ETV Bharat / state

ড৹ নগেন শইকীয়াক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ ক'লে পৰেশ বৰুৱাই - dr nagan saikia

বৰাক সন্দৰ্ভত ড৹ নগেন শইকীয়াই কৰা মন্তব্যৰ কঠোৰ সমালোচনা আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাৰ । ড৹ শইকীয়াই অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে । বৰাকত অসমীয়া ভাষা চলিবই ৷ বাংলা ভাষা সহযোগী ভাষাহে ৷

paresh baruah react on dr nagan saikia's comment on barak valle
ড৹ নগেন শইকীয়াক অসমবাসীৰ ওচৰত ক্ষমা খোজিবলৈ ক'লে পৰেশ বৰুৱাই
author img

By

Published : Oct 23, 2021, 10:41 PM IST

Updated : Oct 24, 2021, 6:48 AM IST

গুৱাহাটী, ২৩ অক্টোবৰ: অসমৰ পৰা বৰাক উপত্যকাক বিচ্ছিন্ন কৰিব লাগে বুলি বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ কৰা মন্তব্যক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাই ।

ড৹ নগেন শইকীয়াৰ বক্তব্যক কঠোৰ সমালোচনা কৰি পৰেশ বৰুৱাই কয়, 'মূৰৰ বিষ হ'লেই মূৰটো কাটি পেলাব নেকি । ড শইকীয়াৰ মন্তব্য অতি জঘন্য ৷ ড৹ শইকীয়াৰ দৰে গণ্যমান্য ব্যক্তিয়ে এনে মন্তব্য কৰিব নালাগে ৷ নিজৰ মন্তব্যতে তেওঁ নিজৰ গৰিমা ম্লান কৰিছে ৷ ড° শইকীয়াই অসমবাসীৰ ওচৰত ক্ষমা খোজিব লাগে।'

লগতে পঢ়ক: উন্নয়নৰ আশ্বাস দি তামুলপুৰত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে

অসমৰ ক্ষেত্রত প্ৰদীপ দত্ত ৰায়ৰ দৰে লোকৰ কোনো অৰিহনা নাই বুলি উল্লেখ কৰি পৰেশ বৰুৱাই কয়,' প্ৰদীপ দত্ত ৰায়ৰ কথা মতেই অসম নচলিব । বৰাকত অসমীয়া চলিবই । বাংলা ভাষা সহযোগী ভাষাহে ৷ কাছাৰত কছাৰী ৰজাৰ ৰাজত্ব আছিল । কাছাৰক আমি বাংলা ভাষীৰ হাতত এৰি নিদিওঁ, লাগিলে কছাৰী নাইবা মণিপুৰীয়ে ৰাজত্ব কৰিব ।'

উল্লেখ্য যে, শেহতীয়াকৈ বৰাকত অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ চলিছে । অসমীয়া ভাষাত লিখা চৰকাৰী বেনাৰত ক'লা ৰং সানি বৰাক উপত্যকাত কোনো পধ্যেই অসমীয়া ভাষাক মানি নোলোৱাৰ হুংকাৰ দিছে একাংশ বাঙালী সংগঠনে । আনকি অসমীয়া জাতীয়তাবাদকো তুচ্ছ তাচ্ছিল্ল কৰিছে সংগঠন কেইটাই ।

যাকলৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । তাৰ মাজতে শুকুৰবাৰে ভাষা ৰক্ষাৰ স্বাৰ্থত বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰিছিল বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই ।

লগতে পঢ়ক: ভবানীপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেদ্ৰ নাথ দাসক ভোট দিবলৈ আহ্বান লুৰিণৰ

Last Updated : Oct 24, 2021, 6:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.