ETV Bharat / state

Clash between Ripun Bora and Bhupen Bora : বিৰোধী ঐক্যৰ তৎপৰতাৰ মাজতে ৰিপুন বৰা আৰু ভূপেন বৰাৰ বাকযুদ্ধ

author img

By

Published : Jun 15, 2023, 1:52 PM IST

বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাৰ সময়তে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰ‍াজনীতি । পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে বিজেপিৰে গোপন সম্পৰ্কৰ অভিযোগ । তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ বিস্ফোৰক অভিযোগৰ প্ৰত্যুত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আন এক বিস্ফোৰক অভিযোগ ।

Opposition unity Ripun Bora and Bhupen Boras war of words
দুয়োটা দলৰ ৰাজ্যিক সভাপতিৰ মাজত চলিছে ব্যাপক বাকযুদ্ধ

গুৱাহাটী, ১৫ জুন : বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হোৱাৰ সময়তে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । বিশেষকৈ বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত নেতৃত্ব দিয়া কংগ্ৰেছ আৰু অসম তৃণমূল কংগ্ৰেছৰ মাজত চলিছে বোকা ছটিওৱাৰ খেল । উল্লেখ্য যে, কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১২ টা বিৰোধী ৰাজনৈতিক দলৰ মাজত শেহতীয়াকৈ অসম তৃণমূল কংগ্ৰেছো চামিল হোৱা দেখা গৈছে ।

কিন্তু শেহতীয়াকৈ দুয়োটা দলৰ ৰাজ্যিক সভাপতিৰ মাজত চলিছে ব্যাপক বাকযুদ্ধ । তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ অভিযোগ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰত্যুত্তৰে ৰাজ্যৰ ৰাজনীতি পুনৰ উত্তাল কৰি তুলিছে । লক্ষণীয় বিষয় যে, বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বিৰোধী দলসমূহে ঐক্যবদ্ধ হোৱাৰ কুচকাৱাজ চলাই থকাৰ বিপৰীতে পৰস্পৰে পৰস্পৰৰ প্ৰতি বোকা ছটিওৱাৰ ৰাজনীতিও আৰম্ভ হৈছে ।

উল্লেখ্য যে, দেওবাৰে নলবাৰী জিলাত হোৱা এখন ৰাজহুৱা সভাত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কক তিনি কোটি টকা দিয়া বুলি বিস্ফোৰক অভিযোগ কৰিছিল । কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজন ৰাজ্যসভাৰ প্ৰাৰ্থী হৈ নিজ দলৰ বিধায়কক ভোট লাভৰ বাবে ধন দিয়াৰ কথা স্বীকাৰ কৰি অভিযোগ কৰিছিল যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ বিজেপিৰ বি টীম ।

ৰাজ্যসভা নিৰ্বাচনতে কংগ্ৰেছ, এ আই ইউ ডি এফৰ বিধায়ক আৰু সাংসদে বিজেপিৰ পৰা টকা লৈছিল বুলিও ৰিপুন বৰাই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল । ৰিপুন বৰাৰ অভিযোগৰ পাচতে সোমবাৰে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে ঘোচ লোৱাজন যেনেদৰে অপৰাধী দিয়াজনো সমানে অপৰাধী । গতিকে যদি ৰিপুন বৰাই ভোট লাভ কৰিবলৈ কাৰোবাক টকা দিছিল তেন্তে ৰিপুন বৰা অপৰাধী । যদি ৰিপুন বৰাৰ মূল্যবোধৰ ৰাজনীতিৰ ওপৰত বিশ্বাস আছে, তেন্তে কাক কেনেকৈ টকা দিছিল সেই কথা মুকলিকৈ কওক বুলি ভূপেন বৰাই প্ৰত্যাহ্বান জনায় ।

ইফালে কংগ্ৰেছ বিজেপিৰ বি টীম বুলি তৃণমূল কংগ্ৰেছৰ সভাপতিজনে কৰা অভিযোগৰ প্ৰত্যুত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে তেওঁ অসমৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকাৰ সময়ত মমতা বেনাৰ্জী পশ্চিম বংগ যুৱ কংগ্ৰেছৰ সভাপতি আছিল । তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক ভূপেন বৰাই ভালদৰে জানে বুলি উল্লেখ কৰে । কংগ্ৰেছক বি টীম বুলি ৰিপুন বৰাই কৰা অভিযোগৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কয় যে অটল বিহাৰী বাজপেয়ী চৰকাৰ থকাৰ সময়ত মমতা বেনাৰ্জী ৰে’ল মন্ত্ৰী আছিল ।

উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত দাৰ্জিলিঙত পশ্চিম বংগৰ সেই সময়ৰ ৰাজ্যপালৰ লগত মমতা বেনাৰ্জীয়ে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল । নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিয়াৰ পৰিৱৰ্তে ভোটদানৰ পৰা বিৰত থাকি বিজেপিৰ প্ৰাৰ্থীক তৃণমূল কংগ্ৰেছে জয়লাভ কৰাৰ পথ খুলি দিছিল । বিজেপিৰ লগত প্ৰকৃততে কোনে সম্পৰ্ক ৰক্ষা কৰি চলে সেই কথা মুকলিকৈ কোৱাৰ আৱশ্যক নাই বুলি ভূপেন বৰাই মন্তব্য কৰে ।

ইফালে বিৰোধী ঐক্যৰ প্ৰচেষ্টা চলি থকাৰ সময়ত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ ভূমিকাক সন্দেহ প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে তেওঁৰ ভূমিকা আৰম্ভণিৰ পৰাই লক্ষণীয় । দুদিনৰ আগলৈ বিৰোধী দলৰ দলপতিৰ নেতৃত্বত যোৱা বিৰোধী দলসমূহৰ লগত টি এম চিৰ নেতাজন চামিল হৈ ৰাজ্যপালক সাক্ষাৎ কৰিছে আৰু এতিয়া কথাৰ সুৰ সলাইছে ।

উল্লেখ্য যে, ৰিপুন বৰাই শেহতীয়াকৈ কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১১ টা ৰাজনৈতিক দলত চামিল হৈ ৰাজ্যপালক সাক্ষাৎ কৰি অসমৰ কেইবাটাও সমস্যা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিছিল । বিৰোধী ঐক্যক শক্তিশালী কৰাৰ বিপৰীতে ৰিপুন বৰাই বোকা ছটিওৱাৰ ৰাজনীতি কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

বাকী বিৰোধী দলসমূহে এইক্ষেত্রত কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । এটা সময়ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি তুংগত আছিল । অৱশ্যে এতিয়াও সেয়া কম-বেছি পৰিমাণে অব্যাহত আছে বিৰোধী ঐক্যত নাই এ আই ইউ ডি এফ দল ।

লগতে পঢ়ক : SI Junmoni Rabha death case : জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ৪ টা গোচৰলৈ তদন্তত চি বি আইৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.