ETV Bharat / state

24 ঘন্টাই নহ’লেও ২৩ ঘন্টা বিদ্যুৎ লাভ কৰিব ৰাজ্যবাসীয়ে

author img

By

Published : May 30, 2022, 10:49 PM IST

24 ঘন্টাই নহলেও ২৩ ঘন্টা বিদ্যুৎ লাভ কৰিব ৰাজ্যবাসীয়ে ৷ মঙলবাৰে ৰাজ্যত মুকলি হ’ব ৭০ মেগাৱাট সৌৰ শক্তি উৎপাদন কেন্দ্ৰ । ৰাজ্যত বৈদ্যুতিক তাঁৰে যিসমূহ অঞ্চলক সাঙুৰি ল’ব পৰা নাযায়, তেনে অঞ্চলত সৌৰ শক্তিৰে বিদ্যুৎ যোগান ধৰিব অসম চৰকাৰে । সোমবাৰে শক্তিমন্ত্ৰীয়ে(Power minister Bimal Bora) জানিবলৈ দিলে এই কথা ৷

Power minister Bimal Bora
24 ঘন্টাই নহ’লেও ২৩ ঘন্টা বিদ্যুৎ লাভ কৰিব ৰাজ্যবাসীয়ে

গুৱাহাটী, ৩০ মে’: মঙলবাৰে ৰাজ্যত মুকলি হ’ব ৭০ মেগাৱাট সৌৰ শক্তি উৎপাদন কেন্দ্ৰ । শিৱসাগৰৰ আমগুৰিত অসম চৰকাৰৰ শক্তি বিভাগৰ দ্বাৰা স্থাপন কৰা কেন্দ্ৰটো মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩৪৪ কোটি টকা ব্যয় সাপেক্ষে ২০১৯ চনত কাম আৰম্ভ কৰা সৌৰ শক্তি কেন্দ্ৰটো মুকলি কৰা কথা অৱগত কৰে শক্তিমন্ত্ৰী বিমল বৰাই (Power minister Bimal Bora) ।

উল্লেখ্য যে, বকোত ২৫ মেগাৱাট, ওদালগুৰিত ২৫ মেগাৱাট, কাছাৰত ২৫ মেগাৱাট, চামগুৰিত ১০ মেগাৱাট, তেজপুৰত ৫ মেগাৱাট, তেজপুৰৰ পতঞ্জলিত ৪ মেগাৱাট বিদ্যুৎ উৎপাদন হৈ আছে সৌৰ শক্তিৰ দ্বাৰা ৷ ইয়াৰ উপৰিও ৩৫ মেগাৱাট ৰোফ ট্ৰাফ সৌৰশক্তি ৰাজ্যত উৎপাদন হৈ আছে । মঙলবাৰে ৭০ মেগাৱাটৰ কেন্দ্ৰটো মুকলি হ’লে ইয়াৰ পৰিমাণ ২১৫ মেগাৱাটলৈ বৃদ্ধি পাব ৷ এই কথা জানিবলৈ দিয়ে শক্তিমন্ত্ৰীগৰাকীয়ে ৷

গুৰুত্বপূৰ্ণ কথা যে, ১০০০ মেগাৱাট বিদ্যুৎ সৌৰশক্তিৰ দ্বাৰা উৎপাদনৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে (Solar power plant in Assam) । আগন্তুক ৩ বছৰৰ ভিতৰত এই লক্ষ্যত উপনীত হ’ব বুলিও বিমল বৰাই মন্তব্য কৰে ৷ উল্লেখ্য যে ১ মেগাৱাট সৌৰ শক্তি উৎপাদন কৰা বাবে প্ৰায় ১৩ বিঘা মাটিৰ প্ৰয়োজন হয় । ৰাজ্যত বৈদ্যুতিক তাঁৰে যিসমূহ অঞ্চলক সাঙুৰি ল’ব পৰা নাযায় তেনে অঞ্চলত সৌৰ শক্তিৰে বিদ্যুৎ যোগান ধৰিব অসম চৰকাৰে । ইফালে অসমে কম সময়তে ১০০% বৈদ্যুতিক সংযোগ দিবলৈ সক্ষম হ’ব বুলিও মন্ত্ৰী বৰাই কয় ।

অহা ৩ বছৰৰ ভিতৰত ৰাইজে বিচৰা ধৰণে 24 ঘন্টাই নহলেও ২৩ ঘন্টা বিদ্যুৎ লাভ কৰিব বুলি মন্ত্ৰী বৰাই কয় ।

লগতে পঢ়ক: ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.