গুৱাহাটী, ১ আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিশ্ৰুতিৰ এক লাখ চাকৰি দিয়াৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এবছৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল যদিও দুবছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে । অৱশ্যে আগন্তুক সময়ত সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ।
কিন্তু চৰকাৰখনে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হ'লেও কিন্তু চাকৰিৰ বিলুপ্তিকৰণৰ দিশেও অগ্ৰসৰ হৈছে । ইতিমধ্যে ৰাজ্য চৰকাৰৰ খালী হৈ থকা অলাগতিয়াল পদসমূহ বিলুপ্তি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
এফালে এক লাখ নিযুক্তিৰ লক্ষ্য আৰু আনফালে পদ বিলুপ্তিকৰণৰ চৰকাৰী কচৰতৰ বিপৰীতে দীর্ঘদিন ধৰি ৰাজ্য চৰকাৰখনৰ বিভিন্ন বিভাগত কৰ্মৰত অস্থায়ী-ঠিকাভিত্তিক তথা মাষ্টাৰৰোল-তদৰ্থ ভিত্তিকভাৱে নিযুক্ত লক্ষাধিক কৰ্মচাৰীৰ জীৱনৰ সুৰক্ষাৰ দিশটো আজিও অনিশ্চয়তাত আছে।
চাকৰি নিয়মীয়াকৰণ হ’ব নে নাই তাক লৈ উৎকণ্ঠাত আছে লক্ষাধিক কৰ্মচাৰী । অতি উদ্বেগৰ বিষয় যে চৰম অনিশ্চয়তাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত অস্থায়ী-ঠিকাভিত্তিক তথা মাষ্টাৰৰোল-তদৰ্থ ভিত্তিকভাৱে নিযুক্ত কৰ্মচাৰীসকলে ।
লক্ষণীয় বিষয় যে বিগত সময়ছোৱাত বিভিন্ন বিভাগৰ অস্থায়ী বা মাষ্টাৰৰোলত কৰ্মৰত কৰ্মচাৰীসকলে চাকৰি নিয়মীয়া কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিব লগাত পৰিছে । ধর্মঘট-অনশনৰ দৰে কাৰ্যসূচীও ৰূপায়ণ কৰিছে । কিন্তু ইয়াৰ পিচতো ৰাজ্য চৰকাৰে ৰাজ্যখনৰ এক লাখৰো অধিক অস্থায়ী-মাষ্টাৰৰোল তথা ঠিকাভিত্তিক-তদর্থভিত্তিক চাকৰিয়ালৰ চাকৰি নিয়মীয়াকৰণ অথবা চাকৰিৰ সুনিশ্চিতি প্ৰদান কৰা নাই ।
এনে প্ৰেক্ষাপটত ৰাজ্যখনৰ বিভিন্ন বিভাগত কৰ্মৰত এই লক্ষাধিক চাকৰিয়াল আৰু তেওঁলোকৰ পৰিয়ালে অনিশ্চয়তাৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । তথ্য মতে ৰাজ্য চৰকাৰৰ অধীনস্থ ৫৪ টা বিভাগত অস্থায়ী ৰূপত নিযুক্ত কৰ্মচাৰীৰ সংখ্যা হৈছে ৭৬,৩৭৪ জন । এই অস্থায়ী কৰ্মচাৰীৰ সংখ্যা শিক্ষা আৰু স্বাস্থ্য বিভাগতেই সবাতোকৈ বেছি ।
আনহাতে ৰাজ্যখনৰ চৰকাৰী বিভাগত আজিৰ তাৰিখত ১৫,৭৪৪ জন কৰ্মচাৰীৰ নিযুক্তি ঠিকাভিত্তিক । ইফালে বিভাগসমূহত ৮,০৬৫ জন মাষ্টাৰৰোলৰ চাকৰিয়াল থকাৰ বিপৰীতে তদৰ্থভিত্তিক নিযুক্তিৰেসেৱা আগবঢ়াই আছে ৫,০৭৬ জনে । তথ্য অনুসৰি শিক্ষক-টিউটৰকে ধৰি ৰাজ্যৰ শিক্ষা বিভাগত মুঠ ৪১,০৪৮ জনে অস্থায়ীভাৱে নিযুক্তি লাভ কৰি আছে ।
দীৰ্ঘদিনৰ দাবী আৰু অনুৰোধৰ পিচতো চৰকাৰে এইসকলৰ চাকৰি নিয়মীয়া কৰা নাই । সেইদৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত অস্থায়ী ৰূপত আছে ২১,৭৯৩ জন চাকৰিয়াল । অৱশ্যে এই দুয়োটা বিভাগত মাষ্টাৰৰোল, ঠিকাভিত্তিক তথা তদর্থ ভিত্তিক চাকৰিয়াল নাই ।
আনহাতে কৃষি বিভাগত ৬২১ জন ঠিকাভিত্তিক আৰু ১,২৩৩ জন মাষ্টাৰৰোলৰ চাকৰিয়াল আছে । সেইদৰে পশুপালন আৰু পশু চিকিৎসা বিভাগত ১৬৬ জন ঠিকাভিত্তিক আৰু ১৩ জন মাষ্টাৰৰোলৰ চাকৰিয়াল আছে । সীমান্ত সুৰক্ষা বিভাগত আছে ৭ জন অস্থায়ী কৰ্মচাৰী । সাংস্কৃতিক পৰিক্ৰমা বিভাগত আছে ৫৭ জন মাষ্টাৰৰোলৰ চাকৰিয়াল ।
আনহাতে বন আৰু পৰিবেশ বিভাগৰ ১,৫৩৯ জন চাকৰিয়ালেই মাষ্টাৰৰোলৰ । তথ্য অনুসৰি বিত্ত বিভাগত অস্থায়ীভাৱে নিযুক্ত হৈ আছে ১৫ জন কৰ্মচাৰী । মীন বিভাগত ৪৭ জন ঠিকাভিত্তিকৰ বিপৰীতে ৬৬ জনৰ নিযুক্তি তদৰ্থ ভিত্তিক । ইফালে বহু সংখ্যক পদ খালী হৈ থকা খাদ্য আৰু অসামৰিক যোগান বিভাগত আছে ৩৮০ জন অস্থায়ী কৰ্মচাৰী । উচ্চ শিক্ষাতো আছে ৬৮৮ জন অস্থায়ী নিযুক্তিপ্রাপ্তশিক্ষক-কৰ্মচাৰী ।
গৃহ আৰু ৰাজনৈতিক বিভাগত আছে ২৬৮ অস্থায়ী, ৭৮৮ ঠিকাভিত্তিক আৰু ১২ জন মাষ্টাৰৰোলত চাকৰি কৰা কৰ্মচাৰী । একেদৰে উদ্যোগ আৰু বাণিজ্য বিভাগত অস্থায়ীভাৱে নিযুক্ত ১,৪৯৯ জন কৰ্মচাৰী আছে । সেইদৰে জলসিঞ্চন বিভাগত ৩৪ জন অস্থায়ী, ৩৯০ মাষ্টাৰৰোল আৰু ১৭৭ জন তদৰ্থ ভিত্তিক নিযুক্তি লাভ কৰা চাকৰিয়াল আছে ।
আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২,৮৪৩ জন অস্থায়ী আৰু ৯,৬২৮ জন ঠিকাভিত্তিক কৰ্মচাৰী আছে । শক্তি বিভাগত আছে ১,৮২০ জন অস্থায়ী, ৩,১৪৪ জন ঠিকাভিত্তিক আৰু ৪,৭৭১ জন তদর্থভিত্তিক। জনস্বাস্থ্য কাৰিকৰী বিভাগত আছে ১,৪০৪ জন অস্থায়ী কৰ্মচাৰী । লোক নিৰ্মাণ বিভাগত আছে ২৭০ জন অস্থায়ী, ২৯৬ জন মাষ্টাৰৰোল আৰু ৮০ জন তদর্থভিত্তিক নিযুক্ত কৰ্মচাৰী ।
লোক নিৰ্মাণ বিভাগত (পথ) অস্থায়ীভাৱে ২,২২৮ জন, ঠিকাভিত্তিকভাৱে ১৬০জন আৰু মাষ্টাৰৰোলৰ ১,৬২৪ জন নিযুক্ত হৈ আছে । ৰাজহ বিভাগত আছে ১,২৮৩ জন অস্থায়ী কৰ্মচাৰী । জলসম্পদ বিভাগত ৪৪৬ জন অস্থায়ী আৰু ১০৩ জন মাষ্টাৰৰোলৰ কৰ্মচাৰী আছে । পৰিবহণত ২৮ জন অস্থায়ী আৰু ৮২৪ জন মাষ্টাৰৰোলৰ কৰ্মচাৰী নিযুক্ত হৈ আছে ।
এনেদৰে আন কেইবাটাও বিভাগত অস্থায়ী ৰূপত ৫ শতাধিক কৰ্মচাৰী নিযুক্ত হৈ আছে । চৰকাৰ আহিছে আৰু গৈছে যদিও এই কৰ্মচাৰীসকলে নিজৰ চাকৰিটোক লৈ কোনো ধৰণৰ নিশ্চয়তা লাভ কৰা নাই । প্ৰতিখন চৰকাৰৰ দিনতে এই কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্যৰ বাবে ৰাজপথত আন্দোলন কৰি আহিছে যদিও কোনো এখন চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি অলপো গুৰুত্ব দিয়া নাই ।
বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক লৈ তেওঁলোক আশাবাদী যদিও চৰকাৰখনৰ শেহতীয়া স্থিতিক লৈ শংকিত হৈ পৰিছে । কাৰণ চৰকাৰখনে পদ বিলুপ্তিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে ।
ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা চৰকাৰখনে ৰাজ্যৰ শোচনীয় বিত্তীয় অৱস্থাৰ বাবেই শেহতীয়াকৈ অলাগতিয়াল আৰু অপ্ৰয়োজনীয়তাৰ নামত পূৰ্বৰ পৰা চৰকাৰী বিভাগসমূহত খালী হৈ থকা প ঞ্চাশ শতাংশ পদ বিলোপ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । যাতে কৰ্মচাৰীৰ দা-দৰমহাৰ বোজা হ্ৰাস পায় ৷ তেনেস্থলত উক্ত কৰ্মচাৰীসকল বিশেষভাৱে শংকিত হৈ পৰিছে ।