ETV Bharat / state

Debabrat saikia Letter : বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পত্রক লৈ প্ৰদেশ কংগ্ৰেছত জোকাৰণি - Assam Congress

নিষ্ঠাবান কৰ্মীক উপেক্ষা কৰাক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ ৷ দলটোৰ বিভিন্ন সমিতিক লৈ অসন্তুষ্টি ব্যক্ত (Debabrat saikia Letter)। দলৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত নিষ্ঠাবান কৰ্মীক বঞ্চিত কৰাৰ অভিযোগ । প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ তালিকাত আশা কৰা বিভিন্ন জিলাৰ বহু ব্যক্তিৰ নাম নাই । দলৰ ভিতৰচ'ৰাত চলি থকা স্বজন-তোষণৰ কথা ব্যক্ত কৰিলে পত্ৰখনে । ব্যক্ত কৰিলে দলত থকা ক্ষোভ আৰু অসন্তুষ্টিৰ কথা ।

Debabrat saikia Letter
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পত্র
author img

By

Published : Feb 15, 2023, 7:43 PM IST

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ আভ্যন্তৰীণ কন্দলৰ পৰা মুক্ত হ'ব পৰা নাই প্ৰদেশ কংগ্ৰেছ (Infighting in Assam Congress)। একেৰাহে ১৫ বছৰ শাসনত থকা দলটোৱে ক্ষমতা হেৰুওৱাৰ পাচৰে পৰা কেৱল বিতৰ্ক আৰু সংঘাতত নিমজ্জিত হৈ আছে । এটাৰ পাছত আনটোকৈ নিৰ্বাচনত পৰাজয়ৰ সন্মূখীন হোৱা দলটোৱে অন্তৰ্কন্দলৰ বাবে মূৰ দাঙি উঠিব পৰা নাই ।

প্ৰতিটো ক্ষেত্ৰতে কেৱল মাথো সংঘাত আৰু বিসম্বাদ । কেতিয়াবা যদি দলীয় নেতা-কৰ্মীয়ে দলৰ বিৰুদ্ধে অৱস্থান কৰিছে, আন কেতিয়াবা আকৌ দলত থাকিয়েই একাংশ সাংসদ, বিধায়ক তথা নেতাই দলটোক ক্ষতি কৰাত হাত উজান দিছে । এইসকল নেতাৰ কৰ্ম-কাণ্ড সকলোৰে সন্মুখত স্পষ্ট হৈ পৰাৰ পাচত এতিয়া দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে কাক বিশ্বাস কৰিব, কাক নকৰিব তাক লৈ বিবুধিত পৰিছে ।

তেনে এক সময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এখন পত্ৰই জোকাৰিছে কংগ্ৰেছক । দলটোৰ সভাপতি ভূপেন কুমাৰ বৰালৈ লিখা পত্ৰখনত দেৱব্ৰত শইকীয়াই দলটোৰ বিভিন্ন সমিতি গঠনত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে (Debabrat saikia Letter to Bhupen Borah)। দলৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত নিষ্ঠাবান কৰ্মীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে এই পত্ৰখনত ।

ভূপেন কুমাৰ বৰালৈ (APCC President Bhupen Borah) দিয়া পত্ৰখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, ‘‘যোৱা দুদিনমান দলীয় বিভিন্ন সতীৰ্থসকলৰ যোগাযোগ আৰু পৰৱৰ্তী সময়ত আপোনাৰ লগত হোৱা মোৰ কথা-বার্তাৰ পৰৱর্তী সময়ত কেইটামান কথা এই পত্ৰযোগে আপোনাক অৱগত কৰিবলৈ বিচাৰিছো । মই আনুষ্ঠানিকভাৱে মাত্ৰ ১৯৯১ চনতহে কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছৰ বিষয়বাবৰ যোগেদি দলীয় কাৰ্যকর্তা হিচাবে আত্মপ্ৰকাশ কৰাৰ সুযোগ পাইছিলোঁ । যদিও দলৰ বিভিন্ন সভা-সমিতিত ইয়াৰ পূৰ্বৰে পৰা অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলো, বিধায়িনী নিৰ্বাচনত মোৰ মনত পৰাকৈ ১৯৭৭ চনৰ পৰাই অর্থাৎ ছাত্ৰাৱস্থাৰ পৰাই দলীয় প্ৰচাৰত অংশগ্ৰহণ কৰি আহিছো ।’’

তেওঁ (Opposition Leader Debabrat Saikia) লগতে কয়, ‘‘শেহতীয়াকৈ কিছুদিন ধৰি আমাৰ দলৰ বিভিন্ন পদবীৰ বাবে অর্থাৎ দলৰ বিভিন্ন সমিতিসমূহ গঠন হওতে বিভিন্নধৰণৰ মন্তব্য বিভিন্নজনে দিয়া পৰিলক্ষিত হৈছে । এইবাৰৰ সমিতি গঠনৰ বেলিকাও খুউব সম্ভৱ এবছৰমান পূৰ্বে দলীয় হাইকমাণ্ডে মোৰ পৰা কেতবোৰ নাম বিচাৰিছিল আৰু মই সেই নামখিনি দিছিলো । কিন্তু ম‍ই অনিচ্ছাস্বত্বেও নাম দিছিলো, যিহেতু মোৰ মনত এটা বিশ্বাস আছিল যে দলৰ শীর্ষ নেতাসকলে দলীয় কাম-কাজত আত্মনিয়োগ কৰা দলীয় নীতি-আদৰ্শৰ প্ৰতি নিষ্ঠা ৰখাসকলকহে আসন দিব । কিন্তু শেহতীয়াকৈ ঘোষণা হোৱা প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ তালিকাত মই আশা কৰা বিভিন্ন জিলাৰ বহু ব্যক্তিৰ নাম দেখা পোৱা নাই ।’’

তেওঁ কয়, ‘‘যোৱা সময়ছোৱাত দলৰ এজন দায়িত্ব থকা ব্যক্তি হিচাবে বিভিন্ন জিলালৈ দলীয় কাৰ্যসূচীত গৈছো আৰু সেইসূত্ৰে বিভিন্নজনৰ লগত চিনাকী-পৰিচয় হৈছে । এইবাৰৰ তালিকাখনত মই উল্লেখ কৰাৰ দৰে বহুকেইজন জিলা পৰ্যায়ৰ বিষয়ববীয়াক তেওঁলোকৰ কামৰ তীব্ৰতা বঢ়াবলৈ ৰাজ্যিক পৰ্যায়ত স্থান দিব পৰা গ'লহেতেন ৷ দলৰ ভাল দিনত দল-সংগঠন কৰা আৰু দলৰ বেয়া দিনত দলক সমৰ্থন কৰা অথবা দলত যোগদান কৰা সকলৰ প্ৰতি আমি গুৰুত্ব দিয়া উচিত ৷ মই দুটামান উদাহৰণ দিব বিচাৰোঁ, কিন্তু চাবলৈ গ’লে বহু উদাহৰণ দিব পাৰি ৷’’

উদাহৰণ দাঙি ধৰি তেওঁ কয়, ‘‘দণ্ডী সোণোৱাল যুৱ কংগ্ৰেছৰ আমাৰ সহকৰ্মী আছিল । পৰৱৰ্তী সময়ত তেওঁ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদটো অধিষ্ঠিত হৈছিল । কিন্তু দুর্ভাগ্যজনকভাবে আমাৰ দিনত গঠন হোৱা কুৰিখনতকৈ অধিক স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ণ পৰিষদৰ নেতা-কৰ্মীসকলে ৰাতিটোৰ ভিতৰতে যেতিয়া নিজৰ ৰং সলাই শাসকীয় পক্ষ অর্থাৎ নতুনকৈ গঠন হোৱা বিজেপিৰ পক্ষত গুছি গৈছিল সেইখিনি সময়ত কিন্তু একমাত্ৰ দণ্ডী সোণোৱালে আমাৰ দলৰ প্ৰতি আস্থা ৰাখি আমাক সহযোগিতা আগবঢ়াই গ'ল । তেওঁ যোৱা সময়চোৱাত দলীয় কাৰ্যসূচীৰ বাবে প্ৰদেশ কংগ্ৰেছে দিয়া সম্পাদকৰ দায়িত্ব মোৰ জিলা আৰু অন্যান্য অঞ্চলত নিষ্ঠাৰে পালন কৰা মই দেখি আহিছিলো । আনকি শেহতীয়াকৈ ভাৰত জোড়ো যাত্ৰা অসমত সমাপ্তি হোৱাৰ এদিন পূৰ্বেও তেওঁ তিনিচুকীয়াত এখন সভাৰ আয়োজন কৰিছিল, য'ত আপুনি মই আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকল উপস্থিত আছিলো । কিন্তু এইবাৰ সমিতিত তেওঁৰ অন্তৰ্ভুক্তি নোহাৱা কথাটোৱে তেওঁৰ মনত দুখ দিছে আৰু মোক তেওঁ কথাটো অৱগত কৰিছে ।’’

তেওঁ লগতে কয়, ‘‘অনুৰূপ ধৰণেৰে শৈলেন সোণোৱালে যোৱা নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ ধেমাজি বিধানসভা সমষ্টিৰ প্ৰার্থী আছিল । ইয়াৰ পূৰ্বে যেতিয়া ধেমাজিত ২০১৬ চনত প্ৰথম উপ-নিৰ্বাচন হৈছিল, সেই সময়তে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ বিষয়বাব ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছিল । আমাৰ দলত যোগদান কৰাৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত ৰাজ্যিক উপ-সভাপতি, ধেমাজী জিলাৰ সভাপতি আদি দায়িত্বত আছিল ।’’

তেওঁ কয়, ‘‘শাসকীয় দলৰ লগত মতানৈক্য হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে আৰু দলৰ বিভিন্ন কাৰ্যসূচীত সহযোগিতা আগবঢ়াই আহিছে । তেখেতে যিহেতু অন্য এটা ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক উপ-সভাপতি আছিল, সেয়েহে প্ৰথমৰ পৰা শৈলেন সোণোৱালক কিছু গুৰু দায়িত্ব দিবলৈ দলৰ নেতাসকলক মই অনুৰোধ জনাই আহিছিলো । কিন্তু যোৱা ৭ বছৰ ধৰি তেখেতক সম্পাদকৰ দায়িত্বতে ৰখা হৈছে । তেওঁতকৈ পাচত যোগদান কৰা আৰু তলৰ পৰ্যায়ত অন্য দলত থকা অথবা কোনো দলতে নথকা ব্যক্তিয়েও সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ।’’

পত্ৰখনৰ জৰিয়তে দেৱব্ৰত শইকীয়াই লগতে কয়, ‘‘অসমৰ বিভিন্ন জনজাতিসমূহৰ ভিতৰত এই সোণোৱাল কছাৰী জনজাতি ৰাজনৈতিকভাবে যথেষ্ট অগ্ৰগামী । তেওঁলোকৰ জনজাতিৰ সৰ্বানন্দ সোণোৱাল দ্বিতীয়জন মুখ্যমন্ত্ৰী ৷ গতিকে আমাৰ দলৰ এই জনগোষ্ঠীৰ এজন বিষয়ববীয়াই দায়িত্ব নোপোৱাটো আমাৰ দলৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ৷’’

আক্ষেপ প্ৰকাশ কৰি তেওঁ লগতে কয়, ‘‘আনহাতে ১৯৯৬ চনত যেতিয়া কংগ্ৰেছৰ অসমত বেয়া দিন চলিছিল, সেই সময়ত ৰমন ঝা গণেশগুৰিৰ পাইকাৰী ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক আছিল আৰু সেই সূত্ৰে গুৱাহাটী ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ বিভিন্ন বিষয়ববীয়াই বিভিন্ন সময়ত দলীয় কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ প্ৰয়োজন হোৱা বিভিন্ন সহায়-সহযোগিতা ৰমন ঝাৰ পৰা নিয়মীয়াকৈ সংগ্ৰহ কৰিছিল । এয়া লাগে আৰ্থিক সহায় হওক অথবা অন্য সামগ্ৰীৰূপে হওক । সেয়েহে ৰমন ঝাকো দলীয় কিছু গুৰু দায়িত্ব দিয়া হ'লে নিশ্চিতভাৱে দল উপকৃত হ'লহেতেন ৷ ইয়াৰ উপৰিও তেওঁ মৈথেলী সমাজ অসমৰ প্ৰাক্তন সভাপতি আৰু এতিয়াও কেইবাটাও হিন্দী ভাষী ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত ।’’

তেওঁ কয়, ‘‘লগতে মই ভাস্কৰন গোহাঁই নামৰ এজন গুৱাহাটীৰ যুৱকৰ উদাহৰণ দিবলৈ বিচাৰো । ভাস্কৰন গোহাঁই গুৱাহাটী জিলা যুৱ কংগ্ৰেছত ১৯৯৯ চনৰ পৰা বহুদিন ধৰি সভাপতি হৈ আছিল । পৰৱৰ্তী সময়ত প্ৰদেশ যুৱ কংগ্ৰেছৰ বিষয়ববীয়াও আছিল । ইয়াৰ উপৰিও তেওঁ সদৌ অসম অন্যান্য পিছপৰা সম্প্ৰদায়ৰ একেৰাহে ১৮ বছৰ যুৱ সম্মিলনীৰ সভাপতি হিচাবেও গোটেই অসমৰ অন্যান্য পিছপৰা যুৱকসকলৰ লগত সাংগাঠনিক কামত জড়িত আছিল । কিন্তু পৰৱর্তী সময়ত তেওঁক আমাৰ দলৰ কোনো ধৰণৰ কাম-কাজত জড়িত কৰা হোৱা নাই । গতিকে তেওঁক জড়িত কৰিলে নিশ্চয়কৈ আহোমকে আদি কৰি ছয় জনগোষ্ঠীৰ আৰু অন্যান্য জনগোষ্ঠীৰ মাজত আমি কাম কৰাৰ অধিক সুযোগ পালেহেতেন ।’’

যোগ্যজনক উপযুক্ত স্থান নিদিয়াত অসন্তুষ্টি ব্যক্ত কৰি তেওঁ কয়, ‘‘ইয়াৰ লগতে নলবাৰী, শিৱসাগৰ আৰু অন্যান্য আদি জিলাৰ কর্মী, যিসকলে দলৰ বাবে যোৱা সময়চোৱাত জিলাসমূহত অন্যান্য কাম কৰিছে তেওঁলোকৰ দুই-তিনিজন ব্যক্তিকো দায়িত্ব দিব পৰা হ'লে নিশ্চিতভাবে সংগঠন অধিক দৃঢ় হ'লহেতেন ৷ প্ৰয়োজন সাপেক্ষে যোৱা সময়চোৱাত কাম কৰাৰ সুযোগ পোৱা কিন্তু ভালধৰণেৰে কাম নকৰা কিছু বিষয়ববীয়াক ৰাজ্যিক দায়িত্বৰ পৰা অব্যাহতি দি জিলা অথবা বিভিন্ন বিভাগৰ দায়িত্ব অর্পন কৰিব পৰা গ'লহেতেন । কথাখিনি অসমৰ বিভিন্ন অঞ্চলৰ কেতবোৰ ব্যক্তিয়ে এই সন্দৰ্ভত আপোনাক অৱগত কৰাবলৈ জনোৱাৰ বাবে আজি মই এই পত্ৰৰ জৰিয়তে জনালোঁ ।’’

বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ লিখা পত্ৰখনে দলৰ ভিতৰচ'ৰাত চলি থকা স্বজন-তোষণৰ কথা স্পষ্টৰূপত ব্যক্ত কৰিলে । লগতে ব্যক্ত কৰিলে দলত থকা ক্ষোভ আৰু অসন্তুষ্টিৰ কথা । এইক্ষেত্ৰত ভূপেন বৰাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: Nagaland Assembly Election 2023: হত্যাৰ অভিযুক্তয়ো প্ৰতিদ্বন্দিতা কৰিব নাগালেণ্ড বিধানসভা নিৰ্বাচনত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.