গুৱাহাটী , 12 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে জনতা । বৃহস্পতিবাৰে লতাশিল খেলপথাৰলৈ সমাগম ঘটিল লাখ-লাখ জনতাৰ । কেবৰ বিৰুদ্ধে অসমৰ জনগণ কেৱল ৰাজপথতেই নহয় প্ৰতিবাদৰ বাবে একত্ৰিত হৈছে লতাশিল খেলপথাৰত ৷
বৃহস্পতিবাৰে কেবৰ বিৰুদ্ধে শিল্পী সমাজ আৰু আছুৰ নেতৃত্বত লতাশিললৈ প্ৰতিবাদৰ বাবে ওলাই আহিল সহস্ৰাধিক জনতা । কেৱল কেবৰ বিৰোধিতাই নহয় বিজেপি চৰকাৰৰ বিৰুদ্ধেও এই প্ৰতিবাদ । লাখ-লাখ মানুহৰ দাবী কেব কেতিয়াও মানি লোৱা নহ'ব । প্ৰয়োজন হ'লে মৃত্যুক সাৱটি ল'বলৈও সাজু অসমীয়া ৷ ৰাজ্যসভাত কেব গৃহীত হ'লেও কেতিয়াও মানি নলয় অসমৰ জনসাধাৰণে । ব্যক্তিগত বাহন অথবা কোনো গাড়ীত নহয় দূৰ-দূৰণিৰ পৰা খোজ কাঢ়িয়ে প্ৰতিবাদত অংশ ল'বলৈ আহিল হাজাৰ হাজাৰ জনতা ।
আৰু পঢ়ক : বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল পাঠশালা