ETV Bharat / state

Price of cooking gas: চাৰিশৰ পৰা বাৰশলৈ বৃদ্ধি পোৱা ৰন্ধন গেছৰ দাম দুশ টকা কমিল; সন্তুষ্ট নহয় ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 3:50 PM IST

আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনত মানুহক যাতে আকৌ এবাৰ ঠগিব পাৰে তাৰ বাবেই চৰকাৰে চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰিছে, এই মন্তব্য কৰিছে ৰাজ্যৰ সচেতন ৰাইজে ৷

reduce price of cooking gas before election
চিলিণ্ডাৰৰ মূল্য দুশ টকা কমিল

চিলিণ্ডাৰৰ মূল্য দুশ টকা কমিল

গুৱাহাটী, ৩০ আগষ্ট : কেন্দ্ৰীয় চৰকাৰে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ২০০ টকাকৈ ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰিছে । তদুপৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনৰ হিতাধিকাৰীৰ বাবে চিলিণ্ডাৰৰ মূল্য ৪০০ টকাকৈ হ্ৰাস কৰিছে । চৰকাৰে ৰাইজক এই সকাহ দিয়াৰ বাবে বহুতে আদৰণি জনাইছে যদিও এই কাৰ্যক বহুতে আকৌ সমালোচনাও কৰিছে ।

চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাক লৈ চৰকাৰক সমালোচনা কৰাৰ কাৰণ হ’ল আগন্তুক নিৰ্বাচন ৷ কিয়নো পাঁচখন ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচন আৰু ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই দুশ টকা কমোৱা হৈছে বুলি চৰকাৰক সমালোচনা কৰিছে একাংশই । ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰ এই সিদ্ধান্তক তেওঁলোকে আদৰণি জনাইছে যদিও চৰকাৰে হঠাৎ যে ৰন্ধন গেছৰ দাম কমাইছে তাৰ নিৰ্দ্দিষ্ট কাৰণ আছে ।

আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনত মানুহক যাতে আকৌ এবাৰ ঠগিব পাৰি তাৰ বাবেই এই ২০০ টকা হ্ৰাস কৰিছে বুলি উল্লেখ কৰিছে তেওঁলোকে । ২০১৪ চনত বিজেপি চৰকাৰ অহাৰ পূৰ্বে প্ৰায় ৪১০ টকা আছিল ৰন্ধন গেছৰ মূল্য । সেই দাম বাঢ়ি বাঢ়ি এইখন চৰকাৰৰ দিনত হয়গৈ প্ৰায় ১২০০ টকা ৷ এতিয়া ২০০ টকা হ্ৰাস কৰাটোক কোনোপধ্যে মূল্য হ্ৰাস কৰা বুলি ক’ব নোৱাৰি । ৬০০ টকা যেতিয়া কমাব তেতিয়াহে এইখন চৰকাৰে ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা বুলি ক’ব পৰা যাব ।

উল্লেখ্য যে, ২০১৪ চনত মোদী চৰকাৰ অহাৰ পূৰ্বে ৰন্ধন গেছৰ মূল্য আছিল ৪১০ টকা । মোদী চৰকাৰৰ দিনত ২০২৩ চনৰ ২৯ আগষ্টলৈ ৰন্ধন গেছৰ মূল্য হয়গৈ ১১৫২ টকা । ২০০ টকাকৈ ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ পিচত গুৱাহাটী ৰন্ধন গেছৰ মূল্য ৯৫২ টকা হৈছে । ডিমা হাচাওত ৰন্ধন গেছৰ মূল্য ১২৬১.৫ টকাৰ পৰা ১০৬১.৫ টকা, কাছাৰত ১২৩৭.৫ পৰা ১০৩৭.৫ টকা, কৰিমগঞ্জত ১২৩৭.৫ পৰা ১০৩৭.৫ টকা, হাইলাকান্দিত ১২৪৬ পৰা ১০৪৬ টকা, গুৱাহাটীত ১১৫২ পৰা ৯৫২ টকা হৈছে ।

লগতে পঢ়ক : ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী তিনিচুকীয়া জিলা মহিলা কংগ্ৰেছৰ কমিটিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.