ETV Bharat / state

NHPC Big Dam : ক্ষমতালৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি বিৰোধী ঐক্য মঞ্চৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 6:29 PM IST

ক্ষমতালৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰা হ'ব‌ বুলি বিৰোধী ঐক্য মঞ্চৰ মুখ্য মুখপাত্ৰ অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ এই বিষয়ত ৰাজ্য চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে 15 দলীয় বিৰোধী ঐক্যমঞ্চই মত প্ৰকাশ কৰিছে বুলি কয় তেওঁ ৷

Opposition Unity Forum Press Meet
বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত সংবাদমেল

গুৱাহাটী, 1 নৱেম্বৰ : 2024 চনত কেন্দ্ৰত আৰু পৰৱৰ্তী সময়ত অসমত বিৰোধী দলসমূহৰ ঐক্য মঞ্চ I.N.D.I.A ৰ সহযোগী দল ক্ষমতালৈ আহিলে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰা হ'ব‌ বুলি বিৰোধী ঐক্য মঞ্চৰ মুখ্য মুখপাত্ৰ অখিল গগৈয়ে গুৱাহাটীত বুধবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ হোটেল লিলিত অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ এখন সংবাদমেল সম্বোধন কৰি মুখ্য মুখপাত্ৰ অখিল গগৈয়ে কয় যে বিৰোধী ক্ষমতালৈ আহিলে সমূহীয়া প্ৰভাৱ মূল্যায়ন অধ্যয়ন নোহোৱাকৈ অৰুণাচলত কোনো নতুন বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ কাম যাতে আৰম্ভ কৰা নহয় তাকো নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা হ'ব ৷

তেওঁ ‌কয় যে উত্তৰ অসমৰ আটাইতকৈ ডাঙৰ নদী সোৱণশিৰি নদী মৃত্যুমুখত পৰিলে সোৱণশিৰি উপত্যকা সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব ৷ সোৱণশিৰি নদীত লাখ লাখ মানুহে বালি আৰু শিলৰ লগতে কাঠ সংগ্ৰহ কৰি পৰিয়াল পোহপাল দি আহিছে ৷ জীৱিকাৰ এই প্ৰধান উৎসসমূহ নদীবান্ধে নাইকিয়া কৰি তুলিব বুলি প্ৰতীয়মান হৈছে ৷ আনহাতে বান্ধটো নিৰ্মাণৰ ফলত জৈৱ-বৈচিত্ৰ্যতো সাংঘাতিক ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব ৷ ইতিমধ্যে সোৱণশিৰিৰ মাছবোৰ মৰিবলৈ আৰম্ভ কৰিছে ৷ ৰঙানদীত যেনেকৈ মাছ নাইকিয়া হৈ গৈছে, তেনেকৈ সোনকালেই সোৱণশিৰি নদীতো বিলুপ্তপ্ৰায় শিহু আৰু কেইবাশ প্ৰজাতিৰ মাছ নাইকিয়া হৈ পৰিব বুলি কয় তেওঁ ৷

এনেস্থলত অসমৰ ৰাজ্য চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে 15 দলীয় বিৰোধী ঐক্যমঞ্চই মত প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰাৰ বাবে বিৰোধী ঐক্যমঞ্চই দাবী কৰিছে ৷ একেদৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিব খোজা 164 টা সৰু-বৰ নদীবান্ধৰ সামূহিক প্ৰভাৱ মূল্যায়ন (Cumulative Impact Assessment) অধ্যয়ন নকৰাকৈ কোনো নতুন বান্ধৰ নিৰ্মাণ আৰম্ভ কৰাত অসম চৰকাৰে বাধা প্ৰদান কৰি অসমবাসীৰ নিৰাপত্তাৰ বিষয়টো গুৰুত্ব দিয়াৰ বাবে দাবী জনায় ৷ সংবাদমেলত কংগ্ৰেছৰ নেতা বেদব্ৰত বৰা, অসম তৃণমূল কংগ্ৰেছৰ নেতা দিলীপ কুমাৰ শৰ্মা আদি উপস্থিত আছিল ৷

লগতে পঢ়ক : Protest at Chachal : বণিয়া-পুঁজিপতিক শ শ বিঘা মাটি দিয়া চৰকাৰখনে শিলসাঁকোৰ উচ্ছেদিতক কিয় দিব নোৱাৰে একঠা মাটি ? প্ৰশ্ন উচ্ছেদিতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.