ETV Bharat / state

ৰিপুণ বৰাক সুবিধাবাদী আখ্যা দেৱব্ৰত শইকীয়াৰ

দেওবাৰে কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই (Ripun Bora Quits Congress)৷ যাক লৈ ৰাজ্যৰ ৰাজনীতিত এক জোঁকাৰণিৰ সৃষ্টি হয় ৷ ৰিপুণ বৰাৰ কংগ্ৰেছ ত্যাগৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

Ripun Bora Quits Congress
ৰিপুণ বৰাক সুবিধাবাদী আখ্যা দিলে দেৱব্ৰত শইকীয়াই
author img

By

Published : Apr 17, 2022, 10:49 PM IST

গুৱাহাটী, ১৭ এপ্ৰিল: ৰিপুণ বৰাৰ দৰে এজন জ্যেষ্ঠ নেতাই কংগ্ৰেছ এৰি থৈ দেওবাৰে কলকাতাত সপত্নীক তৃণমূল কংগ্ৰেছত যোগ দিয়া কাৰ্যই এক প্ৰকাৰ চমক খুৱাই দিছে ৰাজ্যৰ কংগ্ৰেছ দলক (Ripun Bora Quits Congress)। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই একমুখে ৰিপুণ বৰাক এজন সুবিধাবাদী চৰিত্ৰৰ লোক বুলি আখ্যা দিছে । দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দলে তেওঁক সকলোখিনি দিয়াৰ পিছতো দলৰ বিপদৰ সময়ত এইদৰে কংগ্ৰেছ এৰি থৈ আন দলত যোগদান কৰা কাৰ্যই তেওঁৰ সুবিধাবাদী চৰিত্ৰটোকেই উদঙাই দিলে (Debabrat Saikia reacts on Ripun Bora joining TMC )।

ৰিপুণ বৰাক সুবিধাবাদী আখ্যা দিলে দেৱব্ৰত শইকীয়াই

বিৰোধী দলপতিগৰাকীয়ে আৰু কয় যে, এই কংগ্ৰেছ দলেই তেওঁক বিধায়ক পাতিছিল, মন্ত্ৰী হোৱাৰ সুবিধা দিছিল, সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছিল । আনকি তেওঁৰ পত্নীকো এই কংগ্ৰেছ দলেই বিধায়ক হোৱাৰ সুযোগ দিছিল । এতিয়া কংগ্ৰেছৰ দিন অলপ বেয়া হোৱাৰ বাবেই নিজৰ সুবিধাবাদী চৰিত্ৰ প্ৰকট কৰি ৰিপুণ বৰাই দল এৰি আন দলত যোগ দিলে । বিগত ৰাজ্যসভা নিৰ্বাচনতো আনকি দলে তেওঁক দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব দিছিল আৰু তেওঁক পুণৰ জয়ী কৰি পঠিয়াবলৈও দলে আপ্ৰাণ চেষ্টা চলাইছিল ।

ৰিপুণ বৰাৰ দল ত্যাগে কংগ্ৰেছক দূৰ্বল কৰিব নোৱাৰে বুলি মন্তব্য কৰি বিৰোধী দলপতি গৰাকীয়ে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলক মনোবল নেহেৰুৱাবলৈও আহ্বান জনায় । উল্লেখযোগ্য যে ৰিপুণ বৰাই দেওবাৰৰ দিনটোতে কংগ্ৰেছ ত্যাগ কৰি দলৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাৰ অক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । পদত্যাগ প্ৰেৰণ কৰিয়েই এক মুহূৰ্তও বিলম্ব নকৰি কলকাতাত পত্নী মনিকা বৰা সহিতে যোগদান কৰে তৃণমূল কংগ্ৰেছত ।

লগতে পঢ়ক: কংগ্ৰেছ এৰি তৃণমূলত যোগদান ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.