ETV Bharat / state

'স্বচ্ছ সৰ্বেক্ষণ-২০২০’ সন্দৰ্ভত পীযুষ হাজৰিকাৰ সংবাদমেল - ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুয হাজৰিকা

ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযান (নগৰ অঞ্চল)ৰ অধীনত ‘স্বচ্ছ সৰ্বেক্ষণ-২০২০’ৰ বাবে অসমে ৯ টা সন্মান লাভ কৰা লগতে অসমে ফাষ্টেছ মুভাৰ্ছ সন্মান লাভ কৰিবলৈ সক্ষম হয়। এই সন্মান মাত্ৰ এখন ৰাজ্যকে দিয়া হৈছে ।

piyush hazarika press meet on swach sarbekshon 2020

author img

By

Published : Aug 22, 2020, 4:55 AM IST

Updated : Aug 22, 2020, 6:20 AM IST

গুৱাহাটী, ২১ আগষ্ট : শুক্ৰবাৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই দিছপুৰত এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেল খনত মন্ত্ৰী হাজৰিকাই কয় যে ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযান (নগৰ অঞ্চল)ৰ অধীনত ‘স্বচ্ছ সৰ্বেক্ষণ-২০২০’ৰ বাবে অসমে ৯ টা সন্মান লাভ কৰা লগতে অসমে ফাষ্টেছ মুভাৰ্ছ সন্মান লাভ কৰিবলৈ সক্ষম হয়। এই সন্মান মাত্ৰ এখন ৰাজ্যকে দিয়া হৈছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে, যোৱা বৰ্ষত এই সন্মান লাভ কৰিছিল গুজৰাটে । যোৱা বৰ্ষত অসমে শেষৰ পৰা তৃতীয় স্থান কৰিবলৈ সক্ষম হৈছিল আৰু এইবাৰ প্ৰথম পাঁচটা স্থানৰ ভিতৰত পঞ্চম স্থান দখল কৰে অসম ৰাজ্যই । এই সন্মানৰ বাবে সকলো চাফাই কৰ্মী আৰু পৌৰ নিগমৰ সকলো বিষয়া, কৰ্মচাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে ২০১৪ চনত মোডী নেতৃত্বাধীন চৰকাৰখনে লোৱা 'স্বচ্ছ ভাৰত অভিযান'ৰ বাবে ভাৰতৰ জনগণৰ লগতে অসমৰ ৰাইজো যথেষ্ট উপকৃত হৈছে ।

'স্বচ্ছ সৰ্বেক্ষণ-২০২০’ সন্দৰ্ভত পীযুষ হাজৰিকাৰ সংবাদমেল

‘স্বচ্ছ সৰ্বেক্ষণ-২০২০’ ৰ বাবে অসমে লাভ কৰা ৯ টা সন্মান হ'ল - যোৰহাট নগৰে উত্তৰ-পূবৰ ভিতৰত ‘শ্ৰেষ্ঠ স্বচ্ছ নগৰ’ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, ৫০ হাজাৰৰ পৰা ১ লাখ জনবসতিপূৰ্ণ নগৰসমূহত চলোৱা স্বচ্ছতাৰ সমীক্ষাত যোৰহাটে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমস্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ শিৱসাগৰে বেষ্ট চিটি ইনভেচন এণ্ড প্ৰেক্টিচেছ সন্মান লাভ কৰে । তেজপুৰে বেষ্ট চিটি এণ্ড ফিডবেক সন্মান লাভ কৰে। ডিফুৱে ফাষ্টেছ মুভাৰ্ছ সন্মান লাভ কৰিবলৈ সক্ষম হয়। কৰিমগঞ্জই বেষ্ট চেলছ চাষ্টেইনেবল চিটি, হাইলাকান্দিয়ে বেষ্ট চিটি ইনভেচন এণ্ড প্ৰেক্টিছ, চিলাপথাৰে ফাষ্টেছ মুভাৰ্ছ আৰু লখিমপু চহৰেও ফাষ্টেছ মুভাৰ্ছ সন্মান লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চহৰ বিকাশ মন্ত্ৰণালয় দ্বাৰা আয়োজিত বাৰ্ষিক স্বচ্ছ সৰ্বেক্ষণ-২০২০ বঁটা অনুষ্ঠানত চৰকাৰৰ তৰফৰ পৰা কৰা স্বচ্ছ সমীক্ষাত কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ পুৰীয়ে স্বচ্ছ সমীক্ষা ২০২০ৰ তালিকা প্ৰকাশ কৰে। প্ৰণিধানযোগ্য যে স্বচ্ছ সমীক্ষাত চতুৰ্থবাৰৰ দেশৰ আটাইতকৈ বেছি স্বচ্ছ চহৰ ৰূপে মধ্যপ্ৰদেশৰ ইন্দোৰৰ নাম ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক : মৰিগাঁৱৰ বজাৰ দখল কৰিছে সম্ৰ্ৰাটে

Last Updated : Aug 22, 2020, 6:20 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.