পৰা ঔদ্যোগিক উৎপাদনৰ চলাচলৰ সুবিধাৰ বাবে জয়পুৰ চাৰিআলি আৰু নামৰূপ সোণাৰী টিনিয়ালী পথৰ বিকাশৰ আধাৰশিলা স্থাপন কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত কয় যে যোৱা বছৰ বিভিএফচিএলৰ (নামৰূপ সাৰকাৰখানা) দ্বাৰা হোৱা 98 কোটি টকাৰ লোকচানৰ বিপৰীতে, কোম্পানীটোৱে এই বছৰ 12 কোটি টকাৰ লাভৰে নামৰূপক এখন ঔদ্যোগিক চহৰ হিচাপে শক্তিশালী কৰাৰ দিশত এক ইতিবাচক বিকাশৰ ইংগিত দিছে ৷
অনুষ্ঠানত নাহৰকটীয়াৰ উন্নয়নৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰি,মুখ্যমন্ত্ৰীয়ে কয় যে জয়পুৰ চাৰিআলিৰ পৰা দিল্লী ঘাটলৈ পথ নিৰ্মাণৰ বাবে পদক্ষেপ লোৱা হৈছে । পথটোৰ প্ৰস্থ বৰ্তমানৰ 5.50 মিটাৰৰ পৰা 7 মিটাৰলৈ বহল কৰা হৈছে । তদুপৰি, ৰাস্তাৰত কংক্ৰিটৰ নলা থাকিব ৷
লগতে পঢ়ক: Amritpal Singh Update: ৰাজ আতিথ্যত ডিব্ৰুগড়ৰ কাৰাগাৰত দিন পাৰ কৰিছে অমৃতপাল সিঙসহ 10 খালিস্তানীয়ে