ETV Bharat / state

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নাগৰিকলৈ আহিল ডি ভোটাৰৰ জাননী - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পোৱাৰ পিছতো অব্যাহত আছে ডি ভোটাৰ জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া । আনকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত হোৱা লোকসকলোকো প্ৰেৰণ কৰা হৈছে ডি ভোটাৰৰ জাননী । বঙাইগাঁও জিলাৰ ঝাৰাগুৰিৰ নৱমীবালা আৰ্য আৰু কল্পনাবালা আৰ্য নামৰ দুগৰাকী মহিলাৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ পিছতো মহিলা দুগৰাকীলৈ প্ৰেৰণ কৰা হয় ডি ভোটাৰৰ জাননী ।

People who registered name in NRC become D Voter Guwahati kamrup metro assam etv bharat news
ডি ভোটাৰ
author img

By

Published : Mar 1, 2020, 5:08 AM IST

গুৱাহাটী,29 ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামৰ আৰম্ভ হোৱাৰ বাবে আশা কৰা হৈছিল যে ৰাজ্যৰ বৈধ ভাৰতীয় নাগৰিকে দীৰ্ঘদিনে বহন কৰি অহা অবৈধ নাগৰিকৰ বোজাৰ পৰা সকাহ পাব ৷ লগতে সমাপ্ত পৰিব ডি ভোটাৰ জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া । কিন্তু বাস্তৱ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পোৱাৰ পিছতো অব্যাহত আছে ডি ভোটাৰ জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া । আনকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত হোৱা লোকসকলোকো প্ৰেৰণ কৰা হৈছে ডি ভোটাৰৰ জাননী । জানিব পৰা মতে,বঙাইগাঁও জিলাৰ ঝাৰাগুৰিৰ নৱমীবালা আৰ্য আৰু কল্পনাবালা আৰ্য নামৰ দুগৰাকী মহিলাৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ পিছতো মহিলা দুগৰাকীলৈ প্ৰেৰণ কৰা হয় ডি ভোটাৰৰ জাননী । ২০০৯ চনত মহিলা দুগৰাকীৰ নামত ডি ভোটাৰৰ জাননী জাৰি কৰা হৈছিল যদিয়ো মহিলা দুগৰাকীয়ে ভাৰতীয় নাগৰিকৰ নথি-পত্ৰ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰে ।

উক্ত ঘটনাৰ কিছুদিন পিছত অৰ্থাৎ ২০০৯ চনৰ ডি ভোটাৰৰ জাননী মহিলা দুগৰাকীৰ ঠিকনাত কিছুদিন পূৰ্বে প্ৰেৰণ কৰে । শনিবাৰে ছাৰা অসম বাঙালী ঐক্যমঞ্চই এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে ৷ বঙাইগাঁও জিলাৰ লগতে কেইবাখনো জিলাত বহুসংখ্যক বাঙালী লোকৰ নাম ৰাষ্ট্রীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত হোৱাৰ পিছতো ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰি হাৰাশাস্তি কৰা হৈছে । মঞ্চৰ সাধাৰণ সম্পাদক অমৃত লাল দাসে ডি ভোটাৰৰ জাননী লাভ কৰা লোকৰ নাম কেনেকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে । যদিহে এগৰাকী ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হৈছে তেন্তে কি যুক্তিত ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰা হৈছে বুলিয়ো প্ৰশ্ন উত্থাপন কৰে কৰে সম্পাদকগৰাকীয়ে ।

বিসংগতিৰ অভিযোগ

আনহাতে,চিৰাং জিলাৰ অৰুণ সূত্ৰধৰ নামৰ এজন ব্যক্তিক আৰক্ষীয়ে প্রায় ১০ মাহ পূৰ্বে থানালৈ মাতি নি লোকজনক গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে। সংগঠনটোৰ উপদেষ্টা গৌতম দত্তয়ে জানিবলৈ দিয়া অনুসৰি,অৰুণ সূত্ৰধৰৰ নামত বিদেশী বুলি কোনো ধৰণৰ জাননী অহা নাছিল ৷ অৰুণ সূত্ৰধৰ এজন প্ৰকৃত ভাৰতীয় তথা ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিবলৈ ব্যক্তিগৰাকীৰ সকলো নথি-পত্ৰ যুগুত আছে । দত্তয়ে অভিযোগ উত্থাপন কৰে যে,বঙালী ভাষী লোকসকলক বিদেশীৰ নামত অযথা হাৰাশাস্তি প্ৰদান কৰা হৈছে ।

অব্যাহত আছে ডি ভোটাৰ জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া

ছাৰা অসম বাঙালী ঐক্য মঞ্চই চৰকাৰক আহ্বান জনায় যে,প্ৰকৃত ভাৰতীয় নাগৰিক সকলক বিদেশীৰ নামত হাৰাশস্তি প্ৰদান কৰা বন্ধ কৰা উচিত । অবৈধ নাগৰিকৰ নামত যিসকল প্ৰকৃত ভাৰতীয় লোক ডিটেনশ্যন কেম্পত বন্দী হৈ আছে তেওঁলোকক শীঘ্ৰে মুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে ।

লগতে চাওকঃঅসম বাজেট 2020ৰ পৰা কি আশা ব্যৱসায়ীসকলৰ!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.