ETV Bharat / state

Minister Jayanta Malla Baruah: দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ আগ বাঢ়িলেহে ৰাজ্যৰ লগতে দেশৰ বিকাশ হ’ব- জয়ন্ত মল্ল বৰুৱা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত বুধবাৰে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত নৱনিযুক্ত কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ এই অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত নৱ নিযুক্ত 279 গৰাকী কৰ্মচাৰী উপস্থিত থাকে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভাগীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Orientation Program in Guwahati Kalakshetra) ৷

Orientation Program in Guwahati Kalakshetra
নৱনিযুক্ত কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা
author img

By

Published : Jun 7, 2023, 5:41 PM IST

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ৱনিযুক্ত কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান

গুৱাহাটী, 7 জুন: মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত বুধবাৰে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত নৱনিযুক্ত কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ এই অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত নৱ নিযুক্ত 279 গৰাকী কৰ্মচাৰী উপস্থিত থাকে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভাগীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিভাগৰ বহুকেইজন বিষয়াকে প্ৰমুখ্য কৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি (Orientation Program in Guwahati Kalakshetra) ৷

দক্ষতা, নিযোগ আৰু উদ্যমিতা বিভাগটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ ৷ এই বিভাগটো আগ বাঢ়িলেহে ৰাজ্যৰ লগতে দেশৰ বিকাশ হ’ব ৷ এই মন্তব্য কৰি নৱ নিযুক্ত কৰ্মচাৰীসকলক নিষ্ঠাৰে কাম কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ ৷ অসমৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ এতিয়া বহু আগুৱাই গৈছে ৷ সেয়েহে সকলো দক্ষ হব লাগিব, এতিয়া আৰু ফাইলৰ যুগ নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Orientation Program) ৷

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে আপোনালোকে চাকৰি পালে যিহেতু CL পাম, ছুটি পাম, 10 বজাত আহিব লাগে 12 বজাত আহিলেও হ’ব বুলি ভাবিলে নহ’ব ৷ অতি সোনকালে কোনো এজন কৰ্মচাৰীৰ বদলি নহয় ৷ এক ডেৰ বছৰলৈ বদলিৰ ফাইল নানিব ৷ বদলিৰ কথা মনৰ পৰা আঁতৰাই দিয়ক, প্ৰযোজনত মই নিজেই গৃহ জিলালৈ লৈ আহিম বুলি কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Minister Jayanta Malla Baruah) ৷

সম্ভৱপৰ সকলোকে গৃহ জিলা নাইবা তাৰ ওচৰে-পাজৰে থকা জিলাত নিযুক্তি দিয়া হৈছে ৷ কোনোবা জিলাত পদ নাই বাবেহে অলপ দূৰলৈ যাব লগা হৈছে নিযুক্তি পোৱাসকলে ৷ লগতে তেওঁ কয় যে প্ৰয়োজনত মই জিলাৰ সভাপতিসকলক কৈ দিম, তেওঁলোকে সহায় কৰি দিব ৷ কোনও কামত ফাকি নিদিব, এতিয়া প্ৰযুক্তিবিদ্যা বহুত আগবাঢ়ি গৈছে ৷ কোনে কি কৰি থাকে মই সকলো গম পাই থাকো ৷ দুখীয়া মানুহৰ প্ৰতি আপোনালোকৰ দায়িত্ব আছে ৷ তেওঁলোকৰ কৰ সংগ্ৰহ কৰি পোৱা ৰাজহৰ পৰা আপোনালোকে দৰমহা পাব ৷ সেইবাবে সৎ বিষয়া হিচাপে দুখীয়া সকলৰ প্ৰতি অন্যায় নকৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Jayanta Malla Baruah at Guwahati Kalakshetra) ৷

চাকৰি পায়ে মা-দেউতাক পাহৰিলে নহ’ব, আজিৰ পৰা মা-দেউতাৰ প্ৰতি আপোনালোকৰ দায়িত্ব বৃদ্ধি হ’ল ৷ কিছুদিন পিছতে employment exchange ৰ অফিছসমূহ নোহোৱা হ’ব, এই অফিছত নিযুক্তি পোৱা কৰ্মচাৰী সকলক অন্য কামত লগোৱা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Orientation Program in Guwahati) ৷

লগতে পঢ়ক: Debabrata Saikia in Morigaon: অসমত কংগ্ৰেছে ভবা নাই যে এআইইউডিএফ নাথাকিলে বিৰোধীৰ শক্তি দুৰ্বল হ’ব- দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.