ETV Bharat / state

Oil Palm Tree Plantation: অসমত কিয় প্ৰয়োজন তৈল খেজুৰৰ খেতি,আপ নেতাৰ প্ৰশ্ন

author img

By

Published : Aug 9, 2023, 3:19 PM IST

শদিয়াত তৈল খেজুৰৰ গছ ৰোপণ কৰাৰ পিচতে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া ৷ আপ, অসমৰ সভাপতি ডা৹ ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া ৷ চৰকাৰক সমলোচনা কৰি তেওঁ কয় যে এই খেতিৰ পৰা পাৰিপাৰ্শ্বিকতাত পৰিব কুপ্ৰভাৱ ৷

Oil Palm Tree Plantation
অসমত কিয় প্ৰয়োজন তৈল খেজুৰৰ খেতি

গুৱাহাটী, ৯ আগষ্ট: শদিয়াত ২০ হাজাৰ হেক্টৰ ভূমিত তৈল খেজুৰৰ উৎপাদনৰ বাবে তৈল খেজুৰৰ গছ ৰোপণ কৰাৰ পিচতে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ প্ৰতিক্ৰিয়া প্ৰাকশ কৰিলে আম আদমি পাৰ্টী, অসমৰ নেতাই ৷ অসমৰ পথাৰত আৰম্ভ কৰা তৈল খেজুৰৰ খেতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে । এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে চৰকাৰক সমালোচনা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

তেওঁ কয় যে এই খেতিৰ পৰা পাৰিপাৰ্শ্বিকতাত পৰিব কুপ্ৰভাৱ ৷ যি সময়ত বিশ্বত ব্যৱহৃত পাম অইলৰ সৰ্বাধিক চাহিদা পূৰণ কৰা ইণ্ডোনেছিয়া আৰু ইউৰোপীয় দেশসমূহে এই খেতি নিষিদ্ধ কৰিছে বিপৰীতে অসমত কিয় এই খেতি ! কেন্দ্ৰীয় চৰকাৰে কেৱল অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত এই খেতি কৰাৰ বাবে অনুমোদন জনাইছে।

উদ্ভিদ বিজ্ঞানীসকলৰ উদ্ধৃতি দি ভবেন চৌধুৰীয়ে কয় যে এজোপা তৈল খেজুৰ গছক দৈনিক 300 লিটাৰ পৰ্যন্ত পানীৰ প্ৰয়োজন হয় । ফলত এই খেতিয়ে ভূগৰ্ভস্থ পানী শুহি লৈ সমগ্ৰ অঞ্চলটো খৰাং কৰি তোলে ৷ যি পৰিৱেশত আন কোনো গছ বা খেতিৰ বাবে অঞ্চলটো অনুপযোগী হৈ পৰে । বিজেপিয়ে এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ঔপনিবেশিক দৃষ্টিৰে চায় ৷ যাৰ বাবে পাৰিপাৰ্শ্বিকতাত কুপ্ৰভাৱ থকাৰ পাচতো তৈল খেজুৰৰ খেতি এই অঞ্চলত কৰিবলৈ অনুমোদন দিছে কিয় ? দেশৰ অন্য ৰাজ্যত এই খেতি কিয় কৰোৱা হোৱা নাই !

উল্লেখ্য যে অসমৰ ১৮ খন জিলাত তৈল খেজুৰৰ খেতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি যুগুত কৰি কৃষকক উৎসাহিত কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ অন্তৰ্গত শদিয়াত মঙলবাৰে পতঞ্জলি কোম্পানীয়ে এই খেতিৰ শুভাৰম্ভ কৰে । কিন্তু প্ৰশ্ন হৈছে, বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে যদি এই খেতিয়ে পাৰিপাৰ্শ্বিকতাত কুপ্ৰভাৱ পেলায়, তেন্তে এই বিষয়ত বিজেপি চৰকাৰৰ মৌনতা অসমৰ জনতাৰ বাবে অতি উদ্বেগজনক। বিষয়টো স্পষ্ট কৰি জনতাৰ শংকা দূৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে আম আদমি পাৰ্টীয়ে ।

লগতে পঢ়ক:MP Gaurav Gogoi news: ভিডিঅ’যোগে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীলৈ প্ৰশংসা বাৰ্তা সাংসদ গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.