গুৱাহাটী, ৫ মে’ : অগ্নিগৰ্ভা মণিপুৰৰ পৰা পলায়ান বহু লোকৰ ৷ প্ৰাণৰ মমতাত সীমা পাৰ হৈ অসম পাইছেহি বহু মণিপুৰী লোক ৷ অসম-মণিপুৰ সীমান্তৰ জিৰি নৈ পাৰ হৈ কাছাৰৰ লক্ষীপুৰ সমষ্টিৰ নামজং গাঁৱকে ধৰি বিভিন্ন স্থানত আশ্ৰয় লৈছে পলাই অহা মণিপুৰৰ লোকসকলে (Manipur people in Assam Cachar) ৷
স্কুল আৰু গীৰ্জা ঘৰত আশ্ৰয় লৈছে কমেও ১১০০ তকৈ অধিক মণিপুৰী নাগৰিকে ৷ মণিপুৰী বাসিন্দা থকা অসমৰ সীমান্তৱৰ্তী গাঁৱৰ আত্মীয়ৰ ঘৰতো আশ্ৰয় গ্ৰহণ কৰিছে মণিপুৰৰ পৰা পলাই অহা লোকে । আশ্ৰয় লোৱা লোকসকলক পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কাছাৰ জিলা উপায়ুক্তক তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্বৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷ নিৰ্দেশ অনুসৰি মণিপুৰৰ লোকসকললৈ সহযোগিতা আগবঢ়াইছে কাছাৰ জিলা প্ৰশাসনে (Manipur people seek shelter in Assam) ৷
সীমান্তত ৫ টাকৈ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ৷ বৰ্তমানলৈ প্ৰশাসনৰ তথ্যমতে ১১০০ ৰো অধিক লোক আহিছে যদিও সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । কাৰণ এতিয়াও অসমলৈ জীৱন ৰক্ষা কৰিবলৈ পলায়ন কৰা মণিপুৰী লোকৰ আগমন ঘটিয়েই আছে ৷ কেইবাদিন ধৰি অগ্নিগৰ্ভা পৰিস্থিতি বৰ্তি আছে মণিপুৰত ৷ পৰিস্থিতি চম্ভালিবলৈ দেখা মাত্ৰেই গুলীচালনাৰ নিৰ্দেশ দিছে ৰাজ্যখনৰ ৰাজ্যপালে (Manipur violence) ৷
বৰ্তমানে পৰিস্থিতি কিছু শাম কাটিছে যদিও এই পৰিস্থিতিত প্ৰাণ ৰক্ষা কৰিবলৈ মণিপুৰ এৰিবলৈ আৰম্ভ কৰিছে সহস্ৰাধিক বাসিন্দাই ৷ যোৱা ২৪ ঘন্টাত অসমৰ কাছাৰত আশ্ৰয় লৈছে এই ১১০০ ৰো অধিক মণিপুৰী লোকে ৷ ইফালে, প্ৰাণৰ ভয়ত মণিপুৰৰ পৰা কাছাৰত আশ্ৰয় লোৱাসকলক পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Manipur people are flocking to Assam) ৷
কাছাৰৰ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা লৈ এই নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচত আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰিছে লক্ষীপুৰৰ এছডিঅ’য়ে ৷ জিলাখনৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তায়ে আশ্ৰয় স্থলীত উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থাৰ তদাৰকী কৰিছে (Manipur latest news) ৷
লগতে পঢ়ক : Manipur crisis : নিয়ন্ত্ৰণহীন পৰিস্থিতি; কাছাৰত মণিপুৰৰ শৰণাৰ্থীৰ ভিৰ