ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা: ভূ-গৰ্ভৰ পানীৰ বাবেও এতিয়াৰে পৰা ভৰিব লাগিব কৰ

author img

By

Published : Sep 26, 2022, 7:09 PM IST

ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰৰ বাবে কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক (people have to pay taxes for using groundwater)৷ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এক নিৰ্দেশনাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷

people have to pay taxes for using groundwater
কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা: ভূ-গৰ্ভৰ পানীৰ বাবেও এতিয়াৰে পৰা ভৰিব লাগিব কৰ

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: ভূ-গৰ্ভৰ পানীতো এতিয়াৰে পৰা ভৰিব লাগিব কৰ (people have to pay taxes for using groundwater) ৷ এইবাৰ পানীৰ নামতো কেন্দ্ৰীয় চৰকাৰে জনতাৰ পৰা কৰ-কাটল আদায়ৰ ব্যৱস্থা কৰিছে ৷ অত্যাৱশকীয় প্ৰতিবিধ সামগ্ৰীৰ পিছত এইবাৰ পানীৰ ওপৰতো কৰ আৰোপৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে । শেহতীয়াকৈ এই বিষয়ে সদৰি কৰি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা । যি নিৰ্দেশনাৰ বাবে অসমৰ নগৰাঞ্চলৰ সকলো লোকে এক অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হ'ব ।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভেলপাৰ্ছ এছ'চিয়েচন চমুকৈ 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই । শৰ্মাই কয় যে, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা এই নিৰ্দেশনাই ভয়াৱহ সংকট কঢ়িয়াই আনিব ।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৱাসিক এপাৰ্টমেণ্ট, গোট হাউচিং চ'চাইটি, চৰকাৰী পানী যোগান সংস্থা, নগৰ অঞ্চলত বৃহৎ পৰিমাণৰ পানী যোগানকৰ্তা নাইবা ঘৰুৱা ব্যৱহাৰকাৰীকে ধৰি সকলো ভূ-গৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে ।

যাৰ ফলত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব । উল্লিখিত ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীসকলে নতুন নিৰ্দেশনা অনুসৰি পঞ্জীয়ন মাচুল পৰিশোধ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক । কিন্তু পঞ্জীয়ন কৰিবলৈ যাওঁতে আবেদনকাৰীয়ে চৰকাৰীভাৱে যে, পানী যোগান ধৰিবলৈ অসমৰ্থ তাৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগিব । লগতে মানিব লাগিব আন কেতবোৰ নিয়ম ।

ভূ-গৰ্ভৰ পানীৰ বাবেও এতিয়াৰে পৰা ভৰিব লাগিব কৰ

পঞ্জীয়ন কৰিবলৈ যাওঁতে পৰিশোধ কৰিব লাগিব এক লাখ টকাৰ জৰিমনা । আনহাতে ব্যৱহাৰ কৰা পানীৰ বিপৰীতে ডিজিটেল পেইজ'মিটাৰ স্থাপন কৰি বিল দিব লাগিব । অৰ্থাৎ মিটাৰ ৰিডিং অনুসৰি পানীৰ মাচুল আদায় দিব লাগিব । সেইদৰে বিল্ডিঙত নৰ্দমা শোধন প্ৰকল্প স্থাপন কৰিব লাগিব আৰু যাৰ দ্বাৰা শৌচাগাৰৰ ফ্লাচিং, বাগিচা আৰু গাড়ী ধোৱাৰ বাবে পানীৰ পুনৰ ব্যৱহাৰ কৰিব লাগিব । এই সমগ্ৰ প্ৰক্ৰিয়া সম্পাদন কৰাৰ অন্তিম দিন ৩০ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে ।

শৰ্মাই লগতে কয় যে, ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰণালয় (জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন বিভাগ) (কেন্দ্ৰীয় ভূ-জল কৰ্তৃপক্ষ)ৰ দ্বাৰা জাৰি কৰা ২০২০ চনৰ ২৪ ছেপ্টেম্বৰৰ এক অধিসূচনাৰ আধাৰত এই নিৰ্দেশ দিয়া হৈছে (Ministry of Water Resources, Government of India)। কেন্দ্ৰীয় চৰকাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই দাবী কৰা অনুসৰি ২০১৫ চনৰ পৰা বাতৰি কাকতত কেইবাটাও ৰাজহুৱা জাননী জাৰি কৰা হৈছে । দুৰ্ভাগ্যবশতঃ এই বিভ্ৰান্তিকৰ দিশটোৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ লোৱা নাছিল । আইনী জটিলতাৰ জ্ঞান নথকা ৰাইজৰ মাজত এই বিষয়টো ভালদৰে প্ৰচাৰিত হোৱা নাছিল ।

লক্ষণীয় বিষয় যে, পানীৰ ওপৰত অধিকাৰ তথা নিয়ন্ত্ৰণ ৰাজ্য চৰকাৰৰ অধীনৰ বিষয় । পানী যোগানৰ বাবে ব্ৰহ্মপুত্ৰত প্ৰচুৰ উপলব্ধতা থকা স্বত্বেও চৰকাৰে পানী যোগান ধৰিব পৰা নাই আৰু ইতিমধ্যে পৌৰসভাসমূহে পানী যোগান নধৰাকৈয়ে আৰোপ কৰা পানী কৰৰ বোজা বহন কৰি আহিছে জনসাধাৰণে । ইফালে গুৱাহাটীত চৰকাৰী পানী যোগান আঁচনিয়ে জনসংখ্যাৰ মাত্ৰ ৩০ শতাংশ সামৰি লয় ।

ৰাজ্যৰ বাকী অংশৰ অৱস্থা আৰু অধিক বেয়া । যাৰ বাবে নাগৰিকে জীয়াই থকাৰ বাবে কেৱল ভূ-গৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাহিৰে অন্য বিকল্প নাই । নাগৰিকে নিজা ব্যয়ৰে ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰি আহিছে । কিন্তু এতিয়া জনসাধাৰণক পানী ব্যৱহাৰৰ বাবে অসম ভূ-জল নিয়ন্ত্ৰণ আৰু নিয়ামক আইন ২০১২ আৰু পৌৰসভাৰ পানী কৰৰ উপৰিও অতিৰিক্ত কৰৰ বোজা জাপি দিবলৈ বিচৰা হৈছে (Assam Ground Water Control and Regulation Act) ।

তদুপৰি নিৰ্দেশনা অনুসৰি এটা সম্পূৰ্ণ আৰু অধিকৃত বিল্ডিঙত নতুন প্লাম্বিং নেটৱৰ্কৰ সৈতে নৰ্দমা শোধন প্ৰকল্প স্থাপন কৰাটো কাৰিকৰীভাৱে অসম্ভৱ। ভয়াৱহ এই সংকটৰ কথা উল্লেখ কৰি শৰ্মাই সৰ্বসাধাৰণে নিত্য প্ৰয়োজনীয় অভাৱ পূৰণ কৰিব নোৱাৰা এই পৰিস্থিতিত পানীৰ ওপৰত একাধিক কৰ আৰোপৰ পৰা অসমৰ জনসাধাৰণক সকাহ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনায় ।

পানী জীৱনৰ বাবে এক মৌলিক প্ৰয়োজনীয়তা আৰু এইক্ষেত্রত এনে কৰৰ বোজাই জনসাধাৰণক জুৰুলা কৰিব বুলি শৰ্মাই কয় । লগতে চৰকাৰে পানীৰ ওপৰত থকা জনতাৰ অধিকাৰ কাঢ়ি নিব বিচৰা কাৰ্যক ক্ষুৰধাৰ সমালোচনা আগবঢ়ায় 'এৰিডা'ৰ সাধাৰণ সম্পাদক দিপজ্যোতি বৰুৱাই ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী আৰু সদ্ গুৰুৱে কোনো আইন উলংঘা কৰা নাই : এম কে যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.