ETV Bharat / state

Constituency delimitation: হিমন্ত বিশ্ব শৰ্মাৰ নতুন গুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; ভূপেন বৰা

author img

By

Published : Jul 20, 2023, 9:40 AM IST

Updated : Jul 20, 2023, 10:05 AM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈকে ধৰি বহুকেইগৰাকী নেতা ৷

Opposition Leaders Meeting in Guwahati
সমষ্টি পুনৰ নিৰ্ধাৰণ
বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, 20 জুলাই : লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী ৷ তেনে সময়তে শাসকীয় দল বিজেপিৰ সমানে সমানে অন্যান্য ৰাজনৈতিক দল সমূহৰ মাজতো দেখা পোৱা গৈছে বিশেষ তৎপৰতা ৷ 24 ত বিজেপিক প্ৰতিহত কৰিবলৈ এক হৈছে বিৰোধী ৰাজনৈতিক দলসমূহ ৷ বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ য’ত লোকসভা নিৰ্বাচনকে ধৰি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আলোচনাত মিলিত হয় বিৰোধী দলসমূহে ৷ বৈঠকত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈকে ধৰি বহুকেইগৰাকী নেতা ৷

বৈঠকৰ অন্তত ভূপেন বৰাই কয় যে 12 টা ৰাজনৈতিক দলৰ সন্মিলিত মঞ্চৰ সিদ্ধান্ত আছিল যে, নিৰ্বাচন আয়োগক নিজৰ ৰাজনৈতিক দল তৰফৰ পৰাও লগ কৰিব আৰু সমূহীয়া ভাৱেও লগ কৰিব ৷ যিহেতু সমূহীয়াভাৱেও লগ কৰা হ’ব, সেয়েহে এই ক্ষেত্ৰত যাতে আটাইৰে সহমত হয় তাৰ বাবে এই বৈঠক আয়োজন কৰা হ’ল ৷ তেওঁ কয় যে, আমি অত্যন্ত সুখী, কেইদিনমান পূৰ্বে বাংগালুৰুৰ অধিৱেশনত গঠন হোৱা ইণ্ডিয়াত আপৰ নেতা কেজৰিৱালে অংশগ্ৰহণ কৰিছে ৷ আৰু কেন্দ্ৰীয় নেতৃত্বৰ এই সিদ্ধান্তৰ প্ৰতি সন্মান জনাই অসমৰ আপৰ নেতা ভৱেন চৌধুৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিছে ৷ গতিকে আমি একেলগে কাম কৰিবৰ বাবে সংকল্প লৈছো; আমি একেলগে কাৰ্যসূচী আগুৱাই নিম ৷ ইফালে গুৱাহাটীৰ মাজ মজিয়াত কোনো এক সুবিধাজনক স্থানত বিৰোধী ঐক্য মঞ্চৰ এটা কাৰ্যালয় স্থাপন কৰা সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰদেশকংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

কংগ্ৰেছ নেতা ভূপেন বৰাই কয় যে, মুখ্যমন্ত্ৰীয়ে ইণ্ডিয়া নহৈ ভাৰত হ'ব লাগিছিল বুলি দুখ প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাই ভূপেন বৰাই কয় যে, তেখেতৰ মনৰ এই কথাটো তেখেতৰ নতুন গুৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক’ব লাগে ৷ তেখেতে মোদী ডাঙৰীয়াক ক’ব লাগে যে, মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যি কেইখন আঁচনি লৈছিল; স্কীল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া এইবিলাকৰ নাম সলনি কৰিব লাগে ৷ ভূপেন বৰাই আৰু কয় যে, বাজপেয়ী ডাঙৰীয়াই 2009 চনত যেতিয়া নিৰ্বাচন খেলিছিল তেতিয়া তেঁওলোকৰ মূল বিষয়বস্তুটো আছিল ইণ্ডিয়া শ্বাইনিং ৷ সেই সময়ত মোদী ডাঙৰীয়াই বাৰে বাৰে শ্ল’গান দিছিল ভোট ফ’ৰ ইণ্ডিয়া ৷ গতিকে আমিও এতিয়া সেইটোকেই কৈ আছোঁ যে, 2024 ভোট ফ’ৰ ইণ্ডিয়া ৷

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি, তথা বিধায়ক অখিল গগৈয়ে কয় যে, এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ অসাংবিধানিক ভাৱে হৈছে ৷ ভাৰতীয় সংবীধানৰ অনুচ্ছেদ 81 আৰু 170ত স্পষ্ট ৰূপত সমষ্টি পুনৰ নিৰ্ধাৰণ কেনেকৈ হ’ব লাগে তাক সংজ্ঞাবদ্ধ কৰা আছে ৷ কিন্তু এতিয়া এই দুয়োটা অনুচ্ছেদক অস্বীকাৰ কৰি ভৰতীয় নিৰ্বাচনী আয়োগে বিজেপিক সহায় কৰিবৰ কাৰণে, শাসক শ্ৰেণীক সহায় কৰিবৰ কাৰণে ডেনচিটি অব পপুলেশ্যন বুলি এটা নতুন থিয়ৰী আনিছে যিটো অসাংবিধানিক ৷ গতিকে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 81 আৰু 170 যেতিয়ালৈকে সংশোধন নকৰিব, সংশোধন কৰাৰ পাছতহে তেওঁলোকে এনেদৰে নতুন থিয়ৰী আনি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পাৰে বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, আমি 12টা দলে নিজৰ স্থিতি স্পষ্ট ৰূপত কৈছো ৷ সংবাধানত এই সন্দৰ্ভত যি উল্লেখ আছে তাৰ ওপৰত ভিত্তি কৰি কৈছো ৷ গতিকে অসমৰ জনসাধাৰণ স্পষ্ট যে, আমি কোনটো দৃষ্টিভংগীৰে ক’ব খুজিছো ৷ এই বিষয়ৰ লগত আমাৰ কোনো ব্যক্তিগত, ৰাজনৈতিক দল ইত্যাদি স্বাৰ্থ জড়িত হৈ থকা নাই ৷ যিহেতু ইয়াত অসমৰ সাধাৰণ জনগণ, অসমীয়া মানুহ, খিলঞ্জীয়া, ভূমিপুত্ৰৰ স্বাৰ্থ জড়িত হৈ আছে; গতিকে তেওঁলোকক সুৰক্ষাৰ বাবে মাত মাতিছো ৷

এই প্ৰক্ৰিয়াটো যেতিয়া অসাংবিধানিক হ’ব, সাম্প্ৰদায়িক হ’ব, সাংবিধানিক কথাক অওকাণ কৰিব তেতিয়া নিশ্চয়কৈ আমাৰ বিৰোধিতা থাকিব ৷ লগতে তেওঁ কয় যে, NRCৰ কথা আমি কৈ অহাই নহয় এইটো সত্য ৷ উচ্চ ন্যায়ালয়, কেন্দ্ৰীয় ন্যায় মন্ত্ৰালয়ৰ গেজেট নটিফিকেশ্যনত স্পষ্ট ৰূপত কোৱা হৈছে যে, NRC সম্পূৰ্ণ নোহোৱাকে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব নালাগে ৷ গতিকে এই সকলোবোৰ আইনী, সাংবিধানিক কথাৰ ওপৰত ভিত্তি কৰি আমি সকলোবোৰ কথা যুক্তিৰে কৈছো ৷ আৰু আজিও আমি আমাৰ স্থিতিত অটল হৈ আছো বুলি মন্তব্য কৰে অজাপৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: Constituency Delimitation: নিৰ্বাচন আয়োগৰ শুনানিত আছুৱে দাঙি ধৰিলে নিজৰ দৃষ্টিভংগী

Last Updated : Jul 20, 2023, 10:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.