গুৱাহাটী, ৩ জুন: আলফা (স্বাধীন)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাক শান্তি আলোচনাৰ মেজলৈ আনি বহুওৱাৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে । যদিওবা এই পৰ্যন্ত আনুষ্ঠানিকভাৱে এই প্ৰসংগত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ কিম্বা পৰেশ বৰুৱাই কোনো কথাই প্ৰকাশ কৰা নাই, কিন্তু সমগ্ৰ ঘটনাক্ৰম আৰু গতিবিধিয়ে বহু কথাৰেই ইংগিত দিছে ।
চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(HIMANTA BISWA SARMA)ই দিল্লীত অতি তৎপৰতাৰে আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া । মন কৰিবলগীয়া যে, বুধবাৰে দিল্লীত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই "ৰ"(R&AW)ৰ মুৰব্বী শ্যামন্ত গোৱেল, কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা(AJAY KUMAR BHALLA) আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল(AJIT DOVAL)ৰ সৈতে সুকীয়া সুকীয়াকৈ বৈঠকত মিলিত হয় ।
![peace talk with Paresh Baruah](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-talk-process-paresh-baruah-7206058_03062021122939_0306f_1622703579_724.jpeg)
এই তিনিওখন বৈঠক সন্দৰ্ভত চৰকাৰীভাৱে কোনো কথা প্ৰকাশ কৰা হোৱা নাই যদিও ৰাজ্যৰ গৃহ বিভাগৰ এক শীৰ্ষ সুত্ৰই জনোৱা মতে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ কিদৰে আনিব পাৰি সেয়াই আছিল বৈঠকৰ প্ৰধান উদ্দেশ্য । স্মৰ্তব্য যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই ডঃ শৰ্মাই পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ আহ্বান জনাইছিল ।
![peace talk with Paresh Baruah](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-talk-process-paresh-baruah-7206058_03062021122939_0306f_1622703579_797.jpeg)
মুখ্যমন্ত্ৰীৰ এনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২৪ ঘন্টাৰ ভিতৰতে পৰেশ বৰুৱাই ঘোষণা কৰিছিল যে, আগন্তুক তিনি মাহৰ বাবে আলফা (স্বাধীন)ই যুদ্ধবিৰতিৰ সিদ্ধান্ত লৈছে । একেদৰে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পৰেশ বৰুৱাই মুকলি কৰি দিছিল অ' এন জি চিৰ অপহৃত অভিযন্তা ৰিতুল শইকীয়াকো ।
![peace talk with Paresh Baruah](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-talk-process-paresh-baruah-7206058_03062021122939_0306f_1622703579_215.jpeg)
স্বাভাৱিকতে চৰকাৰ আৰু পৰেশ বৰুৱা উভয়ৰে এনেধৰণৰ কাম-কাজে এক ইতিবাচক ইংগিত বহন কৰিছিল । কিন্তু ইয়াৰ মাজতে ২৯ মে'ত কোনো অজ্ঞাত স্থানৰ পৰা পৰেশ বৰুৱাই প্ৰায় আধা ঘন্টাজোৰা এক টেলিফোনিক সাক্ষাৎকাৰ প্ৰদান কৰিছিল ই টিভি ভাৰতক । য'ত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে, কেৱল আলোচনাৰ নামত আলোচনা হোৱাটো তেওঁ নিবিচাৰে ।
![peace talk with Paresh Baruah](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-talk-process-paresh-baruah-7206058_03062021122939_0306f_1622703579_958.jpeg)
আনহাতে, এই আলোচনা সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ প্ৰস্তাৱ অহা নাই বুলিও তেওঁ প্ৰকাশ কৰিছিল ই টিভিৰে হোৱা উক্ত সাক্ষাৎকাৰত । তেনেক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী ডঃ শৰ্মাই "ৰ" ৰ মুৰব্বী শ্যামন্ত গোৱেল, গৃহ সচিব ভাল্লা আৰু নিৰাপত্তা উপদেষ্টা ডোভালক সাক্ষাৎ কৰাটো গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে ।