ETV Bharat / state

গুৱাহাটীত অন্তৰ্ধানৰ দিশে 'পিংক বাছ' - চৰকাৰে আৰম্ভ কৰিছিল পিংক বাছ বা ভ্ৰমণ সাৰথি বাছ সেৱা

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই মহানগৰীত প্ৰথমবাৰৰ বাবে বৃদ্ধ আৰু মহিলাৰ বাবে বিনামূলীয়া পিংক বাছ সেৱা 'ভ্ৰমণ সাৰথি' নামেৰে আৰম্ভ কৰিছিল । সম্প্ৰতি ২১ খনকৈ পিংক বাছ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেন্দ্ৰীয় কাৰখানাত পৰি ৰৈছে । চৰকাৰে পৰিবহণ বিভাগক ধন আৱন্টন নিদিয়াৰ বাবে মাত্ৰ ৪ খন বাছহে মহানগৰীৰ ৰাজপথত চলি আছে ।

Pink bus services in Guwahati may withdrawn
গুৱাহাটীত অন্তৰ্ধানৰ দিশে 'পিংক বাছ'
author img

By

Published : May 25, 2022, 9:26 PM IST

গুৱাহাটী, ২৫ মে : মহিলা আৰু বয়োজেষ্ঠৰ বাবে গুৱাহাটী মহানগৰীত বিনামূলীয়াকৈ চলা 'ভ্ৰমণ সাৰথি' বাছ এতিয়া অন্তৰ্ধানৰ দিশে ৷ ২৫ খন বাছৰ ভিতৰত এতিয়া চলে মাত্ৰ ৪ খন বাছহে ৷ বিনামূলীয়া এই গুলপীয়া বাছলৈ ৰৈ নাথাকি চিটি বাছতে চলা ফুৰা কৰিব লগা হৈছে মহিলা আৰু বয়োজেষ্ঠ লোকে । সকলোৰে চকুত লগাকৈ মহানগৰীৰ ৰাজপথত মহিলা আৰু বয়োজেষ্ঠ লোকৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে আৰম্ভ কৰিছিল 'পিংক বাছ' বা 'ভ্ৰমণ সাৰথি' বাছ সেৱা ৷

কিন্তু এটা বছৰতে এই বাছ সেৱা বন্ধ হোৱাৰ দিশে গতি কৰিছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই মহানগৰীত প্ৰথমবাৰৰ বাবে বৃদ্ধ আৰু মহিলাৰ বাবে বিনামূলীয়া পিংক বাছ সেৱা 'ভ্ৰমণ সাৰথি' নামেৰে আৰম্ভ কৰিছিল । ২০২১ চনৰ ১০ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীৰ মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্পূর্ণ বিনামূলীয়া এই বাছ সেৱা খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় চৌহদৰ পৰা 'ফ্লেগ অফ' কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ।

সেই সময়ত সোণোৱাল চৰকাৰে পিংক বাছৰ বাবদ ৯১ লাখ টকা আৱন্টন দিছিল । সোণোৱাল চৰকাৰৰ দিনতে আৱন্টন দিয়া এই ধনৰ ৬০ লাখ টকা দুমাহ পুৰ্বে মোকলাই দিয়া হয় । কিন্তু বৰ্তমান ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ এবছৰীয়া কাৰ্যকালত এতিয়ালৈকে পিংক বাছৰ বাবদ কোনো ধন আৱন্টন দিয়া হোৱা নাই । এই বৰ্ষৰ বাজেটত পিংক বাছৰ বাবদ কোনো ধন ধাৰ্য কৰা হোৱা নাই বুলি বিভাগটোৰ এক সূত্ৰই প্ৰকাশ কৰে ।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে সম্প্ৰতি ২১ খনকৈ পিংক বাছ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেন্দ্ৰীয় কাৰখানাত পৰি ৰৈছে । চৰকাৰে পৰিবহণ বিভাগক ধন আৱন্টন নিদিয়াৰ বাবে মাত্ৰ ৪ খন বাছ মহানগৰীৰ ৰাজপথত চলি আছে । এই বাছসমূহ চলোৱাৰ বাবদ বহু ধনৰ প্ৰয়োজন হয় । ডিজেল ভৰোৱাৰ বাবদ দৈনিত প্ৰতিখন বাছতে প্ৰায় ২ হাজাৰ টকাৰ প্ৰয়োজন হয় । ইয়াৰ উপৰিও চালক, কণ্ডাক্টৰৰ খৰছ, মেৰামতিৰ খৰছ ইত্যাদি আছেই ।

২৫ খন বাছ চলাবলৈ দৈনিক প্ৰায় ৭০ হাজাৰ টকাৰ প্ৰয়োজন হয় । চৰকাৰে ধন আৱন্টন নিদিয়াৰ ফলত বাছসমূহ চলাবলৈ বিভাগটো এতিয়া সমস্যাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক: গুৱাহাটী পানী যোগান প্ৰকল্পৰ দুৰ্নীতি: 'জাইকা'ৰ হেঁচাত পুনৰ আৰম্ভ তদন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.