ETV Bharat / state

ৰঞ্জন দৈমাৰীৰ ফাঁচী বিচাৰিছে কোনে ? - অসমৰ কলংকিত ইতিহাস

২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী, বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰৰ প্ৰায় দহটা স্থানত এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটে সংঘটিত কৰিছিল বোমা বিস্ফোৰণৰ ঘটনা ৷ এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী লোকৰ অন্তৰত শোকৰ উদ্ৰেক কৰে।

death penalty of ranjan daimari
death penalty of ranjan daimari
author img

By

Published : Oct 29, 2020, 9:10 PM IST

গুৱাহাটী, ২৯ অক্টোবৰ : কাইলৈ 30 অক্টোবৰ ৷ আকৌ আহিল সেই ক’লা দিনটো । ৮১ গৰাকী লোকৰ জীৱন কাঢ়ি নিয়া তথা ৪৭০ গৰাকী লোকক পংগুত্বক আঁকোৱালি ল’বলৈ বাধ্য কৰা এই দিনটোতে অসমৰ কলংকিত ইতিহাস ৰচনা কৰি ধাৰাবাহিক বিস্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে । প্ৰত্যেক বছৰৰ দৰে এইবাৰো ১৩ বছৰত ভৰি দিয়া সন্ত্ৰাসবাদীৰ হাতত নিহতসকলৰ প্ৰতি কাইলৈ সমবেদনা জনাব ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনে ।

২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী, বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰৰ প্ৰায় দহটা স্থানত এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটে সংঘটিত কৰিছিল বোমা বিস্ফোৰণৰ ঘটনা ৷ এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী লোকৰ অন্তৰত শোকৰ উদ্ৰেক কৰে।

ৰঞ্জন দৈমাৰীৰ ফাঁচী বিচাৰিছে কোনে ?

উল্লেখযোগ্য যে বিদ্ৰোহী সংগঠন এন ডি এফ বি (ৰঞ্জন দৈমাৰী)-এ গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কৰিছিল এলানি ধাৰাবাহিক বিস্ফোৰণ । এই ভয়াবহ বিস্ফোৰণ কাণ্ডত আদালতে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে ক্ৰমে ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, নীলিম দৈমাৰী, জয়ন্তী ব্ৰহ্ম, অজয় বসুমতাৰী, প্ৰভাত বড়ো, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বসুমতাৰী, ৰাজেন গয়াৰী, বি থৰাই, মিথু ব্ৰহ্ম, আনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, লৌকো বসুমতাৰী আৰু বৈশাখী বসুমতাৰীক ।

কিন্তু বিস্ফোৰণৰ আঁৰত থকা মূল খলনায়ক ৰঞ্জন দৈমাৰীৰ শাস্তিৰ প্ৰতি এতিয়াও সন্তুষ্ট নহয় বহু লোক । এগৰাকী ব্যৱসায়ীয়ে ইটিভি ভাৰতৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে, ৰঞ্জন দৈমাৰীৰ হত্যালীলাৰ পৰিপ্ৰেক্ষিতত বহুতৰে জীৱনলৈ কাল অমানিশা নামি আহিল । বজাৰৰ পৰিবেশেই সলনি হৈ গ’ল । সেয়ে ৰঞ্জন দৈমাৰীৰ ফাঁচী দিয়াৰ দাবী জনায় ব্যৱসায়ীগৰাকীয়ে ।

লগতে পঢ়ক : আমুৰ ফেলকন:উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰক চহকী কৰা অন্যতম পক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.