ETV Bharat / state

Pijush Hazarika: টিকট দিব নোৱাৰা বাবেই কংগ্ৰেছৰ বহু নেতা বিজেপিলৈ অহা নাই; মন্ত্রী পীযুষ হাজৰীকা - ভূপেন বৰা

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি আৰু কংগ্ৰেছৰ শীতলযুদ্ধ অব্যাহত আছে ৷ পুনৰ ভূপেন বৰাক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ বিজেপিত যোগদান কৰিব বিচাৰিছে বহু কংগ্ৰেছ নেতাই ৷

Pijush Hazarika
Pijush Hazarika
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:57 PM IST

ভূপেন বৰাক পুনৰ প্ৰত্যাহ্বান মন্ত্রী পীযুষ হাজৰীকাৰ

গুৱাহাটী,২৮ ছেপ্টেম্বৰ: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পুনৰ প্ৰত্যাহ্বান জনালে মন্ত্রী পীযুষ হাজৰীকাই । শেহতীয়াকৈ দুয়োজনৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে পুনৰ ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্রী পীযুষ হাজৰীকা ।

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্রীগৰাকীয়ে ভূপেন বৰাক তেওঁৰ সমষ্টিলৈ আহি প্ৰচাৰ চলাই তেওঁক হৰুৱাবলৈ প্ৰত্যাহ্বান জনায় । আনহাতে ভূপেন বৰাকো তেওঁ একেদৰে প্ৰত্যাহ্বান জনাবলৈ আহ্বান জনায় ।

ইফালে, কংগ্ৰেছ দলত ৰাজনৈতিক দলৰ বহু নেতাৰ যোগদানৰ চৰ্চাৰ প্ৰসংগত তেওঁ কয় যে আঞ্চলিক দল এজেপিৰ কোনোবাই যোগদান কৰে যদি তেওঁ নাজানে । কিন্তু বিজেপিৰ কোনো এজনেও যোগদান নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

তেওঁ লগতে কয় যে কংগ্ৰেছৰ বহুসংখ্যক লোকে টিকট বিচাৰি বিজেপিলৈ আহিব বিচাৰিছে । বিজেপিয়ে টিকট দিব নোৱাৰে বাবেই তেওঁলোকে যোগদান নকৰে বুলি সদৰী কৰি তেওঁ কয় যে টিকট দিলে আজিয়েই আহি যোগদান কৰিব ।

আনকি তেওঁ গোস্বামী, বৰদলৈ, গগৈ আদি উপাধিৰ কংগ্ৰেছৰ ডাঙৰ নেতাসকলে বিজেপিত যোগদান কৰিব বিচাৰে বুলি সদৰী কৰি কয় যে বিজেপিয়ে তেওঁলোকক টিকট দিব নোৱাৰে । তেওঁ লগতে কয় যে কংগ্ৰেছ দলক অসমৰ ৰাইজেই খালী কৰিছে । বিগত সময়ত নামনিত কংগ্ৰেছে কিছু প্ৰভাৱ বিস্তাৰ কৰিছিল যদিও এইবাৰ বিজেপিয়ে প্ৰভাৱ বিস্তাৰ কৰিব বুলি তেওঁ কয় ।

ইফালে, যোগদানৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । এক বিবৃতি যোগে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই কয় যে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হয় যে ১১ অক্টোবৰত কিছুসংখ্যক লোক আৰু কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিষ্ঠিত লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব ।

কিন্তু ইয়াক লৈ যিসমূহ বা-বাতৰি প্ৰকাশিত হৈ আছে আৰু কিছুমান নামৰ চৰ্চা হৈ আছে সেয়া সম্পূৰ্ণৰূপে শুদ্ধ নহয় । শাসকীয় পক্ষই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে একাংশ নেতাৰ নাম প্ৰচাৰ কৰিছে । তেনে কথাত পতিয়ন নাযাবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে ।

বিবৃতিটোত কোৱা হয় যে প্ৰদেশ কংগ্ৰেছে এতিয়ালৈকে যোগদানৰ কোনো তালিকা প্ৰকাশ কৰা নাই । ১১ অক্টোবৰ আৰু নৱেম্বৰৰ শেষৰ ফালে কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ একাংশ ৰাজনৈতিক নেতাই দলটোত যোগদান কৰিবৰ বাবে প্ৰস্তুতি চলাইছে আৰু এই লৈ বিভিন্ন ধৰণৰ আলোচনা অব্যাহত আছে ।

কিন্তু এতিয়ালৈকে চূড়ান্ত তালিকা সম্পূৰ্ণ হোৱা নাই আৰু প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো নাম ঘোষণা কৰা নাই । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা স্পষ্ট কৰি দিয়া বুলি বিবৃতিটোত কোৱা হয় ।

লগতে পঢ়ক: Meitei youths killed: প্ৰধানমন্ত্ৰীৰ বাবে মণিপুৰ নাই; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.