গুৱাহাটী,11ডিচেম্বৰ : শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক হিতাধিকাৰীৰ মাজত প্ৰায় পাঁচ শতাধিক হাঁহ আৰু গাহৰিৰ পোৱালী বিতৰণ কৰিলে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে ৷ অসম পশুধন নিগমৰ কাৰ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰিলে পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ৷
মূলতঃ গ্ৰাম্য অৰ্থনীতিক শক্তিশালী আৰু গ্ৰাম্য কৃষকসকলক স্বনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই কাৰ্যসূচীত পশুধন নিগমৰ প্ৰশিক্ষণ প্ৰাপ্ত কৃষক সকলৰ মাজত বিতৰণ কৰে এই হাঁহ আৰু গাহৰিৰ পোৱালী ৷
উল্লেখযোগ্য যে, মহামাৰী ক’ৰণাৰ সময়ৰে পৰা অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰি তুলিবৰ বাবে পথাৰো আমাৰ বজাৰো আমাৰ শীৰ্ষক এক কাৰ্যসূচী হাতত লৈছিল ৷ উক্ত কাৰ্যসূচীৰ আধাৰতেই শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলক বিনামূলীয়াকৈ এই হাঁহ আৰু গাহৰিৰ পোৱালী বিতৰণ কৰে ৷
লগতে পঢ়কঃ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক