ETV Bharat / state

গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প

২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰ’ল পাম্প সমূহ বন্ধ ৰখাৰ কাৰ্যসূচী ঘোষণা কৰিছে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাই ।

author img

By

Published : Oct 20, 2021, 5:41 PM IST

Petrol pump to remain closed in Guwahati city for 48 hours
গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প

গুৱাহাটী, ২০ অক্টোবৰ : গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প । ২২ অক্টোবৰৰ পৰা বন্ধ থাকিব গুৱাহাটীৰ পেট্ৰ’ল পাম্পসমূহ । ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰ পুৱা ৬ বজালৈ গুৱাহাটীৰ পেট্ৰ’ল পাম্পসমূহ বন্ধ থাকিব ।

পেট্ৰ’ল কোম্পানীৰ মইমতালিৰ বিৰোধিতাৰে এই বন্ধৰ আহ্বান জনাইছে উত্তৰ পূৱ ভাৰত পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাই । উল্লেখ্য যে, অ’ইল মাৰ্কেটিং কোম্পানীৰ সৈতে চলি থকা মতানৈক্যৰ বাবে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে পূৰ্বেও এনে কাৰ্যসূচী গ্ৰহণ কৰিছিল । এইবাৰ পুনৰ ৪৮ ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰ’ল পাম্প সমূহ বন্ধ ৰখাৰ কাৰ্যসূচী ঘোষণা কৰিছে ।

নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ লিখা এখন পত্ৰত এই কথা উল্লেখ কৰিছে । পত্ৰখনত উল্লেখ কৰা অনুসৰি ২২ অক্টোবৰৰ পুৱা পৰা ৪৮ ঘণ্টাৰ বাবে কামৰূপ মহানগৰ জিলাত পেট্ৰ’ল পাম্প সমূহ বন্ধ থাকিব ।

অ’ইল মাৰ্কেটিং কোম্পানীৰ একপক্ষীয় আৰু অনিষ্টকাৰী সিদ্ধান্তই পেট্ৰ’লিয়াম ব্যৱসায়ত পেলাব পৰা কুপ্ৰভাৱৰ বাবেই নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে এই সিদ্ধান্ত লয় বুলি জনায় । এই বিষয়টো সম্পৰ্কত কামৰূপ মহানগৰ জিলা উপাযুক্তক নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে পূৰ্বেও দৃষ্টিগোচৰ কৰিছিল ৷ কিন্তু অ’ইল মাৰ্কেটিং কোম্পানীয়ে সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ সদভাৱ প্ৰদৰ্শন নকৰিলে বুলিও পত্ৰখনত নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনে উল্লেখ কৰে ।

লগতে পঢ়ক: নগাঁৱত 80 লাখ টকা মূল্যৰ হেৰ’ইন জব্দ, আটক 4 সৰৱৰাহকাৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.