গুৱাহাটী, ১১ জানুৱাৰী: ৰাজ্যত এতিয়া নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ যেন প্ৰতিযোগিতাহে চলিছে । ইতিমধ্যে 'ৰাইজৰ দল' আৰু 'অসম জাতীয় পৰিষদ'কে ধৰি সৰু-বৰ কেইবাটাও আঞ্চলিক দল অসমত ভূমিষ্ঠ হোৱাৰ পিছত নতুনকৈ আৰু এটা দল জন্ম দিয়াৰ উকমুকনি চলিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অতি শীঘ্ৰেই অসমত আৰু এটা নতুন দলে ভুমুকি মাৰিব বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে । অসম আন্দোলন সংগ্ৰামী মঞ্চৰ উদ্যোগত চলিত মাহতে গুৱাহাটীত অনুষ্ঠিত হ'ব এখন ৰাজনৈতিক অভিৱৰ্তন । যোৱা ৭ জানুৱাৰীত অনুষ্ঠিত মঞ্চৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
সেইমৰ্মে চলিত মাহত অনুষ্ঠিত হ'বলগীয়া উক্ত ৰাজনৈতিক অভিৱৰ্তনত 'কা' বিৰোধী শক্তিসমূহক একত্ৰিত কৰি অসম আন্দোলন সংগ্ৰামী মঞ্চৰ উদ্যোগত এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ সম্ভাৱনা প্ৰৱল হৈছে । স্বাভাৱিকতে মহন্তৰ নেতৃত্বতে গঠন হ'ব এই নতুন আঞ্চলিক দল । এই নতুন ৰাজনৈতিক দলটোৱে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰি কেনেদৰে পৰৱৰ্তী সময়ত ৰাজনীতিৰ পথাৰখনত খোঁপনি পুতিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক:টীয়কত 'অসমী'ৰ উদ্যোগত ভোগালী মেলাৰ আয়োজন